ETV Bharat / state

মহানগৰবাসী দৈনিক ভোগে 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱত !

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 10:43 AM IST

Updated : Mar 10, 2024, 11:55 AM IST

Drinking water in Guwahati : গুৱাহাটীত জল সংকট ৷ দৈনিক 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱ মহানগৰীত ৷

groundwater level in Guwahati is in a semi-critical stage due to urbanisation and population growth.
মহানগৰবাসী দৈনিক ভুগে 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱত !

গুৱাহাটী, 10 মাৰ্চ : গুৱাহাটীত জল সংকটে ধাৰণ কৰিছে জটিল ৰূপ । গুৱাহাটীত বিভিন্ন ঠাইত বহুতৰে ঘৰত থকা নলী-নাদ তথা কুঁৱা আদি এক কথাত ফুলদানিত পৰিণত হৈছে । কাৰণ এই নলী-নাদ তথা কুঁৱাসমূহ শুকাই গৈছে ।

মহানগৰবাসী দৈনিক ভুগে 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱত !
মহানগৰবাসী দৈনিক ভুগে 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱত !

কেন্দ্ৰীয় ভূগৰ্ভস্থ জল ব’ৰ্ডৰ (চি. জি. ডব্লিউ. বি) তথ্য মতে, "গুৱাহাটীত ভূ-গৰ্ভস্থ পানী স্তৰ সংকটত পৰিছে । 2022 চনৰ পৰা গুৱাহাটীৰ ভূগৰ্ভস্থ পানীৰ স্তৰ অৰ্ধ-সংকটপূৰ্ণ (Semi-critical) পৰ্যায় পাইছে । গুৱাহাটীত ভূ-গৰ্ভস্থ পানী নিষ্কাশনৰ বৰ্তমানৰ প্ৰৱণতাৰ অব্যাহত থাকিলে অহা 2030 চনৰ ভিতৰত গুৱাহাটীৰ ভূগৰ্ভস্থ পানীৰ স্তৰ ‘সংকটপূৰ্ণ’ ( Critical) পৰ্যায়লৈ যাব পাৰে বুলি কেন্দ্ৰীয় ভূগৰ্ভস্থ জল ব’ৰ্ডৰ (চি. জি. ডব্লিউ. বি ) তথ্যত প্ৰকাশ পাইছে ।

মহানগৰবাসী দৈনিক ভুগে 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱত !
মহানগৰবাসী দৈনিক ভুগে 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱত !

উল্লেখ্য যে, গুৱাহাটীত জনসংখ্যা বৃদ্ধিৰ লগে লগে গুৱাহাটীত ভূ-গৰ্ভস্থ পানীৰ সংকটে ক্ৰমাৎ জটিল‌ ৰূপ ধাৰণ কৰিছে । চৰকাৰী তথ্য মতে গুৱাহাটী মহানগৰীৰ 2010 চনত জনসংখ্যা আছিল 12,44,713 ৷ ইয়াৰ বিপৰীতে 2015 চনত 14,98,970 আৰু 2020 চনত জনসংখ্যা বৃদ্ধি হয় 18,05,163 জন । 2025 চনলৈ এই সংখ্যা 21,73,902 লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা চৰকাৰী সমীক্ষাত প্ৰকাশ কৰা হৈছে ।

মহানগৰবাসী দৈনিক ভুগে 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱত !
মহানগৰবাসী দৈনিক ভুগে 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱত !

মন কৰিবলগীয়া যে, পৌৰ নিগমৰ এক তথ্য মতে বৰ্তমানৰ জনসংখ্যা অনুযায়ী গুৱাহাটীত দৈনিক 328.86 নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন । কিন্তু খোৱাপানীৰ যোগান ধৰি অহা তিনিটাকৈ চৰকাৰী বিভাগ ক্ৰমে গুৱাহাটী পৌৰ নিগম (GMC), জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ইয়াৰে মাত্ৰ 72.40 নিযুত লিটাৰ পানীহে যোগান ধৰিবলৈ সক্ষম হৈছে । অৰ্থাৎ মহানগৰীত দৈনিক 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱ ৷

মহানগৰবাসী দৈনিক ভুগে 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱত !
মহানগৰবাসী দৈনিক ভুগে 256.46 নিযুত লিটাৰ খোৱাপানীৰ অভাৱত !

