ETV Bharat / state

30 দিনৰ ভিতৰত পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ দাবী

KAAC Chief Tuliram Ronghang : কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে সোমবাৰে পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে আন্দোলন কৰি অহা আঞ্চলিক ৰাজনৈতিক দল এএছডিচি, ভাতৃ সংগঠন কাৰ্বি ছাত্র সন্থা, কেএনচিএ আদিৰ সৈতে পৰিষদৰ সভাকক্ষত এক আলোচনাত মিলিত হয় । আলাপ-আলোচনাৰ মাধ্যমেৰে সকলো সমস্যাৰ সমাধান হ'ব বুলি আশা প্রকাশ কৰে ৰংহাঙে ৷

KAAC CEM SIT IN TALKS WITH ASDC,KSA, KNCA ON PGR VGR ISSUE
পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত কৰা সন্দৰ্ভত তুলিৰাম ৰংহাঙৰ সৈতে আলোচনাত বহিল বিভিন্ন গোট
author img

By ETV Bharat Assamese Team

Published : February 20, 2024 at 12:24 PM IST

|

Updated : February 20, 2024 at 12:49 PM IST

4 Min Read
Choose ETV Bharat

ডিফু, 20 ফেব্ৰুৱাৰী: যোৱা 15 ফেব্রুৱাৰীত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত আন্দোলনৰত এটা ছাত্র সংগঠনৰ ওপৰত হিন্দীভাষী লোকৰ আক্রমণক কেন্দ্র কৰি দুয়োখন পার্বত্য জিলাত বৰ্তমানেও অব্যাহত চেপা উত্তেজনা । বিজেপিৰ ৰাষ্ট্রীয় কার্যকৰী সভাৰ বাবে নতুন দিল্লীত থকা পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে সোমবাৰে জিলাখনলৈ উভতি আহি পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে আন্দোলন কৰি অহা আঞ্চলিক ৰাজনৈতিক দল এএছডিচি, ভাতৃ সংগঠন কাৰ্বি ছাত্র সন্থা, কেএনচিএ আদিৰ সৈতে পৰিষদৰ সভাকক্ষত এক আলোচনাত মিলিত হয় ।

পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত কৰা সন্দৰ্ভত তুলিৰাম ৰংহাঙৰ সৈতে আলোচনাত বহিল বিভিন্ন গোট

আলোচনাৰ অন্তত এএছডিচি দলৰ সভাপতি চন্দ্রকান্ত তেৰাঙে সংবাদমাধ্যমৰ আগত এই আলোচনা সফল হোৱা বুলি আখ্যা দি পৰিষদৰ ওচৰত পাঁচটা দাবী উত্থাপন কৰাৰ বিষয়টো প্রকাশ কৰে । চন্দ্রকান্ত তেৰাঙে সংবাদমাধ্যমৰ আগত কয়, "এই ঘটনাৰ আলম লৈ কোনো প্ৰকাৰৰ অপ্রীতিকৰ ঘটনা সংঘটিত নহ’বৰ বাবে আমি প্রায় প্রতিদিনে সংবাদমেল সম্বোধন কৰিছিলো আৰু জনতাক শান্তি-শৃংখলা বজায় ৰাখিবলৈ আহ্বান জনাইছিলো । আজি পৰিষদৰ আহ্বানত আমালৈ প্রদান কৰা আলোচনাৰ নিমন্ত্রণ গ্রহণ কৰি আমি আলোচনাত বহিছো । আলোচনাত আমি লিখিতভাবে পাঁচটা দাবী উত্থাপন কৰিছো ।"

"প্রথম দাবী অনুসৰি পিজিআৰ-ভিজিআৰ ভূমিত 30 দিনৰ ভিতৰত উচ্ছেদ অভিযান চলাব লাগিব । এই অভিযানৰ পৰা পাহাৰীয়া জনজাতিসকলক ৰেহাই দিব লাগিব । কার্বি আংলং আৰু পশ্চিম কার্বি আংলঙত অনুপ্রৱেশ কৰা সকলো বহিৰাগত নাগৰিকক উচ্ছেদ কৰা । কাৰণ, অবৈধ অনুপ্রৱেশকাৰীৰ ফলত আমাৰ ভাৰসাম্য হেৰাইছে আৰু যাৰ ফলত এনেধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হৈছে ।" অবৈধ অনুপ্রৱেশৰ ফলত খিলঞ্জীয়াৰ প্রতি ভাবুকি আহি পৰাৰ লগতে ভাষা-সংস্কৃতিৰ প্রতিও সংকট আহিছে বুলিও দলটোৱে দাবী কৰে ।

