ETV Bharat / state

হঠাৎ যেন কদৰ বাঢ়িছে কাজিনেমুৰ !

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 3:59 PM IST

Kaji Nemu: কাজিনেমুৰ পিঠিত পৰিল চৰকাৰী মোহৰ ৷ কাজিনেমুৰ গোন্ধটোতেই দুগৰাহ ভাত বেছিকৈ খাই অসমীয়াই ৷ পিছে সংসাধিত কৃষি-উদ্যোগ স্থাপন অবিহনে কাজিনেমুৰ স্বীকৃতি অথলে যাব নেকি ? এই প্ৰশ্নও উঠিছে বহুতৰ মনত ৷

kaji nemu assam state fruit
জাতীয় ফল কাজিনেমু

জাতীয় ফল কাজিনেমু

কলিয়াবৰ, 15 ফেব্ৰুৱাৰী : গৰমৰ দিনত অসমৰ গাঁও অঞ্চলত এগিলাছ নেমুৰ চৰৱতেৰে অতিথিক আপ্যায়ন কৰাটো এক নিয়ম । পিছে বাৰীৰ ঢাপতে পোৱা এই কাজিনেমুৰ এতিয়া মৰ্যাদা বাঢ়িল । স্বীকৃতি পালে অসমৰ ৰাজ্যিক ফলৰ । কিন্তু এই মৰ্যাদাই সম্ভাৱনীয়তাৰ লগতে সন্দেহো আনিছে ভিন্নজনৰ মনলৈ ।

মধ্যভোগী দালালৰ কৰাল গ্ৰাসত নেমু ব্যৱসায়ৰ উচিত মূল্য লাভ নকৰাৰ বাবেই বহু খেতিয়কে ব্যৱসায়িক ভিত্তিত নেমু খেতি বাদ দিছে । কিন্তু কলিয়াবৰ নলতলিৰ এগৰাকী আদৰ্শ কৃষক গৌতম বৰাই বৰ্তমান কৃষিৰ লগতে নাৰ্চাৰীৰে মুকলি কৰিছে স্বাৱলম্বনৰ পথ । থলুৱা কাজিনেমুৰে ব্যৱসায় আৰম্ভ কৰা গৌতম বৰাৰ উদ্যানখনত আছে সহস্ৰাধিক প্ৰজাতিৰ উদ্ভিদ । আছে বহু ঔষধি আৰু আলংকৰিক গছ ।

এইগৰাকী কৃষকৰ নাৰ্চাৰীৰ কাজিনেমুৱে কানপুৰ, খড়গপুৰত স্থান দখল কৰিছে । কাজিনেমুক অসমৰ জাতীয় ফল ঘোষণাৰ পিচতেই আনন্দিত হৈ পৰিছে কৃষক গৌতম বৰা । মঙলবাৰে বিধানসভাত কেবিনেটৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল কৃষিমন্ত্ৰী অতুল বৰাই । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক এতিয়া আদৰণি জনাই ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কৃষকজনে কাজিনেমুৰ এখন উচিত বজাৰৰ লগতে ইয়াৰ চাহিদা আৰু মূল্য নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈও আহ্বান জনাইছে চৰকাৰক ।

মধ্যভোগী দালালৰ কৱলত পৰা কাজিনেমুৰ খেতিয়কে উচিত দাম কেতিয়াও নাপায় । ফলত ব্যৱসায়িক ভিত্তিত বহুতে কাজিনেমুৰ খেতি কৰিবলৈকে এৰিছে । তদুপৰি, বছৰৰ বাৰিষা কালত এই কাজিনেমু অসমৰ বজাৰত উভৈনদী হৈ পৰে । কিন্তু সংৰক্ষণ ব্যৱস্থাৰ অভাৱত নষ্ট হৈ যায় । খাদ্য সংসাধন আৰু শীতল ভাণ্ডাৰৰ ব্যৱস্থা অবিহনে চৰকাৰী ঘোষণাৰ প্ৰভাৱ খেতিয়ক বা বজাৰত পৰাৰ সম্ভাৱনা ক্ষীণ । চৰকাৰী প্ৰচেষ্টাৰ অভাৱত কাজিনেমুৰ শীতল পানীয়, আচাৰ আদিৰ উদ্যোগ অসমত এতিয়াও ভালদৰে গঢ়ি উঠা নাই । গৌতম বৰাৰ উদ্যানৰ বাৰমহীয়া কাজিনেমুৰ পুলি ভাৰতৰ ভিন্ন স্থানলৈ যোৱাৰ লগতে অসমৰ উজনি-নামনি সকলোতে স্থান দখল কৰিছে ৷ কাজিনেমুৰ আছে বহু ঔষধি গুণো । এসময়ৰ সাংবাদিক, সাংস্কৃতিক কৰ্মী গৌতম বৰা এতিয়া এজন আদৰ্শ কৃষক ৷

লগতে পঢ়ক : কাজিনেমুক অসমৰ জাতীয় ফল ঘোষণা অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.