ETV Bharat / state

বিজেপিক ভোট দিলে দেশ ধৰ্মীয় মৌলবাদীৰ দেশলৈ পৰিণত হ'ব: অখিল গগৈ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 4:20 PM IST

Akhil Gogoi react on CM comments
মুখ্যমন্ত্ৰীৰ বাক্যবাণৰ প্ৰত্যুত্তৰ বিধায়ক অখিল গগৈৰ

মুখ্যমন্ত্ৰীৰ বাক্যবাণৰ প্ৰত্যুত্তৰ বিধায়ক অখিল গগৈৰ । সংবাদমেলযোগে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাই বিজেপিক ভোট দিলে দেশ ধৰ্মীয় মৌলবাদী দেশলৈ পৰিণত হ'ব বুলি মন্তব্য গগৈৰ ৷ অখিল গগৈক জিকাই অনুতপ্ত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক প্ৰত্যাহ্বান জনালে বিধায়কগৰাকীয়ে ।

মুখ্যমন্ত্ৰীৰ বাক্যবাণৰ প্ৰত্যুত্তৰ বিধায়ক অখিল গগৈৰ

শিৱসাগৰ,১২ এপ্ৰিল: "মোক কি বুলি ভাবিছে মুখ্যমন্ত্ৰীয়ে ?"- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি তীক্ষ্ণ বাক্যবাণ বিধায়ক অখিল গগৈৰ । সংবাদমেল যোগে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান অখিল গগৈৰ ৷ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি বিধায়ক গগৈয়ে কয় যে বিজেপিক ভোট দিলে দেশ ধৰ্মীয় মৌলবাদীৰ দেশলৈ পৰিণত হ'ব ৷ লগতে তেওঁ কয় যে মোদী চৰকাৰে দেশৰ সকলো সম্পদ বিক্ৰী কৰি শেষ কৰি পেলালে ৷

বিজেপি চৰকাৰে অ এন জি চিৰ সকলো তৈলক্ষেত্ৰ বিক্ৰী কৰিলে ৷ যাৰ বাবে নিযুক্তি কমি গ'ল ৷ বস্তুৰ দাম বৃদ্ধি কৰি সৰ্বসাধাৰণৰ মূৰত মাধমাৰ দিছে ৷ ঔষধৰ দাম বাঢ়িল, বিজেপি মানেই মূল্যবৃদ্ধি, ধৰ্মীয় মৌলবাদ, ব্যক্তিগতকৰণ আদিৰ দৰে জনবিৰোধী কামেৰে জনতাক বিপদত পেলাইছে বুলি অভিযোগ উত্থাপন কৰে গগৈয়ে ৷ সেয়ে, দেশ আৰু জাতি ৰক্ষাৰ বাবে গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈক ভোট দিবলৈ আহ্বান জনাই অখিল গগৈয়ে ৷

ইফালে তপন গগৈয়ে লোকসভাত কোনো কাম কৰিব নোৱাৰে বুলি কৈ গগৈয়ে কয় যে তপন গগৈৰ ভাষাজ্ঞান নথকাৰ বাবে, বিষয়বস্তুৰ জ্ঞান নথকা বাবে, কথা কব নজনা বাবে তপন গগৈয়ে সংসদৰ মজিয়াত মনে মনে বহি থাকে ৷ আনহাতে শিৱসাগৰৰ ৰাইজে অখিল গগৈক জিকাই অনুতপ্ত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে নিজৰ কামকাজৰ খতিয়ান প্ৰকাশ কৰে অখিল গগৈয়ে ৷

তেওঁ কয় যে ৰংঘৰ প্ৰকল্পৰ দৰে তলাতল ঘৰ প্ৰকল্পৰ কাম অতিশীঘ্ৰে আৰম্ভ হ'ব ৷ ইয়াৰ বাবে ৪৪৬ বিঘা তিনি কঠা বাৰ লোচা মাটি অধিগ্ৰহণ কৰা হ'ব ৷ চাৰিশ কোটি টকা ব্যয়সাপেক্ষে এই প্ৰকল্প নিৰ্মাণ কৰা হ'ব ৷ তেওঁৰ তৎপৰতাত শিৱসাগৰত ধান ক্ৰয় কেন্দ্ৰ ইতিমধ্যে নিৰ্মাণ কৰা হ'ল বুলি মন্তব্য অখিল গগৈৰ ৷ ইয়াৰোপৰি ২১ টা মডেল অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে, মাছৰ দানা উৎপাদনৰ প্ৰকল্প শিৱসাগৰত আৰম্ভ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে শিৱসাগৰৰ ৰাইজে যি আশা আকাংক্ষা কৰি তেওঁক ভোট দি জয়ী কৰাইছিল সেই আশা পূৰণ কৰিবৰ বাবে তেওঁ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ৷

যিসকল লোকৰ পৰা মুখ্যমন্ত্ৰীয়ে শিৱসাগৰবাসী অনুতপ্ত বুলি খবৰ পাইছিল সেইসকল লোকৰ নাম ঠিকনা দিবলৈ প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে ৷ নিৰ্বাচনত পৰাজয়ৰ আশংকাত ভুৱা অৰুণোদয় ফৰ্ম বিলাবলৈ বিজেপি বাধ্য হৈছে বুলি কৈ তেওঁ অসমৰ মহিলাসকলক বিজেপিয়ে ব্লেকমেইল কৰিছে বুলি অভিযোগ উত্থাপন কৰে ৷ আনহাতে অখিল গগৈয়ে বিজেপিৰ ভয়ত কেতিয়াবা বিজেপিত যোগদান কৰিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত এয়া সপোনতো সম্ভৱ নহয় বুলি মন্তব্য কৰে গগৈয়ে ৷

তেওঁক ভয় খুৱাবৰ বাবে, ব্লেকমেইল কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে গোচৰ জাঁপি দিয়াৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে গগৈয়ে ৷ তেওঁ কয় যে অখিল গগৈক কোনেও ভয় খুৱাব নোৱাৰে ৷ মোক কি বুলি ভাবিছে বুলি মুখ্যমন্ত্ৰীক উভতি ধৰিলে অখিল গগৈয়ে ৷ লগতে তেওঁ কয় যে সৎ আৰু আদৰ্শ থকা মানুহ বিজেপিলৈ নাযায় ৷ সেই দলটোলৈ অখিল গগৈক নিব নোৱাৰি বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাৰান্তৰে স্বীকাৰ কৰিছে ৷

লগতে পঢ়ক: অখিল গগৈৰ প্ৰতিটো মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.