4 নং দাবী অনুসৰি গ্রেজিং ভূমিত স্থাপিত ভোটগ্রহণ কেন্দ্রসমূহ উঠাই দিয়াৰ দাবী উত্থাপন কৰে দলটোৱে । 5 নং দাবী অনুসৰি সকলো অবৈধ অনুপ্রৱেশকাৰীৰ নাম লোকসভা-বিধানসভা আৰু আন সাংবিধানিক নির্বাচনী প্রক্ৰিয়াৰ পৰা কর্তন কৰাৰ দাবী উত্থাপন কৰে দলটোৱে । এই দাবী সন্দর্ভত পৰিষদৰ মুখ্য কার্যবাহী সদস্যগৰাকীয়ে 100 শতাংশ সহমত প্রকাশ কৰি মঙলবাৰৰে পৰা উচ্ছেদ প্রক্রিয়া আৰম্ভ কৰা হ'ব বুলি আশ্বাস প্রদান কৰা বুলিও তেৰাঙে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে ।

আনহাতে মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে আলোচনা সন্দর্ভত মন্তব্য কৰি কয়, "পিজিআৰ-ভিজিআৰ ভূমিত বসবাস কৰাসকলক উচ্ছেদ কৰাৰ দাবীত এএছডিচি, কেএছএ আৰু ভাতৃ সংগঠনে যি আন্দোলন চলাইছিল এই সন্দর্ভত আমি আজি আলোচনাত মিলিত হও । আমাৰ কেইটামান ৰাজহ চক্রৰ অধীনৰ পিজিআৰ-ভিজিআৰ ভূমিত অবৈধ দখল হৈছে আৰু এই সন্দর্ভত আমি কালিলৈ জিলাখনৰ সকলো ৰাজনৈতিক দল, প্রাক্তন মুখ্য কার্যবাহী সদস্য, প্রাক্তন মন্ত্রী, প্রাক্তন সাংসদ, জিলাখনৰ সকলো জাতীয় সংগঠনৰ সৈতে পুৱা 10 বজাত পুনৰ এক আলোচনাত মিলিত হ'ম ।" এই আলোচনাৰ পিছতেই পৰিষদৰ পদক্ষেপ ঘোষণা কৰা হ'ব বুলিও ৰংহাঙে সদৰী কৰে ।

আনহাতে 15 ফেব্রুৱাৰীৰ ঘটনাত আহত হোৱা ছাত্র নেতাসকললৈ এক লাখ টকাকৈ আৰ্থিক সাহায্য প্রদান কৰাৰ কথাও ৰংহাঙে ঘোষণা কৰে । লগতে, মাৰপিটৰ ঘটনাত জড়িতসকলক গ্রেপ্তাৰৰ বাবে ৰংহাঙে আযুক্ত আৰু আৰক্ষী অধীক্ষকক উক্ত দিনাই নির্দেশ দিয়াৰ কথা সদৰী কৰি ইতিমধ্যে দুস্কৃতিকাৰীসকলক গ্রেপ্তাৰ কৰা বুলিও জানিবলৈ দিয়ে । দুয়োখন পার্বত্য জিলাত চলি থকা উত্তেজনাময় পৰিস্থিতি সন্দৰ্ভত মুখ্য কার্যবাহী সদস্যগৰাকীয়ে ক, "হিংসা, আন্দোলনেৰে কোনো দাবী সমাধা নহয়, আলোচনাৰ মাধ্যমেৰেহে যিকোনো সমস্যাৰ সমাধান কৰাটো সম্ভৱ । সেয়ে মই কালিলৈ সকলো দল-সংগঠনক আলোচনাৰ মেজলৈ আমন্ত্রণ জনাইছো । দুয়োখন পার্বত্য জিলাত স্থায়ী শান্তি স্থাপনৰ আহ্বান মই সদায়ে কৰি আহিছো ৷ স্থায়ী শান্তি থাকিলেহে উন্নয়নমূলক কাম-কাজ সম্ভৱ ।"

বর্তমান হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ প্ৰসংগ উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীৰ অসুবিধাৰ প্রতি লক্ষ্য ৰাখি সকলো ধৰণৰ ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী প্রত্যাহাৰ কৰিবলৈ আহ্বান জনায় । আলাপ-আলোচনাৰ মাধ্যমেৰে সকলো সমস্যাৰ সমাধান হ'ব বুলি আশা প্রকাশ কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ।

লগতে পঢ়ক: ভূমিকেন্দ্ৰিক প্ৰতিবাদৰ বাবে দীৰ্ঘদিনীয়া পদযাত্ৰা সাময়িকভাৱে স্থগিত ৰখাৰ ঘোষণা আংতং ইংতি কাথাৰৰ

Last Updated : February 20, 2024 at 12:49 PM IST