টিংখাঙৰ খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা বিতৰণ মন্ত্ৰী বিমল বড়াৰ - Mission Basundhara

🎬 Watch Now: Feature Video

thumbnail
খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান অনুষ্ঠান (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 9:59 PM IST

|

Updated : February 29, 2024 at 11:06 AM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 28 ফেব্ৰুৱাৰী : টিংখাং বিধানসভা সমষ্টিত বুধবাৰে মিছন বসুন্ধৰা 2.0 ৰ অধীনত খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ সমষ্টিটোৰ টিংখাং ৰাজহ চক্ৰৰ অধীনত 4,296 গৰাকী আৰু মৰাণ ৰাজহ চক্ৰৰ অধীনত 2,765 গৰাকী, সৰ্বমুঠ 7,062 টা খিলঞ্জীয়া পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰে ভূমি পট্টা ৷  

টিংখাঙৰ ৰাজগড় চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত এই ভূমি পট্টা প্ৰদান অনুষ্ঠানত মন্ত্ৰী তথা টিংখাঙৰ বিধায়ক বিমল বড়া ,কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰম , চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ , সোণোৱাল-কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, চুকাফা সমন্বয় ক্ষেত্ৰৰ অধ্যক্ষ ড৹ দয়ানন্দ বৰগোঁহাই আদিয়ে অংশগ্ৰহণ কৰে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান অসমৰ খিলঞ্জীয়া লোকে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰী বিমল বড়াই মন্তব্য কৰে ৷

লগতে পঢ়ক : শিৱসাগৰ বিশ্ববিদ্যালয়ত বিজ্ঞান দিৱস উদযাপন

Last Updated : February 29, 2024 at 11:06 AM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details