ETV Bharat / state

মামা, আমাৰ বিদ্যালয়খন বন্ধ নকৰিব : মুখ্যমন্ত্ৰীৰ প্ৰতি শিক্ষাৰ্থীৰ মিনতি

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 10:25 PM IST

Jagiroad Kendriya Vidyalaya
জাগীৰোড কেন্দ্ৰীয় বিদ্যালয়

Jagiroad Kendriya Vidyalaya: আমি ক’ত পঢ়িম ? আমাৰ ভৱিষ্যৎ কি হ’ব ? মৰমৰ মামাই যেন আমাৰ স্কুলখন বন্ধ নকৰে ৷ এনেদৰেই বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে মুখ্যমন্ত্ৰীৰ প্ৰতি জনালে কাতৰ মিনতি ৷

বন্ধ হোৱাৰ দিশে জাগীৰোড কেন্দ্ৰীয় বিদ্যালয়

মৰিগাঁও, 12 মাৰ্চ: এখন বিদ্যালৰ ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কাতৰ মিনতি কৰিছে ৷ কোনো কাৰণতে যাতে তেওঁলোকৰ বিদ্যালয়খন বন্ধ কৰি নিদিয়ে ৷ নিজৰ ভৱিষ্যতৰ লগতে আন বিদ্যালয়ত পঢ়িবলৈ গ'লে হ'ব পৰা খৰচক লৈ চিন্তিত হৈ পৰিছে শিক্ষাৰ্থীসকল ৷ সেয়েহে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে- মামা, আমাৰ বিদ্যালয়খনত একাদশ-দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম আৰম্ভ কৰক । বিদ্যালয়খন বন্ধ হ’বলৈ নিদিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

এটাই মাথো কামিজ, সিও চিগো চিগো চিলাইৰ দৰেই হৈছে জাগীৰোড কেন্দ্ৰীয় বিদ্যালয় ৷ বন্ধ হোৱাৰ দিশে অগ্ৰসৰ জাগীৰোড কাগজকলত থকা কেন্দ্ৰীয় বিদ্যালয়খন । তিনিবছৰ ধৰি হোৱা নাই বিদ্যালয়খনত নতুন নামভৰ্তি । অস্থায়ী শিক্ষকৰ দ্বাৰাই কৰি অহা হৈছে পাঠদান । দুই-এমাহ পঢ়ুৱাই গুছি যায় অস্থায়ী শিক্ষক ৷ ফলত অন্ধকাৰৰ দিশে গতি কৰে শ শ শিক্ষাৰ্থীৰ ভৱিষ্যৎ ৷

কাগজকল বন্ধ হোৱাৰ লগে লগে বন্ধ হৈ পৰিব নেকি মৰিগাঁও জিলাৰ একমাত্ৰ কেন্দ্ৰীয় বিদ্যালয়খন ? তিনিবছৰ ধৰি নামভৰ্তি প্ৰক্ৰিয়া বন্ধ হৈ থকাৰ ফলত চিন্তিত হৈ পৰিছে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলো । শেহতীয়াকৈ অসম ঔদ্যোগিক উন্নয়ন নিগমে কাগজ কলটো ক্ৰয় কৰাৰ পিচতে বিদ্যালয়খনলৈ নামি আহিছে ঘোৰ অমানিশা ৷ কিয়নো অসম ঔদ্যোগিক উন্নয়ন নিগমৰ এই ভূমি ইতিমধ্যে অধিগ্ৰহণ কৰা হৈছে, য’ত টাটাই স্থাপন কৰিব ছেমি কণ্ডাক্টৰ প্ৰকল্প ৷ সেয়ে এই ভূমিত থকা বিদ্যালয়খনক চলিত মাৰ্চ মাহলৈকে শেষ সীমা বান্ধি দিয়া হৈছে ৷

তাৰোপৰি উচ্চতৰ মাধ্যমিকৰ বাণিজ্য বিভাগটোও ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে । যাৰ ফলত উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো বাধা আহি পৰিছে ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে শিক্ষাৰ্থী আৰু অভিভাৱকসকলে ।

লগতে পঢ়ক: মৰিগাঁৱৰ শিলপুখুৰীত নামঘৰত নিশা দুৰ্বৃত্তই কৰিলে অগ্নিসংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.