ETV Bharat / state

কে এম এছ এছৰ নেতৃত্বত ৰাজ্যজুৰি কা'ৰ বিৰুদ্ধে প্ৰতিবাদ, তিনিচুকীয়াত প্ৰতিবাদকাৰীক আটক

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 3:04 PM IST

KMSS protests
ৰাইজৰ দল আৰু কেএমএছএছৰ নেতৃত্বত ৰাজ্যজুৰি কা'ৰ বিৰুদ্ধে প্ৰতিবাদ

KMSS protest: নিৰ্বাচনৰ পূৰ্বে চৰকাৰে দেশজুৰি 'কা' কাৰ্যকৰী কৰাৰ প্ৰস্তুতি কৰিছে । তাৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । তিনিচুকীয়াত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষ । কেইবাজনো নেতাক আটক ।

ৰাইজৰ দল আৰু কেএমএছএছৰ নেতৃত্বত ৰাজ্যজুৰি কা'ৰ বিৰুদ্ধে প্ৰতিবাদ


তিনিচুকীয়া, ২৯ ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ কথা স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে । লগে লগে অসমৰ বিভিন্ন বিৰোধী দল আৰু সংগঠনে পুনৰ 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰস্তুতি আৰম্ভ কৰিছে । তাৰ অংশ হিচাপে অসমৰ আঞ্চলিক দল ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ কৰিছে । বৃহস্পতিবাৰৰ দিনটোত ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে ।

তিনিচুকীয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত ঐক্যবদ্ধ গণ অৱস্থান প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল বহু লোক । কিন্তু বাধা দিবলৈ অহা আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ হয় । আৰক্ষীয়ে কেইবাগৰাকী প্ৰতিবাদকাৰীক আটক কৰে ।

একেদৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে চচলতো 'কা' বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি দেবেন শৰ্মা, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সাংগঠনিক সম্পাদক আকাশ দলৈয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে অসমৰ ভাষা,সভ্যতা-সংস্কৃতি তথা ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি অসমীয়া জাতিটোক নিঃশেষ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাতিধ্বংসী আইন জাপি দিব বিচাৰিছে । এই আইন কোনো কাৰণতে কাৰ্যকৰী কৰিবলৈ দিয়া নহ'ব বুলিও প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে ।

ইফালে শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ উদ্যোগত কা'ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ষ্টেচন চাৰিআলিৰ সমীপত দিনৰ ১১:৩০ বজাত এই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীয়ে এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ ভাষাৰে বিজেপি চৰকাৰক গৰিহণা দিয়ে ।

লগতে পঢ়ক :অসম বন্ধ আহ্বান কৰিলেই ১৬৪৩ কোটি টকাৰ ক্ষতিপূৰণ: সতৰ্কবাণী আৰক্ষী সঞ্চালক প্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.