ETV Bharat / state

প্ৰত্যাহ্বান আৰু প্ৰত্যাশাৰে তৃতীয় বৰ্ষপূৰ্তিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ - 3rd Anniversary Of HBS Led BJP Govt

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 7:28 PM IST

Assam govt third anniversary : ২০২১ চনৰ ১০ মে'ত ৰাজ্যখনৰ দায়িত্বভাৰ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । সফলতা-বিফলতা তথা প্ৰত্য়াহ্বানৰ মাজেদি 3 টাকৈ বছৰ অতিক্ৰম কৰিলে ৰাজ্য় চৰকাৰখনে । চৰকাৰে বিগত সময়ত কি কি ক্ষেত্ৰত সফলতা অৰ্জন কৰিলে আৰু বিফল হৈছে ক'ত ? এই সন্দৰ্ভত প্ৰস্তুত কৰা হৈছে এই বিশেষ প্ৰতিবেদন ।

Assam govt third anniversary
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ (ETV BHARAT ASSAM)

গুৱাহাটী, ১০ মে': চাওতে চাওতে তিনিবছৰ হ'ল মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ । আজি তিনি বছৰ সম্পূৰ্ণ কৰিলে বিজেপি নেতৃত্বৰ মিত্রজোঁটৰ চৰকাৰখনে । ২০২১ ৰ আজিৰ দিনটোতে ৰাজ্যখনৰ দায়িত্বভাৰ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ।

মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পাছতে ড৹ হিমন্ত বিশ্ব শৰ্মাই সন্মুখীন হোৱা প্ৰথম আৰু প্ৰধান প্ৰত্যাহ্বানটোৱেই আছিল ক'ভিডৰ সংক্ৰমণ । প্ৰায় এবছৰ অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিয়ে পাৰ কৰিবলগীয়া হৈছিল চৰকাৰখনে । অৱশ্যে এই যুঁজত চৰকাৰখনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল । যাৰ বাবে ৰাইজেও চৰকাৰখনৰ পদক্ষেপক প্ৰশংসা কৰিছিল ।

বেয়া সময় অতিক্ৰম কৰি বিভিন্ন প্ৰত্যাহ্বানৰ মাজৰে নতুন দিগন্তৰ সূচনা কৰাৰ লক্ষ্যৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তিনিটা বছৰ সম্পূৰ্ণ কৰিলে । এই সময়চোৱাত চৰকাৰখনে কৰা কামৰ ভাল-বেয়া দুয়োটা দিশেই থকাটো স্বাভাৱিক যদিও জনতাই আৰম্ভ কৰিছে ইয়াৰ বিচাৰ-বিবেচনা ।

Assam govt third anniversary
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে সময়ে সময়ে উত্থাপন হৈ থকা বিভিন্ন অভিযোগেও হ্ৰাস কৰিব পৰা নাই তেওঁৰ ৰাজনৈতিক প্ৰভাৱ অথবা জনপ্ৰিয়তা । বিগত তিনি বছৰত তাৰেই আভাস পোৱা গৈছে । তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিভিন্ন দিশ আলোকপাত কৰি প্ৰস্তুত কৰা হৈছে এই বিশেষ প্ৰতিবেদন । অৱশ্যে এটা প্ৰতিবেদনত সকলো দাঙি ধৰাটো সম্ভৱ নহয় ।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সফলতাৰ দাবী:

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ মাজৰ এখন ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আহিছে । ৰাজ্যবাসীক এখন দুৰ্নীতিমুক্ত, প্ৰদূষণমুক্ত, অপৰাধমুক্ত, উন্নয়নমুখী, প্ৰগতিশীল সামাজিক পৰিবেশ দিয়াৰ ক্ষেত্ৰত এই চৰকাৰখনে বিগত তিনি বছৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে বুলিও দাবী কৰিছে ।

