ETV Bharat / state

মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য : বড়োভূমিৰ 12 পৰিয়াললৈ 5 লাখকৈ টকা

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 10:15 PM IST

financial Assistance to Bodoland violence victim
বড়োভূমিৰ 12 পৰিয়াললৈ 5 লাখকৈ টকা প্ৰদান

Assam CM Special Assistance: বড়োভূমিৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া লোকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে আৰ্থিক সাহায্য । দেওবাৰে ১২টা পৰিয়াললৈ ৫ লাখকৈ টকা আগবঢ়োৱা হয় ।

বড়োভূমিৰ 12 পৰিয়াললৈ 5 লাখকৈ টকা প্ৰদান

গুৱাহাটী, ১০ মাৰ্চ: বড়োভূমিত বিভিন্ন সময়ত হোৱা বিভিন্ন সংগ্ৰামত প্ৰাণ আহুতি দিয়া লোকৰ পৰিয়াললৈ দেওবাৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য আগবঢ়োৱা হয় । এই উপলক্ষ্যে আজি দিছপুৰত মুখ্যমন্ত্ৰীৰ সভাগৃহ লোকসেৱা ভৱনত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য প্ৰদান অনুষ্ঠানৰ অংশস্বৰূপে ১২টা পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হয় । অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু ৰাজ্যসভাৰ সাংসদ প্ৰবিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰি এই আৰ্থিক অনুদান আগবঢ়ায় ।

ভাষণ প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে সামাজিক দায়বদ্ধতা হিচাপে পৰিয়ালটোক কিছু সহায় কৰাৰ বাবে চৰকাৰখনে এনেদৰে সহযোগিতা আগবঢ়াইছে । বিগত সময়ত এনেদৰে ১৯ গৰাকী লোকৰ পৰিয়ালক ৫ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছিল । সেই সময়ত কিছু লোকৰ পৰিয়াল বাদ পৰি যোৱা বুলি কোৱা হৈছিল । তাৰেই পৰিপ্ৰেক্ষিতত আজি ১২ গৰাকী লোকৰ পৰিয়ালক সাহায্য প্ৰদান কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয়, ‘‘আমাৰ বাবে সেই সময়খিনি বেয়া সময় আছিল যিটো সময়ত এই লোকসকলে প্ৰাণ হেৰুৱাইছিল । কিন্তু আজি সেই বেয়া সময়বোৰৰ পৰা বহু আগবাঢ়ি আহিলোঁ ৷ বিজেপি চৰকাৰৰ দিনত বড়োভূমি বুলিয়ে নহয়, সমগ্ৰ অসমত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে । বহুকেইখন চুক্তি সাক্ষৰিত হৈছে । আমি কেতিয়াও জাতি-জনগোষ্ঠীৰ নামত সংঘাত বিচৰা নাছিলো ৷’’

লগতে তেওঁ কয়, ‘‘এটা সময় আছিল, যেতিয়া ভাই-ককাইৰ মাজত কাজিয়া লগাৰ পৰিৱেশ সৃষ্টি হৈছিল । পৰিস্থিতিৰ বাবে কিছু জনগোষ্ঠীক অবড়ো বুলি কোৱা হৈছিল । বড়োভূমিত বড়ো আৰু আন জনগোষ্ঠীসমূহৰ মাজত হোৱা সংঘাত দূৰ কৰাৰ বাবে সেই সময়ৰ চৰকাৰসমূহে কোনোধৰণৰ কাম কৰা নাছিল ৷’’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পূৰ্বৰ সেই পৰিৱেশৰ অৱসান ঘটাই সকলোকে লগত লৈ অসমখনক আগুৱাই নিয়াৰ লক্ষ্যৰে কাম কৰি আহিছে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ সংঘাতৰ সৃষ্টি নহয় তাৰ বাবেও চৰকাৰখনে উদ্যোগ গ্ৰহণ কৰি কাম কৰি আহিছে । অনুষ্ঠানত অবড়ো সুৰক্ষা সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল ।

লগতে পঢ়ক: বিকাশ যাত্ৰাৰ অংশীদাৰ হ’ব কলিয়াবৰ: সোমবাৰে মুখ্যমন্ত্ৰীয়ে আনিব উন্নয়নৰ বতৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.