ETV Bharat / state

খোৱাপানীৰ পৰা বঞ্চিত হ’ব সম্পত্তিৰ কৰ পৰিশোধ নকৰা মহানগৰবাসীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 7:51 PM IST

Drinking water in Guwahati : সম্পত্তিৰ কৰ আদায় কৰিলেনে ? যদি কৰা নাই সাৱধান হওক ৷ মহানগৰবাসীয়ে সম্পত্তিৰ কৰ নিদিলে লাভ নকৰে খোৱা পানীৰ সংযোগ ৷ পঢ়ক সবিশেষ....

drinking water
খোৱাপানীৰ পৰা বঞ্চিত হ’ব সম্পত্তিৰ কৰ পৰিশোধ নকৰা মহানগৰবাসীয়ে

খোৱাপানীৰ পৰা বঞ্চিত হ’ব সম্পত্তিৰ কৰ পৰিশোধ নকৰা মহানগৰবাসীয়ে

গুৱাহাটী, 21 ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীত খোৱাপানীৰ সমস্যাই এক জটিল সমস্যা হিচাপে দেখা দি আহিছে । গুৱাহাটীৰ ওচৰেৰে মহাবাহু ব্ৰক্ষ্মপুত্ৰ নদীখন বৈ যোৱাৰ পিচতো গুৱাহাটীত খোৱাপানীৰ সমস্যা এক ডাঙৰ সমস্যা ৷ দীৰ্ঘদিন ধৰি খোৱা পানীৰ সমস্যাৰে জৰ্জৰিত হৈ আছে মহানগৰবাসী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ মাজতে বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই শেহতীয়াকৈ পৌৰ নিগমে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সদৰী কৰে ৷ মেয়ৰ মৃগেন শৰণীয়াই সংবাদ মাধ্যমৰ আগত কয় যে, মহানগৰীত জাইকাৰ দ্বাৰা যেতিয়া সম্পূৰ্ণ পানী দিয়াৰ ব্যৱস্থা হ’ব তেতিয়া পানীৰ সংযোগ ল’বলৈ সম্পত্তিৰ কৰ সম্পূৰ্ণ আদায় দিব লাগিব । যদি সম্পত্তি কৰ আদায় নিদিয়ে তেতিয়াহলে পানীৰ সংযোগ দিয়া নহ'ব। গুৱাহাটীৰ 30% অঞ্চলত GMC ৰ পানী যোগান ধৰি অহা হৈছে ৷ যিদৰে সম্পত্তিৰ কৰ নিদিলে GMC ৰ পানী যোগান বন্ধ কৰি দিয়াৰ ব্যৱস্থা আছে ঠিক তেনেদৰে জল ব’ৰ্ডৰ লগতো আমাৰ এক চুক্তি হ’ব ৷

এই বৰ্ষত 60 কোটি টকা সম্পত্তিৰ কৰ লাভ কৰাৰ লগতে, বিগত বৰ্ষত 113 কোটি সম্পত্তিৰ কৰ লাভ কৰা হৈছিল ৷ বৰ্তমানো 80-90 কোটি টকাতকৈ অধিক সম্পত্তিৰ কৰ পাবলৈ বাকী আছে। সম্পত্তিৰ কৰ আদায় নিদিয়া 50 টা বাণিজ্যিক কেন্দ্ৰ আৰু কেইবা ঘৰৰো তালিকা প্ৰস্তুত কৰা হৈছে ।এই তালিকা অনুসৰি সম্পত্তি ছীল কৰাও হ’ব পাৰে । ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা সম্পত্তি কৰ আদায় নকৰা কেইবাজনৰো সম্পত্তি ছীল কৰা হৈছে বুলি জানিবলৈ মেয়ৰ শৰণীয়াই ৷

লগতে পঢ়ক: বসন্ত দাসৰ গেৰুৱা প্ৰেম: দৰং কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.