ৰাজ্যত ড্ৰাগছ, ভূ-মাফিয়া, ছিণ্ডিকেটৰ বিৰুদ্ধে অব্যাহত আছে মাৰাথন অভিযান । তদুপৰি বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যৰ আইন-শৃংখলা সুদৃঢ় কৰাৰ লগতে নিৰ্যাতিত, নিষ্পেষিত নাৰী সমাজৰ বাবে এক সামাজিক ক্ৰান্তি আন্দোলিত কৰিছে ।

মন্ত্ৰী, আমোলা, বিষয়াৰ পৰা আদি কৰি চৰকাৰী কৰ্মচাৰী, প্ৰশাসনিক বিষয়া, আনকি আৰক্ষী বিভাগটোৰ সংস্কাৰ সাধন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা উচ্চপদস্থ বিষয়াৰ সৈতে আলোচনাত মিলিত হৈ দুৰ্নীতি, দুঃশাসন আৰু লেহেমীয়া কৰ্মসংস্কৃতিৰ বিৰুদ্ধে সৰৱ হোবা কাৰ্যই যথেষ্ট ইতিবাচক বাৰ্তা দিছে বুলিও দাবী কৰি আহিছে ।

বিভাগীয় সংস্কাৰৰ অংশ বিশেষ হিচাপে সু-প্ৰশাসনৰ বীজ ৰোপণ কৰি চৰকাৰী ফাইল নিস্পত্তিৰ বাবে "সদ্ভাৱনা প্ৰকল্প", পৰিবহণ বিভাগৰ কাম-কাজ সুগম কৰি তোলাৰ বাবে "M-Bahan", খিলঞ্জীয়াক ভূমি স্বত্ব প্ৰদান কৰিবলৈ "মিছন বসুন্ধৰা" ৰ জৰিয়তে সৰলীকৃত প্ৰক্ৰিয়াৰে ভূমি আৱণ্টন ব্যৱস্থা ইত্যাদিৰ জৰিয়তে আওপুৰণি প্ৰশাসনীয় ব্যৱস্থা আৰু নীতি সংশোধন কৰিছে বুলিও চৰকাৰখনে বিগত সময়ত প্ৰচাৰ চলাই আহিছে ।

নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ ব্যৱস্থা কৰিলে চৰকাৰখনে । এই বছৰ আৰু ৫০ হাজাৰ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্রীগৰাকীয়ে ।

ৰাজ্য় চৰকাৰখনে দাবী কৰা মতে, খিলঞ্জীয়া ভাষা, সংস্কৃতি আৰু থলুৱাৰ অধিকাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰতো বহু সময়োপযোগী আৰু সুদূৰ প্ৰসাৰী পদক্ষেপ লৈছে । সত্ৰসমূহ আৰু সংৰক্ষিত বনাঞ্চলবোৰ বেদখলমুক্ত কৰা হৈছে ।

Assam govt third anniversary
মুখ্যমন্ত্রী শৰ্মা চৰকাৰৰ 3 বছৰ (ETV BHARAT ASSAM)

বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ সাহিত্য সভাসমূহক ধন আৱণ্টন দিয়াৰ লগতে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ অসমৰ নিজ নিজ জনগোষ্ঠীয় ভাষাত পাঠদানৰ ব্যৱস্থা কৰা হৈছে । স্থানীয় ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠদানৰ পোষকতা কৰা হৈছে । সত্ৰ-নামঘৰ সমূহলৈ ধন আৱণ্টন দিয়া হৈছে ।

লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী সমগ্ৰ দেশতে আড়ম্বৰপূৰ্ণভাৱে পালন কৰাটো সমগ্ৰ অসমীয়া জাতিৰ বাবে গৌৰৱৰ বিষয় । লাচিত বৰফুকনৰ বীৰত্ব আৰু অসাধাৰণ সাহসক শ্ৰদ্ধাঞ্জলি যাচিবলৈ অসম চৰকাৰে বিশেষভাৱে আয়োজন কৰা "হাতেলিখা টোকাসমূহৰ সৰ্ববৃহৎ অনলাইন ফটো এলবাম" ৰ বাবে ৰাজ্যখনে গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল ।

