ETV Bharat / state

স্থানীয় সমস্যাক গুৰুত্ব দিব কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই - LAKHIMPUR CONGRESS CANDIDATE

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 12:57 PM IST

Uday Shankar Hazarika : বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত শনিবাৰে নিশা ঘোষণা কৰা হ'ল ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ নাম । বিগত প্ৰায় এপষেক ধৰি দলীয় টিকটক লৈ দলৰ শীর্ষ মহলত ৰাণী নৰহ আৰু উদয় শংকৰ হাজৰিকাৰ মাজত এখন যুঁজ চলি আছিল আৰু যোৱা নিশা এই যুঁজৰ অন্ত পৰে । টিকট লাভ কৰি স্থানীয় সমস্যাসমূহক সমাধান কৰাৰ প্ৰতিশ্ৰুতি লৈ ভোটাৰৰ কাষ চাপিব বুলি কয় প্ৰাৰ্থী হাজৰিকাই ।

Congress candidate Uday Shankar Hazarika to focus on local issues
স্থানীয় সমস্যাক গুৰুত্ব দিব কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই

স্থানীয় সমস্যাক গুৰুত্ব দিব কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই

লখিমপুৰ, ২৪ মাৰ্চ : অৱশেষত অপেক্ষাৰ অন্ত পৰিল । প্ৰধান বিৰোধী দল কংগ্রেছে শনিবাৰে নিশা ঘোষণা কৰিলে ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম । কংগ্রেছে লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । দলৰ হাইকমাণ্ডে এই কথা ঘোষণা কৰে ।

লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ কংগ্রেছ দলে যোৱা প্ৰায় এপষেক ধৰি হোহকা-পিছলা কৰি আছিল । দলীয় সূত্র মতে, প্ৰদেশ কংগ্রেছৰ পৰা দিল্লীলৈ প্ৰেৰণ কৰা তালিকাত লখিমপুৰ লোকসভা সমষ্টিৰ বাবে কেৱল উদয় শংকৰ হাজৰিকাৰ নামটোহে প্ৰেৰণ কৰা হৈছিল ।

কিন্তু প্ৰাক্তন সাংসদ ৰাণী নৰহে দিল্লীত তেওঁ দলীয় টিকটৰ দাবীদাৰ ৰূপে হেঁচা প্ৰয়োগ কৰে । যাৰ বাবে বিমোৰত পৰে দলৰ শীর্ষ নেতৃত্ব । সেয়ে সমষ্টিটোৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ কংগ্রেছ দলে কেইবাদিনো সময় ল'বলগীয়া হয় । যাৰ বাবে দলীয় কৰ্মীসকলে এই দিন কেইটা গভীৰ উৎকন্ঠাৰ মাজেৰে পাৰ কৰিবলগীয়া হয় ।

দলৰ প্ৰাৰ্থীজনৰ নামটো কেতিয়া ঘোষণা কৰে এই লৈ দলীয় কৰ্মীসকলৰ মাজত এইকেইদিন উৎকন্ঠা বিৰাজ কৰি আছিল আৰু শনিবাৰে দলে উদয় শংকৰ হাজৰিকাৰ নামটো ঘোষণা কৰাত সন্তুষ্টি প্ৰকাশ কৰে । প্ৰাৰ্থীজনৰ নাম ঘোষণা কৰাৰ লগে লগে দলীয় কৰ্মীসকল উৎফুল্লিত হৈ পৰে ।

ছাত্র আন্দোলনৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ এক সুদীর্ঘ সামাজিক জীৱন পৰিক্ৰমা কৰিছে উদয় শংকৰ হাজৰিকাই । সামাজিক ক্ষেত্রত দীর্ঘদিনীয়া সেৱাৰ বাবে এক শক্তিশালী সামাজিক স্থিতিও আছে উদয় শংকৰ হাজৰিকাৰ । এইবাৰ কংগ্রেছ দলৰ মজিয়াত ভৰি থৈ তেওঁ দিল্লী গমনৰ লক্ষ্য লৈছে ।

প্ৰচণ্ড আত্মবিশ্বাসী প্ৰাৰ্থীগৰাকীয়ে ১২ নং লখিমপুৰ লোকসভা সমষ্টিটোত তেওঁ বিপুল ভোটৰ ব্যৱধানত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক পৰাস্ত কৰিব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে । তেওঁ দলীয় মনোনয়ন লাভ কৰাৰ বাবে দলৰ আন বঞ্চিত হোৱা প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে বিৰোধিতা কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় যে কংগ্রেছত বিৰোধ বা বিসম্বাদ নাই ।

দলীয় টিকটৰ বাবে বহুতে স্বাভাবিকতে আশা কৰে যদিও অৱশেষত যিজনে টিকট পায় সকলোৱে তেওঁকেই দলীয় স্বাৰ্থত সহযোগিতা আগবঢ়াই আৰু ৰাজনৈতিক দলত এইয়া এক স্বাভাৱিক কথা বুলি তেওঁ প্ৰকাশ কৰে । বিজয় সাব্যস্ত হলে তেওঁ সমষ্টিত বৃহৎ বান্ধ, বান গড়াখহনীয়া আদি জলন্ত সমস্যাসমূহ সমাধান কৰাত আগভাগ ল'ব বুলি উল্লেখ কৰাৰ লগতে নিয়োগৰ ক্ষেত্রত সম্ভাৱনা থকা বিভিন্ন দিশত কাম কৰিব বুলি কয় ।

লগতে পঢ়ক : উদয় শংকৰ হাজৰিকা হ’ব লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী - Lakhimpur Lok Sabha Constituency

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.