ETV Bharat / state

গোলাঘাটত ১ কোটি ৩৩ হাজাৰ টকাৰ নিচাযুক্ত সামগ্ৰী দাহ - Drugs disposed in Golaghat

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 5:13 PM IST

চলিত বৰ্ষত ২৫ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে গোলাঘাট আৰক্ষীয়ে । ১ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে পঞ্জীয়ন ১৪ টা গোচৰ । জব্দ ৪ কেজি ২৫২ গ্ৰাম নিচাযুক্ত সামগ্ৰী ।

Burning of intoxicants
বগৰিজেং আৰক্ষী নিবেশৰ খেলপথাৰ (ETV BHARAT ASSAM)

গোলাঘাট, ২৪ মে’: গোলাঘাট জিলাৰ বগৰিজেং আৰক্ষী নিবেশৰ খেলপথাৰত শুকুৰবাৰে ১ কোটি ৩০ হাজাৰ টকাৰ নিচাযুক্ত দ্ৰব্য দাহ কৰে আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷ জিলাখনৰ বিভিন্ন স্থানত জব্দ কৰা ড্ৰাগছৰ লগত বিভিন্ন নিচাযুক্ত সামগ্ৰী মজুত কৰি শুকুৰবাৰে দাহন কৰা হয় ৷ ইয়াৰে ৩৬৮.৩২ গ্ৰাম হেৰ'ইন আৰু ৫৩৩৫ টা টেবলেট । এই নিচাযুক্ত সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য ১ কোটি ৩৩, ৯০০ টকা বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ।

বগৰিজেং আৰক্ষী নিবেশৰ খেলপথাৰ (ETV BHARAT ASSAM)

এই নিচাযুক্ত সামগ্ৰীখিনি দাহন কৰি ৰাজেন সিঙে কয় যে অবৈধ ড্ৰাগছৰ বিৰুদ্ধে চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে ১৪ টা গোচৰ পঞ্জীয়ন হোৱাৰ লগতে মুঠ ৪ কেজি ২৫২ গ্ৰাম নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে । এই ঘটনাৰে জড়িত ২৮ টা সৰবৰাহকাৰীক আটক কৰাৰ লগতে ৩০ খন বাহন জব্দ কৰা হৈছে ৷ তদুপৰি যোৱা ৪ মে'ত শিৱসাগৰ জিলাৰ হালোৱাটিঙত ৫.৪৫ গ্ৰাম হেৰ'ইন আৰু ৰে ১৪ মে'ত মৰিয়নীত ৩.৫৮ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষীয়ে । এই সকলো একলগে কৰি চলিত বৰ্ষত ৫ কিলোগ্ৰামৰো অধিক হোৱাৰ লগতে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য প্ৰায় ২৫ কোটি টকাৰ অধিক হ'ব বুলি আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় ।

অধীক্ষকগৰাকীয়ে পুনৰ কয় যে বিশ্বৰ ভিতৰতে অধিক ড্ৰাগছ ম্যানমাৰৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মণিপুৰ, অৰুণাচল, মিজোৰাম আদি ৰাজ্যৰ পৰা অসমলৈ সৰবৰাহ হয় । ইয়াৰে মণিপুৰ আৰু মিজোৰামৰ পৰা অত্যাধিক মাত্ৰাত ড্ৰাগছ সৰবৰাহ হয় । লগতে নাগালেণ্ডৰ লগত অসমৰ প্ৰায় ১২৫ কিলোমিটাৰ সীমা আছে যি সম্পূৰ্ণ মুকলি হোৱাৰ পৰিপ্ৰেক্ষিতত এই অসম-নাগালেণ্ড সীমান্তৰ বিভিন্ন অঞ্চলৰ পৰা দৈনিক সৰবৰাহ হয় ড্ৰাগছ ।

আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় যে গোলাঘাট জিলাক কেন্দ্ৰ কৰি উজনি অসমত ড্ৰাগছ সৰবৰাহৰ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে একাংশ ড্ৰাগছ সৰহবৰাকাৰীয়ে । অনাগত দিনতো এই নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় ।

লগতে পঢ়ক:বিশ্বনাথত আৰক্ষী-প্ৰশাসনে জ্বলালে কোটি টকাৰ নিচাযুক্ত সামগ্ৰী

মৰিগাঁৱত ৪ কোটি ৮০ লাখ মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.