অসমীয়াৰ বাপতি-সাহোন বিহুক বিশ্বৰ দৰবাৰলৈ আগবঢ়াই নিয়াৰ লক্ষ্যৰে ১১,০০০ শিল্পীৰ দ্বাৰা বিহু প্রদৰ্শন কৰি নিজৰ সাংস্কৃতিক সম্ভাৰেৰে গীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাটো চৰকাৰখনৰ এটা উল্লেখযোগ্য সফলতা বুলি দাবী কৰিছে ।

চৰকাৰখনে আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহি নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰে সমাধানৰ পথ প্ৰশস্ত কৰিছে । অসম-মেঘালয় আৰু অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদৰ ক্ষেত্রত কিছু অংশৰ বিবাদ মীমাংসা কৰি স্বাক্ষৰিত হৈছে চুক্তি ।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দ্বাৰা অসমত ১৪,০০০ কোটি টকাৰ প্ৰকল্প উন্মোচন হৈছে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত ১০ লাখ গৃহ নিৰ্মাণ কৰিছে । ৫০০০ কোটি টকা ব্যয় সাপেক্ষে ১০০০ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণ । চাহ বাগিচা অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নৰ লক্ষ্যৰে ১০০ খন নতুন উচ্চতৰ মাধ্যমিক বিদ্যালয় নিৰ্মাণ কৰা হৈছে ।

নতুন শিক্ষানীতিৰ অধীনত ৩০০০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা । হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিগত সময়ছোৱাত শতাধিক কেবিনেট অনুষ্ঠিত কৰি ৰাজ্যখনৰ স্বাৰ্থত প্ৰায় দুই হাজৰ সিদ্ধান্ত গ্ৰহণ কৰি গৰিষ্ঠসংখ্যক সিদ্ধান্ত কাৰ্যকৰী কৰিছে ।

বিগত সময়ত খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম আছিল চৰকাৰখনৰ অন্যতম এক সফলতা । উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্রত চৰকাৰখনে বিশেষ উদ্যোগ গ্ৰহণ কৰি যথেষ্ট সফলতা অৰ্জন কৰিছে । আলফা(স্বা) ৰ মুৰব্বী পৰেশ বৰুৱা গোটৰ বাদে আন কোনো সক্ৰিয় উগ্ৰপন্থী সংগঠন নাই ৰাজ্যত । বিগত সময়ত ৰাজ্যত ১১ খনকৈ শান্তি চুক্তি স্বাক্ষৰিত হৈছে ।

বিগত তিনি বছৰত ৰাজ্যখনত প্ৰায় ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম কৰা হৈছে । বিগত বৰ্ষত ৰাজ্যৰ পাঁচ হাজাৰ হেক্টৰ বনভূমি সন্দেহযুক্ত লোকৰ কবলৰ পৰা মুক্ত কৰা হৈছে । চৰকাৰে আত্মসহায়ক গোটৰ সৈতে জড়িত ৩৯ লাখ মহিলালৈ ১০ হাজাৰ টকাকৈ আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে ।

চৰকাৰে ৩৯০০ হাজাৰ কোটি টকা আগবঢ়াব । ইয়াৰে ৭ লাখ মহিলাই বছৰি লাখ টকাকৈ উপাৰ্জন কৰি আছে । এইসকলক লাখপতি বাইদেউ হিচাপে নামকৰণ কৰি ইতিমধ্য়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰ-পত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিছে ।

চৰকাৰখনৰ আটাইতকৈ বৃহৎ সফলতা স্বচ্ছতাৰ ভিত্তিত হোৱা নিযুক্তি প্রক্রিয়া । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত 'অৰুণোদয়' আঁচনিখনে ব্যাপক প্ৰসিদ্ধি লাভ কৰিছে । ৰাজ্যৰ লাখ লাখ মহিলা এই আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে । মাহে ১২৫০ টকাকৈ দিয়া এই আঁচনিখনৰ সুবিধা প্ৰতিটো পৰিয়ালৰ এগৰাকী মহিলাই লাভ কৰাটো নিশ্চিত কৰাৰ লক্ষ্য লৈছে চৰকাৰখনে ।

