ETV Bharat / state

নাহৰকটীয়াত ৪,২৮২ গৰাকীক মিছন বসুন্ধৰাৰ অধীনত ভূমি পট্টা প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 6:37 PM IST

Minister Jayant Mallabaruah
মিছন বসুন্ধৰা ২.০ৰ

Mission Basundhara 2.0 : চৰকাৰৰ কথমাতেই কাম ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰৰ মিছন বসুন্ধৰা 2.0 আঁচনিৰ অধীনত খিলঞ্জীয়াক ভূমিৰ পট্টা প্ৰদান কৰা হৈছে ৷ নাহৰকটীয়াতো ৪,২৮২ টা পৰিয়ালক ভূমি পট্টা প্ৰদান কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷

মিছন বসুন্ধৰা ২.০ৰ

মৰাণ, ২৩ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল খিলঞ্জীয়া ভূমিহীন লোকক প্ৰদান কৰা হ'ব ভূমি পট্টা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি মতেই নাহৰকটীয়াৰ ৪,২৮২ গৰাকী লোকে লাভ কৰিলে ভূমি পট্টা । অসম চৰকাৰৰ মিছন বসুন্ধৰা ২.০ৰ অধীনত ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে নাহৰকটীয়াত আজি অনুষ্ঠিত হয় ভূমি পট্টা প্ৰদান অনুষ্ঠান ।

কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত আজি নাহৰকটীয়া সমষ্টিৰ ৪,২৮২ টা পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হয় । এই অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে মিছন বসুন্ধৰাৰ যোগেদি অসম চৰকাৰে বৰ্তমানলৈকে তিনিলাখ লোকক ভূমি পট্টা প্ৰদান কৰিছে আৰু ইয়াৰে ৮৫% ভূমি পট্টা লাভ কৰা পৰিয়াল বিভিন্ন জাতি-জনজাতিৰ লোক । মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত ধৰিত্ৰী এপছৰ জৰিয়তে মাটি জৰীপ কৰি এক সংঘৱদ্ধ ব্যৱস্থাপনাৰ কথা অৱগত কৰে ।

উল্লেখ্য যে নাহৰকটীয়াৰ ঐ নামফাকে গাঁৱত নৈশ যাপন কৰি ভূমি পট্টা প্ৰদান কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । বৃহস্পতিবাৰে নাহৰকটীয়াত উপস্থিত হৈ নিশা মন্ত্ৰী গৰাকীয়ে গাঁওখনৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক আইজান্ডা গোঁহাইৰ বাসগৃহত নৈশ যাপন কৰে । অসম চৰকাৰৰ মন্ত্ৰীগৰাকী ঐতিহ্যমণ্ডিত বৌদ্ধ বিহাৰত উপস্থিত হৈ সামূহিক প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে ৷ ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে বৌদ্ধ বিহাৰটোত সংৰক্ষিত হৈ থকা পুৰণি পুথি-পাঁজিসমূহ দৰ্শন কৰে । নিশা মন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ ঘৰুৱা পৰিৱেশত পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰ উপৰি তেওঁলোকৰ কৃষ্টি সংস্কৃতি,লোকাচাৰ,সাজ-পোছাক আদি সন্দৰ্ভত তথ্য আহৰণ কৰে । ইফালে, বৃহস্পতিবাৰে নিশাটো গাঁওখনত কটোৱাৰ পিছত শুক্ৰবাৰে পুৱা মন্ত্ৰীগৰাকীয়ে গাঁওখন পৰিভ্ৰমণ কৰি বিভিন্ন লোকৰ সৈতে বাৰ্তালাপ কৰে ।

লগতে পঢ়ক:নাহৰকটীয়াৰ নামফাকে বৌদ্ধ বিহাৰ পৰিদৰ্শন মন্ত্ৰী জয়ন্তম মল্লবৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.