ETV Bharat / state

ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ ৰবিকান্ত - Bhut jolokia cultivation

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 8:40 AM IST

Self Sufficient : কৃষি কৰ্মৰে জীৱিকাৰ সপোন ৰচিছে জোনাইৰ উদ্যমী যুৱক ৰবিকান্ত পেগুৱে ৷ পাঁচ বিঘা ভূমিত কেৱল ভোট জলকীয়াৰ খেতি কৰিছে পেগুৱে ৷

An entrepreneurial youth of Jonai Self Reliant by Bhut jolokia cultivation
ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ ৰবিকান্ত

ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ ৰবিকান্ত

জোনাই, 22 মাৰ্চ : ভোট জলকীয়া খেতিয়ে হাঁহি বিৰিঙাইছে এগৰাকী উদ্যমী যুৱকৰ ওঠঁত ৷ ভোট জলকীয়া খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে জোনাইৰ যুৱকজনে ৷ আনকি ভোট জলকীয়া খেতিৰে লক্ষাধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যুৱকজনে ৷ আমি উল্লেখ কৰা যুৱকজনৰ নাম ৰবিকান্ত পেগু ৷

জোনাইৰ চন্দ্ৰপুৰত প্ৰায় পাঁচ বিঘা ভূমিত প্ৰায় ছয় হাজাৰ জোপা ভোট জলকীয়া খেতিৰে বছৰত লক্ষাধিক টকা উপাৰ্জনেৰে স্বাৱলম্বিতাৰ সপোনক বাস্তৱায়িত কৰি তুলিছে জোনাইৰ এই উদ্যমী যুৱকজনে ৷ চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি সময় নষ্ট নকৰি জোনাইৰ 2 নং চিৰামপুৰীয়া গাঁৱৰ ৰবিকান্ত পেগু নামৰ যুৱকজনে নিজকে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে বিগত বৰ্ষৰ পৰাই আৰম্ভ কৰিছে ভোট জলকীয়াৰ খেতি ৷

চৰকাৰৰ পৰা কোনোধৰণৰ অনুদান নোপোৱাকৈও অতি সাহসিকতাৰে ভোট জলকীয়াৰ খেতি আৰম্ভ কৰি মাত্ৰ এবছৰৰ ভিতৰতে ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছে ৰবিকান্তই ৷ অশেষ কষ্ট-পৰিশ্ৰমৰ অন্তত ৰবিকান্ত পেগুৰ মুখত বিৰিঙিছে সফলতাৰ হাঁহি ৷

জানিব পৰা মতে, ভোট জলকীয়া খেতিৰ জৰিয়তে ৰবিকান্ত পেগুৱে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও এই খেতিৰ জৰিয়তে বহুজনক কৰ্ম সংস্থাপন দিবলৈও সক্ষম হৈছে ৷ ইফালে, ৰবিকান্ত পেগুৰ পথাৰত উৎপাদিত ভোট জলকীয়া অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পাচিঘাট, য়িংকং, ৰঃয়িং আদিকে ধৰি বিভিন্ন ঠাইত ৰপ্তানি হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, চৰকাৰী চাকৰিৰ অপেক্ষাত তথা কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি নেমেলি এনেদৰে কৃষিকৰ্ম তথা ভোট জলকীয়া খেতিৰে স্বাৱলম্বী হোৱা 2 নং চিৰামপুৰীয়া গাঁৱৰ ৰবিকান্ত পেগু আনৰ বাবেও এতিয়া আদৰ্শস্বৰূপ হৈ পৰিছে ৷

লগতে পঢ়ক: বন মৰা ঔষধ ব্যৱহাৰ কৰি জোনাইত কৃষকৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.