এই অভাৱ গুৱাহাটীৰ ভূ-গৰ্ভস্থৰ পৰা আহৰণ কৰি থকা হৈছে । যাৰ বাবে গুৱাহাটীৰ ভূগৰ্ভস্থ পানীৰ স্তৰত বিৰূপ প্ৰভাৱ পৰিছে । বিশেষজ্ঞৰ মতে ভূ-গর্ভস্থ পানীৰ স্তৰ যিমানেই হ্রাস পাব, সেই অনুপাতে পানী আৰ্ছেনিকৰ দ্বাৰা দূষিত হোৱাৰ অধিক সম্ভাৱনা থাকে ।

উল্লেখ্য যে, 2022 চনৰ আৰম্ভণিতে কামৰূপ মহানগৰ জিলা প্রশাসনে গুৱাহাটীত গভীৰ নলীনাদৰ পৰা পানী নিষ্কাষণ কৰি বিক্ৰী কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও ৰাইজৰ তীব্র আপত্তিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হয় ।

উল্লেখ্য যে, গুৱাহাটীত কাঠফুলাৰ দৰে গঢ়ি উঠিছে বৃহৎ বৃহৎ ফ্লেট । এই ফ্লেটবিলাকত স্থাপন কৰা হৈছে বহু পৰিমাণৰ পানী নিষ্কাষণ কৰিব পৰা গভীৰ নলী-নাদ । আকৌ এই গভীৰ নলীনাদৰ পৰা পানী নিষ্কাষণ কৰি বিক্ৰীৰ এক বৃহৎ ব্যৱসায়ী আৰম্ভ হোৱাৰ পিচত গুৱাহাটীৰ বহু অঞ্চলৰ কুঁৱা আৰু গভীৰ নলী-নাদত পানী শুকাই গৈছে । যাৰ ফলত আৱাসীসকলৰ বাবে দৈনিক পানী ক্ৰয় কৰাৰ বাদে গত্যন্তৰ নোহোৱা হৈ পৰিছে ।

2022 চনৰ পৰা গুৱাহাটীৰ ভূগৰ্ভস্থ পানীৰ স্তৰ "অৰ্ধ-সংকটপূৰ্ণ" ( Semi-critical) পৰ্যায় পাইছে বুলি কেন্দ্ৰীয় ভূ-গৰ্ভস্থ জল ব’ৰ্ডে (চি. জি. ডব্লিউ. বি ) সকীয়াই দি কয় যে গুৱাহাটীত ভূগৰ্ভস্থৰ পানী আহৰণৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰিলে ভৱিষ্যতে গুৱাহাটীত অহা 2030 চনৰ ভিতৰত গুৱাহাটীৰ ভূগৰ্ভস্থ পানীৰ স্তৰ ‘সংকটপূৰ্ণ’( Critical) পৰ্যায়লৈ যাব পাৰে ।

উল্লেখ্য যে, গুৱাহাটীবাসীক ব্ৰহ্মপুত্ৰ নদীৰ পৰা খোৱাপানী যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰে 2011 চনতে পশ্চিম গুৱাহাটী, কেন্দ্ৰীয় গুৱাহাটী আৰু পূব গুৱাহাটী তিনিটা পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল । ইয়াৰে পূব গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম 40 শতাংশো সম্পূৰ্ণ হোৱা নাই ।

এতিয়াও অসম্পূৰ্ণ হৈ থকা পশ্চিম গুৱাহাটী আৰু কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে মাত্ৰ গুৱাহাটীৰ 10 শতাংশ মানুহকহে পানী যোগান ধৰি থকা হৈছে ।

লগতে পঢ়ক: খোৱাপানীৰ পৰা বঞ্চিত হ’ব সম্পত্তিৰ কৰ পৰিশোধ নকৰা মহানগৰবাসীয়ে

Last Updated : Mar 10, 2024, 11:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.