ৰংঘৰৰ অভিলাষী প্রকল্প তথা মাধৱদেৱ ক্ষেত্র, বৰদোৱা থান নির্মাণ প্রকল্প, শিলসাঁকো বিল ইত্যাদি বিভিন্ন বৃহৎ প্রকল্প ৰাজ্যখনৰ পর্যটন ক্ষেত্রৰ বাবে ইতিবাচক । সমষ্টি পুনৰ নিৰ্ধাৰণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এক উল্লেখনীয় সফলতা ।

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ । বহু বিবাহৰ ক্ষেত্রত কঠোৰ স্থিতি গ্ৰহণ চৰকাৰৰ । মুছলিম বিবাহ-বিচ্ছেদ আইন খাৰিজ ৰাজ্য চৰকাৰৰ আন এক উল্লেখযোগ্য দৃঢ় পদক্ষেপ । পুৰণি আইনখন বাতিলৰ জৰিয়তে কেবিনেটে মুছলিম বিবাহ-বিচ্ছেদৰ দায়িত্ব জিলা আয়ুক্তক অর্পণ কৰে ।

চৰকাৰে সন্মূখীন হোৱা প্ৰত্যাহ্বান:

বিগত তিনি বছৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা বিভিন্ন পদক্ষেপৰ বাবে সমালোচনাৰো সন্মুখীন হৈছে । তিনি বছৰত চৰকাৰখনে আঁচনিৰ নামত হিতাধিকাৰী সৃষ্টিত অধিক মনোনিৱেশ কৰা বাবে সমালোচনাৰ সন্মুখীন হৈছে ।

বিগত সময়ত বিৰোধীৰ দ্বাৰা সৰ্বাধিক সমালোচিত হোৱা চৰকাৰখনে নিজ দলৰ জ্যেষ্ঠ নেতাৰ দ্বাৰাও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । বিশেষকৈ ঋণৰ প্ৰসংগত চৰকাৰখনে কঠোৰ সমালোচনাৰ সন্মূখীন হৈছে । আনকি বিজেপিৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ নেতা অশোক শৰ্মাই 'ঋণ লৈ দলং নিৰ্মাণ কৰাকে উন্নয়ন নুবুজায়' বুলি চৰকাৰখনক সমালোচনা কৰিছে ।

চৰকাৰৰ ঋণৰ বোজা :

ঋণত চলিছে চৰকাৰ- বিৰোধীয়ে এই অভিযোগেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি আহিছে । চৰকাৰী তথ্য অনুসৰি, ২০১৬ ৰ ৩১ মাৰ্চলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল ৪১ হাজাৰ ৯৬৪ কোটি টকা । সৰ্বানন্দ সোণোৱালৰ চৰকাৰ দিনত ২০২১ ৰ ৩১ মাৰ্চলৈ ৰাজ্যখনৰ ঋণৰ পৰিমাণ বৃদ্ধি হৈ ৯০,৭৬৫ কোটি টকা হয় ।

২০২৩ৰ ১৪ মাৰ্চত অসমৰ ঋণৰ পৰিমাণ হয় গৈ ১ লাখ ৩১ হাজাৰ ২৭৩ কোটি টকা । বৰ্তমান সময়ত এই ঋণৰ পৰিমাণে ডেৰ লাখ কোটি টকা অতিক্ৰম কৰিছে । এনেদৰে প্ৰতি মাহে ঋণৰ ওপৰত ঋণ লৈ চৰকাৰখনে ৰাজ্যবাসীক ধৰুৱা কৰি আহিছে । উন্নয়নৰ ঢাক-ঢোল বজাবলৈ যাওতে এই তিনি বছৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যবাসীৰ ওপৰত জাপি দিছে ঋণৰ বোজা ।

মূল্যবৃদ্ধিৰ সমস্যা :

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ত অন্যতম প্ৰত্যাহ্বান নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ সমস্যা । মূল্যবৃদ্ধিৰ পৰা ৰাইজক সকাহ দিয়াটো বিজেপিৰ চৰকাৰৰ নিৰ্বাচনৰ অন্যতম এজেণ্ডা আছিল । কিন্তু এই এজেণ্ডাৰ ক্ষেত্রত ব্যৰ্থ হৈছে চৰকাৰখন ।

