কলিয়াবৰত সাংস্কৃতিক মহাসংগ্ৰামৰ বিজয়ীক অভিনন্দন জ্ঞাপন
Assam Sanskritik Mahasangram 2023-24 : সুপ্ত প্ৰতিভা বিকাশৰ উপযুক্ত মঞ্চ সাংস্কৃতিক মহাসংগ্ৰাম বুলি মন্তব্য় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ । কলিয়াবৰ মুক্তিযুজাঁৰু ভৱনত ত সাংস্কৃতিক মহাসংগ্ৰামত কলিয়াবৰ বিধান সভা সমষ্টিৰ পৰা ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰা সকলক সম্বৰ্ধনা ।

Published : February 16, 2024 at 5:20 PM IST
কলিয়াবৰ, ১৬ ফেব্ৰুৱাৰী : "অসমক সমন্বয়ৰ এনাজৰীৰে একগোট কৰাৰ পদক্ষেপ হিচাপে অসম সাংস্কৃতিক মহাসংগ্ৰাম মুখ্যমন্ত্ৰীৰ সপোন আছিল । আমাৰ গাঁও অঞ্চলত লুকাই থকা সুপ্ত প্ৰতিভা বিকাশৰ উপযুক্ত মঞ্চ হৈছে সাংস্কৃতিক মহাসংগ্ৰাম ।" এই মন্তব্য় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত সাংস্কৃতিক মহাসংগ্ৰামত কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক বৃহস্পতিবাৰে অভিনন্দন জ্ঞাপন কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এইদৰে কয় ।
কালি বিয়লি কলিয়াবৰ মুক্তিযুজাঁৰু ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উদ্যাগত সাংস্কৃতিক মহাসংগ্ৰামত ৰাজ্যিক পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাৰ কনিষ্ঠ শাখাৰ জ্যোতি সংগীত বিভাগত প্ৰথম আৰু ৰবীন্দ্ৰ সংগীতত লাভ কৰা জিষ্ণুব্ৰত শইকীয়াকে ধৰি ৩টা লোকনৃত্যৰ দল আৰু দুটা বিহুদলক অভিনন্দন জ্ঞাপন কৰা হয় । এই অভিনন্দন অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই আদৰণি ভাষণত কয়," অসম সাংস্কৃতিক মহাসংগ্ৰাম আমাৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভা বিকাশৰ উপযুক্ত মঞ্চ । সাংস্কৃতিক মহাসংগ্ৰাম এক সমন্বয় । ৰাজ্যখনত থকা আঞ্চলকেন্দ্ৰিক সংস্কৃতিসমূহে সাংস্কৃতিক মহাসংগ্ৰামৰ মজিয়াৰ জৰিয়তে পৰিগ্ৰহণ কৰিলে সাৰ্বজনীন ৰূপ ।"
উক্ত অনুষ্ঠানতে শিল্পী পেঞ্চন লাভ কৰা দুগৰাকী শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । তদুপৰি, কলিয়াবৰৰ সংগীত প্ৰতিযোগীসকলৰ প্ৰশিক্ষণ দিয়া তেজপুৰৰ বিশিষ্ট শিল্পী পিংকী বেনাৰ্জী আৰু আলিম্পন চৌধুৰীক সম্ভাষণ জনোৱা হয় । অনুষ্ঠানটোত কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰ, মহকুমা কাযৰ্বাহী দণ্ডাধীশৰ লগতে শাখা সাহিত্য সভাৰ বিষয়ববীয়া, অগপৰ সম্পাদক মণিমাধৱ মহন্ত, বিজেপি দলৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ত কলিয়াবৰ সমষ্টিয়ে ৮টা সোণ, ৪টা ৰূপ আৰু ২টা ব্ৰঞ্জ পদক লাভ কৰি শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক:অসম সাংস্কৃতিক মহাসংগ্ৰামত স্থান দখল জিষ্ণুব্ৰত শইকীয়াৰ

