ETV Bharat / politics

অসমৰ ৰাজনীতিত ফুটবল কোন ? ভৰত নৰহ উভতি আহিব নেকি ? ই টিভি ভাৰতৰ সমুখত অখিল গগৈৰ বিস্ফোৰণ - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 8:16 PM IST

Updated : Mar 27, 2024, 11:01 PM IST

Akhil Gogoi on Lok Sabha election
LOK SABHA ELECTION 2024

Akhil Gogoi on Lok Sabha election: কি হ’ব বিৰোধীৰ ৰাজনৈতিক ভৱিষ্যৎ ? কেনেকৈ দখল কৰিব দেশৰ শাসনৰ বাঘজৰী ? কেনে ধৰণৰ ৰণনীতি গ্ৰহণ কৰিছে বিৰোধী ঐক্য মঞ্চ আৰু ইণ্ডিয়াই ? ভূপেন বৰাৰ সঁচাকৈয়ে যোগ্যতা আছেনে ? ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এনে বহু প্ৰশ্নৰ বিস্ফোৰক উত্তৰ দিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ।

ই টিভি ভাৰতৰ সমুখত অখিল গগৈৰ বিস্ফোৰণ

কাজিৰঙা, 27 মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে । অহা 19 এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । মুঠ 7 টা পৰ্যায়ত দেশত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । অসমতো ইতিমধ্য গৰম হৈছে নিৰ্বাচনী বতাহ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে কেবাগৰাকীও হেভীৱেট প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তাৰ মাজতে বিৰোধী ঐক্যত দেখা দিছে কিছু খাম-খেয়ালিয়ে । বিজেপিক ৰুধিবলৈ বিৰোধীৰ ৰণনীতি কি হ’ব ? লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈ জয়ী হ’বনে ? কংগ্ৰেছৰ ভৱিষ্যৎ কি ? ই টিভি ভাৰতৰ সমুখত এনে বহু প্ৰশ্নৰ উত্তৰ দিলে অখিল গগৈয়ে ।

শাসক দল বিজেপিতকৈ বিৰোধী পক্ষৰ ৰণনীতি কোনোবাখিনিত দুৰ্বল বুলি আত্মসমালোচনা কৰে অখিল গগৈয়ে । তেওঁ কয় যে ধনবল, জনবলেৰে বিজেপিয়ে সকলোকে নিজৰ মুঠিলৈ নিয়াৰ চেষ্টা কৰিছে । সংবাদ মাধ্যমকো বিজেপিয়ে নিজৰ ফলীয়া কৰা বুলি অভিযোগ তোলে অখিল গগৈয়ে । দেশ তথা অসমৰ ৰাইজে এক কঠিন সময়ৰ মাজেৰে আগুৱাই যোৱা বুলি কয় বিধায়কগৰাকীয়ে ।

ইফালে যোৰহাটত বিজেপিৰ সাংসদ তপন গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত অখিল গগৈয়ে কয় যে তেওঁৰ জয় নিশ্চিত । যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰক বিবেকেৰে ভোট দিবলৈও তেওঁ আহ্বান জনায় ।

আনহাতে, লুৰীণজ্যোতি গগৈ আৰু সৰ্বানন্দ সোণোৱালৰ মাজৰ যুঁজখন হাইভল্টেজ যুঁজ হ’ব বুলি কয় বিধায়ক গগৈয়ে । ই টিভি ভাৰতৰ কেমেৰাৰ সমুখত কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক তীৰ্যক সমালোচনা কৰে অখিল গগৈয়ে ।

তাছাক ফুটবলৰ সৈতে তুলনা কৰি গগৈয়ে কয় যে চাহ জনগোষ্ঠীৰ প্ৰতি চৰকাৰ তথা বিজেপি দলে কৰা অন্যায়ক ঢাকিবলৈহে তাছাই কাজিৰঙাৰ পৰা নিৰ্বাচন খেলিছে । বিজেপি নেতাগৰাকীৰ কোনো নিজস্বতা নাই বুলি উল্লেখ কৰি গগৈয়ে কয় যে মাৰ্ঘেৰিটা, তিতাবৰ, ডিব্ৰুগড় য’লৈকে পঠিয়াই তালৈকে দৌৰি ফুৰে কামাখ্যা তাছা । কাজিৰঙাৰ বাবে তাছাই কোনো বিশেষ কাম নকৰে বুলিও কয় অখিল গগৈয়ে ।

ইফালে ভৰত নৰহৰ কংগ্ৰেছ ত্যাগ সন্দৰ্ভত অখিল গগৈয়ে কয় যে দলৰ কেতবোৰ কামকাজত নৰহৰ ক্ষোভ আছে । কথাৰ মাজতে ৰাণী নৰহে টিকট নোপোৱাৰ বাবেই ভৰত নৰহে কংগ্ৰেছ ত্যাগ কৰা বুলি মুকলিকৈ কলে অখিল গগৈয়ে । বিৰোধী ঐক্যৰ ক্ষেত্ৰত আপ আৰু টিএমচিয়ে কিছু খাম-খেয়ালিৰ সৃষ্টি কৰাৰ কথা অকপটে স্বীকাৰ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক: ভূপেন বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰি উপ-সভাপতিৰ পদ ত্যাগ ৰাজু চাহুৰ - Raju Sahu resigns as VP of APCC

Last Updated :Mar 27, 2024, 11:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.