ETV Bharat / state

নগাঁৱত বসুন্ধৰা 2.0 ৰ অধীনত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 9:35 PM IST

Land patta distribution
নগাঁৱত ভূমি পট্টা বিতৰণ

নগাঁৱত বসুন্ধৰা 2.0 ৰ অধীনত 119 টা পৰিয়ালক ভূমি পট্টা প্ৰদান ৷ নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত এক অনুষ্ঠানত ভূমি পট্টা প্ৰদান কৰে বিধায়ক ৰূপক শৰ্মাই ৷

নগাঁৱত বসুন্ধৰা 2.0 ৰ অধীনত ভূমি পট্টা বিতৰণ

নগাঁও, 29 ফেব্ৰুৱাৰী : নগাঁৱত বসুন্ধৰা 2.0 ৰ অধীনত ভূমি পট্টা বিতৰণ অনুষ্ঠান ৷ অনুষ্ঠানত 119 টা পৰিয়ালক ভূমি পট্টা প্ৰদান ৷ নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত এই অনুষ্ঠানত ভূমি পট্টা প্ৰদান কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই ৷

অনুষ্ঠানত ভূমি পট্টা বিতৰণ কৰি বিধায়ক ৰূপক শৰ্মাই কয়- "বসুন্ধৰা আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সুৰক্ষিত কৰিছে ৰাজ্যৰ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ ৷ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ ৷” ভূমি পট্টা বিতৰণ অনুষ্ঠানত উপস্থিত থাকি নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বৰ্তমান চৰকাৰখনে গ্ৰহণ কৰা এই মিছন বসুন্ধৰা ২.০ আঁচনিৰ জৰিয়তে অসমৰ জনসাধাৰণে নিজৰ ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বৃহস্পতিবাৰে নগাঁৱৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত নৱগঠিত নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত 119 টা পৰিয়ালক ভূমি পট্টা বিতৰণ কৰে বিধায়ক ৰূপক শৰ্মাই ৷ মিছন বসুন্ধৰা ২.০ ৰ অধীনত নগাঁও বটদ্ৰৱা সমষ্টিৰ পট্টাদাৰ সকলৰ মাজত বিতৰণ কৰা হয় ভূমি পট্টা ৷ উল্লেখযোগ্য যে, এই আঁচনিৰ অধীনত সমষ্টিটোৰ 199 গৰাকী পট্টাদাৰে নিজৰ ভূমিপট্টা লাভ লাভ কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি বসুন্ধৰা 2.0 ৰ অধীনত জিলাখনৰ এহেজাৰৰো অধিক পৰিয়ালে ভূমি পট্টা লাভ কৰাৰ কথাও উল্লেখ কৰে বিধায়ক শৰ্মাই ৷ এই অনুষ্ঠানত 10 গৰাকী পট্টাদাৰক মঞ্চত আনুষ্ঠানিকভাৱে তেওঁলোকৰ ভূমি পট্টা প্ৰদান কৰে বিধায়ক ৰূপক শৰ্মাই ৷

ভূমি পট্টা বিতৰণ অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়াই অতিৰিক্ত জিলা আয়ুক্ত মনোৰমা মৰাঙে ৷ এই অনুষ্ঠানত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, নগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঈশান. কে. সিং, জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা, সহকাৰী আয়ুক্ত শিল্পীৰেখা পণ্ডিতকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে ৷

লগতে পঢ়ক : টিংখাঙৰ খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা বিতৰণ মন্ত্ৰী বিমল বড়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.