ETV Bharat / state

শিক্ষাৰ্থীৰ বাবে 10খন জিলালৈ প্ৰেৰণ বিনামূলীয়া পাঠ্যপুথি

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 7:31 PM IST

Free Textbook Distribution
পাঠ্যপুথি আৰু শিক্ষণ সমগ্ৰী কঢ়িওৱা বাহনৰ ফ্লেগ অফ্ শিক্ষা মন্ত্ৰীৰ

Free Textbook Distribution : শিক্ষা বিভাগৰ উদ্যোগত 2024-25 শিক্ষাবর্ষৰ 54,67,731 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে 3,14,70,129 খন বিনামূলীয়া পাঠ্যপুথি বিতৰণ ৷ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ কেন্দ্ৰীয় ভঁৰাল গৃহ প্ৰাংগনত আয়োজন কৰা এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পাঠ্যপুথি আৰু শিক্ষণ সমগ্ৰী কঢ়িওৱা বাহনৰ ফ্লেগ অফ্ কৰে ৷

বিনামূলীয়া পাঠ্যপুথি বিতৰণ

গুৱাহাটী, 16 ফেব্ৰুৱাৰী : অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত 2024-25 শিক্ষাবর্ষৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ 54,67,731 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে 3,14,70,129 খন বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয় ৷ এই উপলক্ষে আজি বোন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ কেন্দ্ৰীয় ভঁৰাল গৃহ প্ৰাংগনত আয়োজন কৰা এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পাঠ্যপুথি আৰু শিক্ষণ সমগ্ৰী কঢ়িওৱা বাহনৰ ফ্লেগ অফ্ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে 95 কোটি টকা ব্যয় সাপেক্ষে প্ৰকাশ কৰি উলিওৱা বিনামূলীয়া পাঠ্যপুথি প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আজিৰে পৰা প্ৰতিখন জিলাৰ পৰা ব্লক পৰ্যায়লৈ সুকলমে যোগান ধৰা হ’ব ৷ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 1,92,03,026 খন পাঠ্যপুথি, নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ 90,22,403 খন পাঠ্যপুথি আৰু একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ 32,44,700 খন পাঠ্যপুথি 30 খন জিলালৈ বিতৰণ কৰা হ’ব ৷ ৰাজ্যৰ শিক্ষা বিভাগে 8 টা মাধ্যমত প্ৰকাশ কৰা পাঠ্যপুথি সমূহ ৰাজ্যৰ 10 খন জিলালৈ পঠোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ ব্যক্ত কৰে ৷

ইফালে ৰাজ্যৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়া উপস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে, চৰকাৰী বিদ্যালয়ত কেৱল নাম ভৰ্তি কৰিলেই নহ’ব ৷ নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব ৷ সেয়েহে অহা বর্ষৰ 1 এপ্ৰিলৰ পৰা বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি অনুসৰি চৰকাৰে মধ্যাহ্ন ভোজনৰ চাউল, কিতাপ, ইউনিফৰ্ম বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে ৷ ইফালে চাকৰি নিয়মীয়াকৰণৰ দাবীত টেট শিক্ষকে আদালতত তৰা গোচৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, মাত্ৰ 2 শতাংশ টেট শিক্ষকে আদালতত গোচৰ তৰিছে ৷ নতুনকৈ চাকৰি আৰম্ভ কৰাতকৈ পূৰ্বৰ দৰে চাকৰি কৰিলে তেওঁলোকৰহে লাভ হ’ব ৷ এতিয়া শিক্ষক সকলে সিদ্ধান্ত ল’ব তেওঁলোকে কোনটো বাচনি কৰে ৷ গোচৰ সন্দৰ্ভত শিক্ষা বিভাগে আদালতত প্ৰতিবেদন দাখিল কৰিব বুলিও ব্যক্ত কৰে মন্ত্ৰী ডাঃ পেগুৱে ৷

আনহাতে খেলো ইণ্ডিয়া ক্ৰীড়া সমাৰোহৰ দায়িত্ব শিক্ষকক দিয়াক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কয় যে, এয়া কোনো অনা শৈক্ষিক কাম নহয় ৷ শিক্ষক সকলো চৰকাৰী কৰ্মচাৰী ৷ বহুতেই পৰীক্ষাৰ ডিউটি কৰি আছে, কিছু সংখ্যককহে আন কামত লগোৱা হৈছে ৷ মাধ্যম বিতৰ্ক সন্দৰ্ভত তেওঁ গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি দ্বিভাষিক হ’ব বুলি কয় ৷ ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষা আৰু ইংৰাজী দুয়োটা মাধ্যমত পঢ়িব পাৰিব পাঠ্যপুথি ৷ তাদুপৰি ছাত্ৰ-ছাত্ৰীয়ে যিটো মাধ্যম বিচাৰে সেইটো মাধ্যমতে পঢ়িব পাৰিব বুলি কয় তেওঁ ৷ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে এই ঘটনা সন্দৰ্ভত অৱগত নহয়, তেওঁৰ ওচৰত কোনো তথ্য নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ যদি তেনে অভিযোগ আহিছে তদন্ত কৰা হ’ব বুলি উল্লেখ কৰে তেওঁ ৷

আজিৰ এই অনুষ্ঠানত ছেবাৰ অধ্যক্ষ আৰ চি জৈন, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ অধ্যক্ষ দেৱানন্দ হাজৰিকা, উপাধক্ষ্য তুলসী বৰঠাকুৰ, নিগমৰ পৰিচালন সঞ্চালক এছ এন চৌধাৰী, বাণিজ্যিক প্ৰবন্ধক ৰমেশ শৰ্মা উপস্থিত থাকে ৷

লগতে পঢ়ক : কলিয়াবৰত সাংস্কৃতিক মহাসংগ্ৰামৰ বিজয়ীক অভিনন্দন জ্ঞাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.