ETV Bharat / state

আপোনাৰ মন পচন্দৰ মহাবিদ্যালয়খনত পঢ়িবলৈ কেনেকৈ আবেদন কৰিব ? - HSLC Result 2024

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 10:51 AM IST

How do you apply to study in the college of your choice?
আপোনাৰ মন পচন্দৰ মহাবিদ্যালয়খনত পঢ়িবলৈ কেনেকৈ আবেদন কৰিব ?

HSLC Result 2024: মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মন পচন্দৰ মহাবিদ্যালয়খনত পঢ়িবলৈ কেনেকৈ আবেদন কৰিব জানো আহক !

গুৱাহাটী, 25 এপ্ৰিল : মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ । উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ নিজৰ মন পচন্দৰ মহাবিদ্যালয়ত কেনেকৈ আবেদন কৰিব, কিমান খন মহাবিদ্যালয়ত আবেদন কৰিব পাৰিব, কোনটো ৱেবছাইটলৈ গৈ কেনেকৈ নামভৰ্তিৰ বাবে আবেদন কৰিব সেই সন্দৰ্ভত জানো আহক ।

শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দৰ্পণ শীৰ্ষক নামভৰ্তিৰ বাবে এটা প'ৰ্টেল মুকলি কৰি দিছে । এই সন্দৰ্ভত শিক্ষা সংসদে জাৰি কৰা নির্দেশনা অনুসৰি বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ছাত্র-ছাত্রীসকলে www.darpan.ahseconline.in বা www.ahsec.govt.inত অনলাইনৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব ।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে মঙলবাৰৰ পৰা নামভৰ্তিৰ বাবে মুকলি কৰি দিছে এই প'ৰ্টেলটো ৷ ছাত্ৰ-ছাত্ৰীসকলে অহা ২ মে' পর্যন্ত অনলাইনযোগে আবেদন দাখিল কৰিব পাৰিব এই প’ৰ্টেলত । অনলাইন আবেদন দাখিলৰ পিচত ৩ মে'ৰ পৰা ৪ মে'ৰ ভিতৰত শিক্ষানুষ্ঠানসমূহৰ দ্বাৰা যোগ্যতা তালিকা-অপেক্ষাৰত তালিকা প্রস্তুত কৰা হ'ব ।

ইয়াৰ পিচত ৫ মে'ত অস্থায়ী বাছনি তালিকা/অপেক্ষাৰত তালিকা প্রকাশ কৰা হ'ব । ৬ মে'ৰ পৰা ৮ মে'ৰ ভিতৰত ছাত্র-ছাত্রীসকলে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহত নামভৰ্তি কৰিব লাগিব । ইয়াৰ পিচত ৯ মে'ৰ পৰা ১০ মে'ৰ ভিতৰত দর্পণ প'র্টেলত শিক্ষানুষ্ঠানসমূহে নামভর্তি নিশ্চিত কৰিব লাগিব বুলি নির্দেশনাত উল্লেখ কৰা হৈছে ।

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নামভর্তি সন্দর্ভত এক গাইডলাইনো প্রকাশ কৰিছে । এই গাইডলাইনত উল্লেখ থকা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলৰ আবেদনসমূহ পৰীক্ষণৰ অন্তত সংশ্লিষ্ট শিক্ষানুষ্ঠানে উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষত নামভৰ্তিৰ বাবে বাছনি তালিকা আৰু অপেক্ষাৰত তালিকা প্রস্তুত কৰিব লাগিব । এই বাছনি তালিকা আৰু অপেক্ষাৰ তালিকা দর্পণ প'র্টেলত ছাত্ৰ-ছাত্ৰীৰ বাবে উপলব্ধ হ'ব ।

সমান্তৰালকৈ ছাত্র-ছাত্রীসকলে এছ এম এছৰ জৰিয়তে বাছনি হোৱা সন্দর্ভত বার্তা লাভ কৰিব । গাইডলাইনত পুনৰ কোৱা হৈছে যে এজন শিক্ষার্থীয়ে সর্বোচ্চ ৫ খন আবেদন দাখিল কৰিব পাৰিব ।

বাছনি তালিকা প্রকাশৰ পিচত ছাত্র-ছাত্রীসকলে মাত্র এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব । নামভৰ্তিৰ পিচত শিক্ষার্থীজনৰ বাবে শিক্ষানুষ্ঠান সলনি কৰাৰ বিকল্প নাথাকিব ।

লগতে পঢ়ক: ছেবাৰ নিয়ন্ত্ৰণত অন্তিম মেট্ৰিক পৰীক্ষা: মাৰ্কশ্বীটেই হ’ব চাৰ্টিফিকেট - HSLC Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.