বিগত তিনি বছৰত এই সমস্যা সমাধান হোৱাৰ বিপৰীতে আৰু অধিক তীব্ৰতৰ হৈছে । মৃল্যবৃদ্ধিৰ প্ৰসংগত বহলাই কোৱাৰ প্ৰয়োজন নাই । কাৰণ প্ৰতিগৰাকী নাগৰিকে ইয়াক বাৰুকৈয়ে উপলব্ধি কৰে ৷

নিবনুৱা সমস্যা :

ৰাজ্যখনৰ অন্যতম নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত চৰকাৰখনে যথেষ্ঠ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে । এয়া কেৱল অসমৰেই সমস্যা হৈ থকা নাই, সমগ্ৰ দেশৰে সমস্যা । অসমত নিবনুৱাৰ সমস্যা বৰ্তমান সময়ত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ।

অসমত বছৰ বাগৰাৰ লগে লগে শিক্ষিত নিবনুৱাৰ সংখ্যাও লক্ষণীয়ভাৱে বৃদ্ধি পাব ধৰিছে । চৰকাৰী তথ্য অনুসৰি, ২০১৯ ৰ জুন পৰ্যন্ত অসমত পঞ্জীয়নভূক্ত নিবনুৱাৰ সংখ্যা আছিল ১৭,১৫,৭৫৯ গৰাকী । আজিৰ তাৰিখত সেই সংখ্যা বহু বৃদ্ধি পাইছে ।

ৰাজ্য চৰকাৰৰ ২০২৩-২৪ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাৰ তথ্য অনুসৰি, অসমত ২০২১ ৰ তুলনাত ২০২২ ত অধিক বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা । ২০২১ ত ৰাজ্যত ২২ লাখ ১২৫ গৰাকী নিবনুৱা পঞ্জীয়নভুক্ত হোৱাৰ বিপৰীতে ২০২২ ত এই সংখ্যা ৩২ লাখ ৩৪ হাজাৰ ৭৩৮ গৰাকীলৈ বৃদ্ধি পাইছে । নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত চৰকাৰখন ব্যৰ্থ হৈছে । চৰকাৰখনে ১ লাখ লোকক চাকৰি প্ৰদান কৰিয়ে সামৰিছে দায়িত্ব ।

আনহাতে, ৰাজ্যৰ বান-গৰাখহনীয়াৰ সমস্যা সমাধানৰ ক্ষেত্রতো চৰকাৰখনে বিশেষ কোনো অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই । বছৰ বছৰ ধৰি এই সমস্যাৰে যুঁজ দি আহিছে ৰাজ্যবাসীয়ে । তদুপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়টো আজিও অমীমাংসিত হৈয়ে আছে । ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগক লৈ চলা ৰাজনীতি আজিও অব্যাহত আছে । ইয়াৰ কোনো সমাধান সূত্র ওলোৱা নাই ।

বিগত সময়ত পৰিবাৰৰ বিৰুদ্ধে উত্থাপন হোৱা ভূমি কেলেংকাৰীৰ অভিযোগক লৈ যথেষ্ট অস্বস্তিত পৰিছিল মুখ্যমন্ত্রী । মুখ্যমন্ত্রীৰ পৰিবাৰে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন ঘটাই সেই ভূমিৰ বিপৰীতে কেন্দ্ৰ চৰকাৰৰ খাদ্য সংশাধন মন্ত্ৰণালয়ৰ তৰফৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰাৰ বিষয়টোও বিগত সময়ত বিশেষভাৱে চৰ্চাত আছিল । বিগত তিনি বছৰ বিভিন্ন ক্ষেত্রতে চৰ্চাত আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ।

লগতে পঢ়ক: হিমন্ত চৰকাৰৰ বৰ্ষপূৰ্তি; দিশপুৰ কিন্তু নিমাওমাও - 3rd Anniversary Of HBS Led BJP Govt

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.