ETV Bharat / state

ভূমিকেন্দ্ৰিক প্ৰতিবাদৰ বাবে দীৰ্ঘদিনীয়া পদযাত্ৰা সাময়িকভাৱে স্থগিত ৰখাৰ ঘোষণা আংতং ইংতি কাথাৰৰ

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 10:52 AM IST

Land issue in Diphu : বিতৰ্কিত পিজিআৰ-ভিজিআৰ ভূমিকেন্দ্ৰিক সমস্যাৰ বাবে এপিএইছএলচি নেতা আংতং ইংতি কাথাৰৰ দীৰ্ঘদিনীয়া পদযাত্ৰা সাময়িকভাৱে স্থগিত ৷ দেওবাৰৰ নিশা ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলযোগে এই কথা সদৰী কৰে কাথাৰে ৷ ভূমিকেন্দ্ৰিক প্ৰতিবাদত সময় দিবৰ বাবে পদযাত্ৰা সাময়িকভাৱে স্থগিত ৰখা বুলি কয় কাথাৰে ৷ আৰএনএছএছক নিষিদ্ধ কৰাৰ দাবী জনায় আংতং ইংতি কাথাৰে ৷

APHLC leader Angtong Ingti kathar press meet on Kheroni incident in diphu press club
ভূমিকেন্দ্ৰিক প্ৰতিবাদৰ বাবে দীৰ্ঘদিনীয়া পদযাত্ৰা সাময়িকভাৱে স্থগিত ৰখাৰ ঘোষণা আংতং ইংতি কাথাৰৰ

আংতং ইংতি কাথাৰ

ডিফু, 19 ফেব্ৰুৱাৰী: সম্প্ৰতি দুই পাৰ্বত্য জিলা কাৰ্বি আংলঙত পিজিআৰ-ভিজিআৰ ভূমিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে এপিএইছএলচিৰ মুখপাত্ৰ আংতং ইংতি কাথাৰে তেওঁৰ 81 দিনীয়া দীঘলীয়া পদযাত্ৰা ফুলনি সমষ্টিত সাময়িকভাবে স্থগিত কৰিছে বুলি জানিবলৈ দিয়ে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত ভোটাৰ তালিকাৰ পৰা অনা-কাৰ্বিৰ নাম কৰ্তনৰ দাবীত 81 দিন পূৰ্বে দীঘলীয়া পদযাত্ৰা আৰম্ভ কৰিছিল কাথাৰে ৷ এই পদযাত্ৰা সাময়িকভাবে স্থগিত কৰা বুলি দেওবাৰৰ নিশা ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলযোগে সদৰী কৰে আংতং ইংতি কাথাৰে ৷

শেহতীয়াকৈ 15 ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চাৰিআলিত পিজিআৰ-ভিজিআৰ ভূমিৰ অবৈধ বেদখল উচ্ছেদ কৰাৰ বাবে এএছডিচি যুৱ মৰ্চা আৰু কেএছএ সদস্যসকলে গণতান্ত্ৰিকভাবে আন্দোলন কৰি উভতি অহাৰ পথত দুৰ্বৃত্তই বৰ্বৰতাৰে প্ৰতিবাদকাৰীসকলক আক্ৰমণ কৰাৰ ঘটনাক গৰিহণা জনায় কাথাৰে ৷ কাথাৰে কয়, "পিজিআৰ-ভিজিআৰ ভূমি উচ্ছেদ হ’বই লাগিব তাত কোনো দ্বিমত নাই ৷ এনে ভূমিত কোনোৱে বেদখল কৰিব নোৱাৰে ৷ তাৰ পিছতো চৰকাৰৰ ভুলৰ বাবে উক্ত ভূমিত দুই সহস্ৰাধিক ঘৰ গঢ়ি উঠিছে ৷ চৰকাৰে দ্বিতীয়টো ভুল কৰিব নালাগে ৷"

কেএছএ সদস্যসকলক নিৰ্বিচাৰে আক্ৰমণ কৰা বুলি অভিযোগ কৰি আৰএনএছএছ সংগঠনক উগ্ৰপন্থী সংগঠন ঘোষণা কৰি নিষিদ্ধ কৰাৰ দাবী জনাই আংতং ইংতি কাথাৰে ৷ কাথাৰে কয়, "পিজিআৰ-ভিজিআৰ ভূমিত কোনো লোকে আইন অনুসৰি ঘৰ সাজি বসবাস কৰিব নোৱাৰে ৷ ঘৰ সাজি বসবাস কৰাটো অবৈধ ৷ ইয়াত উচ্ছেদ হ’বই লাগিব এইটো চিধা কথা ৷"

  • " class="align-text-top noRightClick twitterSection" data="">

অহা 20 ফেব্ৰুৱাৰীত ডিফুত তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া সৰ্বদলীয় বৈঠকত এই সন্দৰ্ভত উচিত সিদ্ধান্ত গ্ৰহণ নকৰিলে এপিএইছএলচি দলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চৌহদৰ পৰাই গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাবে প্ৰতিবাদী কাৰ্যসূচীৰ সূচনা কৰিব বুলি হুংকাৰ দিয়ে নেতাগৰাকীয়ে ৷ আনহাতে, খেৰণিৰ ছাত্ৰ আক্ৰমণৰ ঘটনাৰ পিছত স্থানীয় কপিলী পৰিষদীয় সমষ্টিৰ এমএচি পৱন কুমাৰে ঘটনাস্থলীত গৈ একো খবৰ নোলোৱা কাৰ্যকো সমালোচনা কৰে নেতাগৰাকীয়ে ৷ এগৰাকী দায়িত্বশীল জনপ্ৰতিনিধি হিছাপে পৱন কুমাৰ ব্যৰ্থ হৈছে বুলি কয় নেতা গৰাকীয়ে ৷

ইয়াৰোপৰি এপিএইছএলচি নেতা আংতং ইংতি কাথাৰে স্বায়ত্তশাসিত জিলাখনৰ উন্নয়ন সন্দৰ্ভত ক’বলৈ গৈ বিজেপি চৰকাৰক কটাক্ষ কৰি কয়, "উন্নয়নৰ ঢাক -ঢোল বজোৱা বিজেপি শাসিত জিলাখনৰ দুৰ্গম এলেকাবোৰত বিশুদ্ধ খোৱা পানীৰ মুখেই দেখাৰ ভাগ্য হোৱা নাই সাধাৰণ ৰাইজৰ ৷ গা-ধোৱাৰো অনুপযোগী পানীখিনি সাধাৰণ ৰাইজে খোৱা পানী হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে ৷"

লগতে পঢ়ক: দুৰ্বৃত্তৰ আক্ৰমণৰ প্ৰতিবাদত কাৰ্বি আংলঙত তীব্ৰ প্ৰতিবাদ; অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.