ETV Bharat / state

কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো বিজেপিৰ আটাইতকৈ ডাঙৰ মূৰ্খামি: মনোৰঞ্জন তালুকদাৰ - Lok Sabha elections

Death Anniversary of Deen Kalita : বুধবাৰে টিহুত আয়োজন কৰা হয় প্ৰয়াত বাওঁপন্থী নেতাক দীন কলিতাৰ মৃত্যু বাৰ্ষিকী ৷ প্ৰয়াত দীন কলিতাক ৰাজহুৱাভাৱে স্মৰণ কৰা এই অনুষ্ঠানত উপস্থিত থাকে বৰপেটা লোকসভা সমষ্টিৰ চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ লগতে বহু বিশিষ্ট ব্যক্তি ৷

কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো বিজেপিৰ আটাইতকৈ ডাঙৰ মূৰ্খামি : মনোৰঞ্জন তালুকদাৰ
কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো বিজেপিৰ আটাইতকৈ ডাঙৰ মূৰ্খামি : মনোৰঞ্জন তালুকদাৰ
author img

By ETV Bharat Assamese Team

Published : March 28, 2024 at 7:15 AM IST

2 Min Read
Choose ETV Bharat
কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো বিজেপিৰ আটাইতকৈ ডাঙৰ মূৰ্খামি : মনোৰঞ্জন তালুকদাৰ

বাক্সা, ২৮ মাৰ্চ : ‘‘দীন কলিতাই উত্থাপন কৰা সমস্যাসমূহ আজিও সমাধান হোৱা নাই । দীন কলিতাক হত্যা কৰা সকল ভিন্ন ৰূপত শাসনৰ গাদীত এতিয়াও আছে । আজি ভাৰতবৰ্ষৰ জনগণ শংকিত, চিন্তাগ্ৰস্ত ৷ কাৰণ চলিত শাসন ব্যৱস্থাত গণতন্ত্ৰ জীয়াই থকাটো অসম্ভৱ ।’’ এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ৷

চিপিআইএমৰ প্ৰাৰ্থী তালুকদাৰে কয়, ‘‘ভাৰতবৰ্ষৰ মানুহে ভাৰতীয় সংবিধান আৰু ভাৰতৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে বদ্ধপৰিকৰ । ভাৰতবৰ্ষৰ মানুহে বিজেপিৰ বিৰুদ্ধে সংঘবদ্ধ হৈছে । বিজেপি হৈছে আৰ এছ এছৰ নিৰ্দেশত পৰিচালিত পাৰ্টী । বিৰোধীৰ দুই চাৰি নেতাক ভয় ভাবুকি দি কিনিলেও এয়া বিজেপিৰ জয় নহয়’’ ।

তালুকদাৰে আৰু কয়, ‘‘নিৰ্বাচনী বণ্ড (Electoral Bond)ৰ জৰিয়তে বিজেপিয়ে ধন সংগ্ৰহ কৰি আছে । হিন্দুৰ নামত দম্ভালি মৰা বিজেপিয়ে গো মাংসৰ কোম্পানীৰ টকা লয় । আচল চান্দাজীৱি হৈছে বিজেপি । কেজৰিৱালক গ্ৰেপ্তাৰ কৰি বিৰোধী ঐক্য ভাঙিব বিচাৰিছিল ৷ এয়া বিজেপিৰ আটাইতকৈ ডাঙৰ মূৰ্খামি । বিজেপি ভাৰতবৰ্ষৰ জনসাধাৰণৰ প্ৰধান শত্ৰু’’।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে তেওঁ কয়, ‘‘অগপ নেতৃত্বই একমাত্ৰ মন্ত্ৰীত্বৰ স্বাৰ্থত বিজেপিৰ সংগ লৈছে । বিজেপিয়ে সুবিধা বুজি অগপক গিলি পেলাবলৈ আৰম্ভ কৰিছে । ২৬ চনত দুজন বা তিনিজনতকৈ বেছি অগপ বিধায়ক নাথাকিব । অগপ-বিজেপিৰ প্ৰলোভনৰ ৰাজনীতি ৰাইজে বুজিব লাগিব’’ ।

উল্লেখ্য যে, বুধবাৰে বিয়লি বিশিষ্ট বাওঁপন্থী নেতা দীন কলিতাৰ ৪১ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে টিহুত চিপিআইএমৰ উদ্যোগত আয়োজন কৰা হয় এক জনসভা ৷ এই সভাত ভাষণ দি বিজেপি-অগপৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰে সৰভোগ সমষ্টিৰ বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ চিপিআইএম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ।

এই সভাত চিপিআইএমৰ সক্ৰিয় কৰ্মী বিজয় কলিতা, ডিৱাইএফআইৰ নলবাৰী জিলা সমিতিৰ সম্পাদক কুলজিৎ কলিতা, শ্ৰমিক নেতা তপন শৰ্মা, চিপিআইএমৰ ৰাজ্যিক পৰ্যায়ৰ নেতা জগৎ গোস্বামী, বিশিষ্ট বাওঁপন্থী নেতা কৰুণা কলিতাৰ লগতে বহুকেইজন ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক : অসমৰ ৰাজনীতিত ফুটবল কোন ? ভৰত নৰহ উভতি আহিব নেকি ? ই টিভি ভাৰতৰ সমুখত অখিল গগৈৰ বিস্ফোৰণ - Lok Sabha election 2024