ETV Bharat / state

অৱশেষত আৰক্ষীৰ জালত আৱদ্ধ হ’ল ধুৰন্ধৰ মানস চলিহা

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 3:30 PM IST

Manash Chaliha: অৱশেষত আৰক্ষীৰ জালত আৱদ্ধ হ’ল মানস চলিহা ওৰফে ‘ঘোঁৰা’ ৷ অন্তহীন প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ঘোঁৰাক গ্ৰেপ্তাৰ কৰিলে পশ্চিম বংগ আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ এটা দলো ৰাওনা হৈছে ‘ঘোঁৰা’ক চমজি ল’বলৈ ৷

Manash Chaliha
মানস চলিহা

গুৱাহাটী, 3 ফেব্ৰুৱাৰী: অৱশেষত আৰক্ষীৰ জালত পৰিল শেহতীয়াকৈ পোহৰলৈ অহা ৰাজ্যৰ অন্যতম কলংকিত যুৱক মানস চলিহা ওৰফে ঘোঁৰা ৷ আলফা(স্বা)লৈ আৰক্ষীৰ হৈ গুপ্তচৰ প্ৰেৰণৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতে ইটোৰ পিচত সিটো কেলেংকাৰীৰ অধ্যায়ৰ খোল খোৱা দেৰগাঁৱৰ মিঃ নটৱৰলাল মানস চলিহাক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৷

শনিবাৰে আলিপুৰ দুৱাৰৰ পৰা পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সীমাহীন অভিযোগত অভিযুক্ত মানস চলিহাক ৷ গ্ৰেপ্তাৰৰ পিচত আজিৰ দিনটোতে আলিপুৰ দুৱাৰ আদালতত হাজিৰ কৰোৱা হ’ব ‘ঘোঁৰা’ক ৷ আদালতত হাজিৰ কৰোৱাৰ পিচতে গুৱাহাটী মহানগৰ আৰক্ষীয়ে শীঘ্ৰেই ট্ৰেনজিট ৰিমাণ্ডত ল’ব ৷ ইতিমধ্যে গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ এটা দল ৰাওনা হৈছে পশ্চিম বংগলৈ ৷

গুৱাহাটী মহানগৰত ভিন্ন থানাত মানস চলিহা নামৰ ধুৰন্ধৰটোৰ বিৰুদ্ধে ৰুজু হৈ আছিল প্ৰৱঞ্চনাৰ কেবাটাও গোচৰ ৷ ইয়াৰে অন্যতম দিছপুৰ থানাত ৰুজু হৈ থকা 1361/22 নম্বৰৰ গোচৰৰ ভিত্তিত কালিৰে পৰা মহানগৰ আৰক্ষীয়ে ‘ঘোঁৰা’ৰ বিৰুদ্ধে চলাই আছিল অভিযান ৷ আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা দেখা পাই বহিঃৰাজ্যলৈ পলায়ন কৰিবলৈ চেষ্টা কৰা মানস চলিহাক শনিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল আৰক্ষী ৷

উল্লেখ্য যে প্ৰদীপ কুমাৰ মেধি নামৰ এগৰাকী লোকৰ পৰা ২০২২ তে ৮.৫ লাখ টকা লুটিছিল মানস চলিহাই । সেই সন্দৰ্ভত ভুক্তভোগী প্ৰদীপ মেধিয়ে দিছপুৰ থানাত দাখিল কৰিছিল প্ৰৱঞ্চনাৰ গোচৰ । সেই সময়ত গোচৰটোৰ তদন্ত হোৱা নাছিল যদিও এই গোচৰটোৰ ফাইল খোল খাইছে ।

জনৈক প্ৰদীপ কুমাৰ মেধি নামৰ লোকজনে চাকৰি ৰিজাইন দি ব্যৱসায় কৰিম বুলি থিৰাং কৰিছিল । তেনে সময়ত ফেচবুকযোগে মানস চলিহাৰ সৈতে চিনাকি হৈছিল মেধিৰ । লোকজনে আলুৰ ব্যৱসায় কৰাৰ প্ৰলোভনত ভোল গৈ ৮.৫ লাখ টকা মানস চলিহাক দিলে যদিও সেই আলুৰ ব্যৱসায়ো আৰম্ভ নহ’ল, টকাও ঘূৰাই নাপালে ৷ ফলত আৰক্ষীৰ কাষ চাপিছিল লোকজন ৷ উক্ত গোচৰটোৰ সন্দৰ্ভত অতদিনে আৰক্ষীয়ে তদন্ত কৰা নাছিল যদিও শেহতীয়াকৈ মানস চলিহাৰ বিৰুদ্ধে কেবাটাও অভিযোগ উত্থাপিত হোৱাৰ পিচতে পুৰণি ফালইটোৰ গাঁঠি খুলিলে আৰক্ষীয়ে ৷

কেৱল সিমানেই নহয়, মানস চলিহা নামৰ ধুৰন্ধৰটোৱে এগৰাকী প্ৰবাসী অসমীয়া মহিলাৰ পৰা ৫০ হাজাৰ টকা প্ৰৱঞ্চনাৰে লুট কৰাৰো গুৰুতৰ অভিযোগ উঠিছে । ইপিনে প্ৰদীপ কুমাৰ মেধি এজন লোকৰ পৰাও ৮.৫ লাখ টকা প্ৰৱঞ্চনাৰে লুটিছিল মানস চলিহাই । এনে বহু অভিযোগত অভিযুক্ত দেৰগাঁৱৰ মানস চলিহা ৷

উল্লেখ্য যে আলফা(স্বা)ৰ কেম্পত বন্দী হৈ থকা মানস বৰগোহাঁই নামৰ যুৱকজনে প্ৰথমে মুখা খুলিছিল মানস চলিহাৰ ৷ আলফা(স্বা)লৈ আৰক্ষীৰ গুপ্তচৰ হিচাবে যুৱক-যুৱতী পঠিওৱাৰ অভিযোগ উত্থাপিত হৈছিল মানস চলিহা ওৰফে ঘোঁৰাৰ বিৰুদ্ধে ৷ ইয়াৰ পিচতে এটা এটাকৈ মানস চলিহাৰ অধ্যায় খোল খাবলৈ আৰম্ভ কৰে ৷ অৱশেষত আৰক্ষীয়ে ‘ঘোঁৰা’ক গ্ৰেপ্তাৰ কৰে শনিবাৰে ৷

লগতে পঢ়ক: অসমীয়া যুৱতীক যৌন প্ৰশিক্ষণ দিয়ে মানস চলিহাই; মানস বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.