উজনি অসমৰ কেইবাটাও এলেকাত ধুমুহাৰ তাণ্ডৱ : মৃত্যু এজনৰ - Heavy Storm in Assam

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 1:03 PM IST

HEAVY STORM IN ASSAM
ধুমুহাৰ তাণ্ডৱ ()

উজনি অসমৰ কেইবাটাও প্ৰান্তত ধুমুহা-বৰষুণৰ তাণ্ডৱ ৷ ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, ডিমা হাছাওৰ ভিন্ন প্ৰান্তত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ৷ তাৰমাজতে ধলা হাঁহখাতিত ধুমুহাত প্ৰাণ হেৰুৱাই এজন লোকে ৷

ধুমুহাৰ তাণ্ডৱ

নিউজ ডেস্ক, 24 এপ্ৰিল: ৰাজ্যৰ কেইবাটাও প্ৰান্তত বিশেষকৈ উজনি অসমত মঙলবাৰে নিশা কোবাই যায় এজাক ধুমুহা-বৰষুণে ৷ এই ধুমুহাজাকে বহুকেইটা পৰিয়ালৰ সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে নিশা অহা এজাক প্ৰবল বৰষুণ আৰু ধুমুহাই কোবাই যায় সমগ্ৰ ধেমাজি চহৰৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহো ৷ জিলাখনৰ নলনিপাম, তেলিজান, হাতীগড়, ভেহপৰা, ভৰালীচুক আদিত তাণ্ডৱ চলাই ধুমুহাই ৷

ধুমুহাজাকৰ ফলত ভৰালীচুকৰ টংকেশ্বৰ কোঁচ নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ চালৰ ওপৰত উভালি পৰে এজোপা প্ৰকাণ্ড গছ ৷ লগতে ভাঙি পৰে কেইবাজোপাও তামোল আৰু কলগছ ৷ ফলত ব্যক্তিগৰাকীয়ে বাস কৰা ঘৰটোৰ টিনপাতকে অন্যান্য আচবাবসমূহৰো ক্ষতিসাধন হয় ৷ মাজনিশা অহা এই ভয়ংকৰ ধুমুহা-বৰষুণৰ বাবে পৰিয়ালটোৱে চুবুৰীয়াৰ ঘৰত আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, আৰ্থিকভাৱে দুৰ্বল ব্যক্তিগৰাকীয়ে বাসগৃহটো চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাসগৃহ আঁচনিৰ অধীনত লাভ কৰা ধনেৰে নিৰ্মাণ কৰিছিল ৷

আনহাতে, ডিব্ৰুগড়ৰো বিভিন্ন প্ৰান্তত ভয়ংকৰ ধুমুহা, শিল-বৰষুণে একপ্ৰকাৰ তাণ্ডৱ চলোৱা বুলি জানিব পৰা গৈছে ৷ বুধবাৰৰ পুৱতি নিশালৈকে জিলাখনৰ ভিন্ন অঞ্চলত হোৱা বতাহ, ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত কেইবাখনো গাঁৱৰ কেইবা শতাধিক পৰিয়ালৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷ জিলাখনৰ উপকণ্ঠ অঞ্চল ক্ৰমে জকাই বৰবাম টঙীয়া, গৰুধৰীয়া, ঠেঙাল, লাঠিসুৰিয়া, শোভাচুক, চৰাইহাবি, বগীবিল, চাউলখোৱা আদিতো বতাহ-ধুমুহাই বহু পৰিয়ালৰ বাসগৃহৰ টিনপাত উৰুৱাই নিয়ে ৷ লগতে বহু পৰিয়ালৰ বাসগৃহত শিলাবৃষ্টিৰ ফলত ফুটা হৈ পৰে টিনপাত ৷

উল্লেখ্য যে, বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত এই অঞ্চলসমূহ সম্পূৰ্ণৰূপে কৃষিৰ ওপৰত নিৰ্ভৰশীল ৷ গতিকে শিল- বৰষুণৰ ফলত শতাধিক পৰিয়ালৰ কৃষিভূমিৰ শাক-পাচলিসমূহ নষ্ট হৈ পৰে ৷ ঠায়ে ঠায়ে প্ৰকাণ্ড গছ উভালি পৰি বহু বাসগৃহ, ৰাজহুৱা প্ৰতিষ্ঠান আদি বিনষ্ট হোৱাৰ লগতে যাতায়াতৰ বাবে বন্ধ হৈ পৰে বহু পথ ৷

ইফালে তিনিচুকীয়াতো শিলাবৃষ্টি আৰু ধুমুহাই তাণ্ডৱ চলোৱাৰ খবৰ পোৱা গৈছে ৷ প্ৰচণ্ড শিলাবৃষ্টিয়ে কৰ্দৈগুৰি অঞ্চলৰ বহু লোকৰ বাসগৃহৰ টিনপাত আৰু তিৰপালৰ বিনষ্ট সাধন কৰে ৷ তাৰমাজতে ধলা হাঁহখাতিত ধুমুহাত প্ৰাণ হেৰুৱাই এজন লোকে ৷ ধুমুহাত গছ উভালি পৰাৰ বাবেই মৃত্যু ঘটে ৪৫ বছৰীয়া সন্দীপ ছেত্ৰী নামৰ লোকজনৰ ৷ প্ৰচণ্ড ধুমুহাৰ ফলত গৃহৰ সমীপত থকা এজোপা গছ লোকজনৰ ঘৰত পৰাত মূৰত গুৰুতৰভাৱে আঘাত পায় ৷ পৰৱৰ্তী সময়ত ততাতয়াকৈ লোকজনক ডুমডুমা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও নিশাই প্ৰাণ হেৰুৱায় ৷

ইয়াৰোপৰি বাৰেকুৰি যজ্ঞোখোৱাত ধুমুহাৰ তাণ্ডৱত বকুল দহোতীয়া নামৰ লোকজনৰ ঘৰত উভালি পৰে এডাল প্ৰকাণ্ড গছ ৷ এই ঘটনাৰ ফলত কথমপি প্ৰাণৰক্ষা পৰে ঘৰত শুই থকা এগৰাকী বৃদ্ধাৰ ৷ ধুমুহাৰ পিছৰে পৰা অঞ্চলটোত ব্যাহত হৈ পৰে বিদ্যু ব্যৱস্থা ৷ এই ধুমুহাই কম-বেছি পৰিমাণে ক্ষতিসাধন কৰে প্ৰতিটো পৰিয়ালৰ ৷

ডিমা হাছাওতো মঙলবাৰে বিয়লিৰ পৰা অহা প্ৰচণ্ড ধুমহা-বৰষুণে একপ্ৰকাৰ বিপৰ্যস্ত কৰি তোলে জনজীৱন ৷ নিশা প্ৰায় 1 বজাত হাফলং চৰকাৰী বাগান এলেকাৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত থকা এডাল প্ৰকাণ্ড গছ পথৰ মাজতে বাগৰি পৰে ৷ যাৰ ফলত বন্ধ হৈ পৰে হাফলং আৰু নিম্ন হাফলঙৰ মাজৰ যোগাযোগ ব্যৱস্থা ৷ উক্ত ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় এজন ব্যক্তি ৷ ততালিকে ব্যক্তিজনক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ নিশাৰে পৰাই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ব্যাহত হৈ আছে বিদ্যু সেৱা ৷

লগতে চাওক: বৰদৈচিলাৰ প্ৰকোপত ৰাজ্যৰ কেইবাটাও অঞ্চল - Heavy Storm In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.