ETV Bharat / state

লবীকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত কংগ্ৰেছ দল; বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 12:36 PM IST

Updated : Feb 22, 2024, 1:48 PM IST

লবীকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত কংগ্ৰেছ দল; বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ
লবীকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত কংগ্ৰেছ দল; বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ

Kamalakhya Dey Slams Congress : কংগ্ৰেছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কথাৰ কোনো গুৰুত্ব নাই । দলটোৰ আজিৰ অৱস্থা দেখি দুখ লাগিছে । লবীকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত হৈ পৰিছে কংগ্ৰেছ । এই মন্তব্য কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ ।

বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : "মোৰ বিধায়ক পদ খাৰিজ কৰিলেও আপত্তি নাই, মই উপ-নিৰ্বাচন খেলিম ।" এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক সমৰ্থন জনোৱা কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ । অসম বিধানসভাৰ চলিত বাজেট অধিবেশনৰ দশম দিনা বৃহস্পতিবাৰে বিধানসভা চৌহদত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে এইদৰে কয় ।

কংগ্ৰেছত শেহতীয়াভাৱে বিসম্বাদ কৰা বিধায়কগৰাকীয়ে লগতে এইটোও দাবী কৰে যে কংগ্ৰেছ দলৰ এতিয়া কোনো অস্তিত্ব নাই । আনহাতে, কংগ্ৰেছে শেহতীয়া ১২টাকৈ নিৰ্বাচনত পৰাজয়বৰণ কৰা বুলি উল্লেখ কৰি বিসম্বাদী বিধায়কগৰাকীয়ে কয় যে আজিৰ দিনত কংগ্ৰেছৰ জয়ী হোৱাৰ কোনো অৱস্থাই নাই। যি নিৰ্বাচনেই নহওক কিয় সকলোতে কি হয় সেয়া দেখা যাব বুলিও তেওঁ মন্তব্য কৰে । ইফালে বিৰোধীৰ ভূমিকা সন্দৰ্ভতো সমালোচনা কৰি তেওঁ কয় যে গৰুখুঁটিৰ বাহিৰে বিৰোধীৰ বেলেগ আন একো ইছ্যু নাই ।

বিৰোধী দলপতিৰ প্ৰসংগত তেওঁ কয় যে কংগ্ৰেছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কথাৰ কোনো গুৰুত্ব নাই । যাৰ বাবে হয়তো বিৰোধী দলপতিগৰাকীয়ে কংগ্ৰেছ বিধায়িনী দলৰ সভালৈ নাযায় । আনহাতে, কংগ্ৰেছত থাকি তিনিবাৰকৈ বিধায়ক হোৱা বুলি সদৰী কৰি তেওঁ কয় যে দলটোৰ আজিৰ অৱস্থা দেখি তেওঁৰ দুখ লাগিছে । দলৰ মূল মানুহবোৰৰে আজি দলত কোনো গুৰুত্ব নাই বুলিও তেওঁ আক্ষেপ কৰে ।

লগতে কংগ্ৰেছ লবীকেন্দ্ৰিক ৰাজনীতিত জৰ্জৰিত হৈ পৰিছে বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছত সংখ্যালঘুৰ লবী হৈছে । উল্লেখ্য যে সততে চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ থকা কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই চলিত বিধানসভাৰ বাজেট অধিবেশনৰ সময়তে ১৪ ফেব্ৰুৱাৰীৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই চৰকাৰক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰে । তাৰ পাচৰ পৰাৰে তেওঁৰ সুৰ সলনি হ'বলৈ আৰম্ভ কৰে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীলৈ ৫ টা চৰ্ত নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ

Last Updated :Feb 22, 2024, 1:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.