ETV Bharat / state

এটা ফেচবুক পোষ্ট ডিলিট কৰাবলৈ উঠিপৰি লাগিছে আৰক্ষী

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 8:10 AM IST

সামাজিক মাধ্যমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিয়া পোষ্ট আঁতৰাবলৈ আৰক্ষীৰ হেঁচা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পিন্টু গগৈক । সবিশেষ আগলৈ-

golaghat police pressurizes smss Assistant General Secretary to delete his facebook post over caa protest
কা ৰ বিৰুদ্ধে কৰা প্ৰতিবাদ

পিন্টু গগৈৰ ভাষ্য

গোলাঘাট, 14 মাৰ্চ : কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী প্ৰকাশ কৰাৰ পাচত সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাতো বিভিন্ন দল-সংগঠনে এই জাতিধ্বংসী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । কিছু কিছু লোকে সামাজিক মাধ্যমত এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ পোষ্ট দি বিৰোধিতা কৰা পৰিলক্ষিত হৈছে । এই প্ৰতিবাদৰ অংশ ৰূপে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পিন্টু গগৈয়ে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি পোষ্ট দিছিল । তাৰ পাচতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পিন্টু গগৈৰ দৈগ্ৰোংস্থিত বাসগৃহত উপস্থিত হয় গোলাঘাট আৰক্ষী ৷

কি আছিল ফেচবুক পোষ্টটোত ? আৰক্ষীৰ চকুৰ টোপনি নাইকিয়া কৰা এই ফেচবুক পোষ্টটোত পিন্টু গগৈয়ে লিখিছিল, ‘আপুনি মৌন হৈ থকা মানেই জাতিৰ শ্মশান যাত্ৰাত অংশগ্ৰহণ কৰা !!! সকলো ওলাই আহক... NoCAA’ ৷ ফেচবুকৰ পৰা এই পোষ্টটো ডিলিট কৰাৰ বাবে পিন্টু গগৈক আৰক্ষীয়ে সকীয়নি প্ৰদান কৰে ৷ কিন্তু ছাত্ৰ নেতা পিন্টু গগৈয়ে পোষ্ট ডিলিট নকৰে বুলি সাহসেৰে মাত দিয়ে আৰক্ষীক ৷

  • " class="align-text-top noRightClick twitterSection" data="">

‘নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে গণতান্ত্ৰিক আন্দোলন কৰি আছোঁ আৰু কৰি যাম ৷ প্ৰয়োজন হ’লে আৰক্ষীৰ গুলী বুকু পাতি লম, কিন্তু এই জাতিধ্বংসী "কা" নামানো ৷ অসমীয়া জাতিধ্বংসী "কা" কোনোপধ্যেই মানি নলও’, এইবুলি হুংকাৰ দিয়ে ছাত্ৰ নেতাজনে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী বাহিনীক ব্যৱহাৰ কৰি আমি যাতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা নকৰোঁ বা আন্দোলন নকৰোঁ তাৰ বাবে হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে তেওঁ ।

মন কৰিবলগীয়া যে, আৰক্ষীয়ে বিভিন্ন সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে কোনোধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰা বণ্ড চহী কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ কথাও জানিবলৈ দিয়ে কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদকজনে ৷ তেওঁৰ ভাষ্য, ‘গুলী খাম কিন্তু প্ৰতিবাদ কৰি যাম । এই নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱা মানে অসমীয়া জাতিৰ শ্মশান যাত্ৰা হ’ব সেইটো নিশ্চিত আৰু অসমখন পুনৰ বিদেশীৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰিত হ'ব । গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা নিয়ন্ত্ৰিত আৰক্ষী প্ৰশাসনক সকীয়নি প্ৰদান কৰিছোঁ যে যিমানে হেঁচা প্ৰয়োগ নকৰক কিয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব ৷’

লগতে পঢ়ক : আছুৰ জোঁৰ সমদলে পোহৰালে মঙলবাৰৰ নিশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.