ETV Bharat / state

ছাত্ৰ সমাজ-এবিভিপিৰ মাজত সংঘাত; গৰিহণা জনায় স্মাৰক পত্ৰ প্ৰদান অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ - GU student and ABVP clash

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 7:34 AM IST

GU student and ABVP clash
ছাত্ৰ সমাজ-এবিভিপিৰ মাজত সংঘাত; গৰিহণা জনায় স্মাৰক পত্ৰ প্ৰদান অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ

GU student and ABVP clash: গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাক গৰিহণা গোলাঘাট জিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৷ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান ছাত্ৰ সংগঠনটোৰ ।

ছাত্ৰ সমাজ-এবিভিপিৰ মাজত সংঘাত; গৰিহণা জনায় স্মাৰক পত্ৰ প্ৰদান অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ

গোলাঘাট, 22 মাৰ্চ: 18 মাৰ্চত গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল এক অপ্ৰীতিকৰ ঘটনা ৷ এই ঘটনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে গোলাঘাটত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৰাজ্যপাললৈ প্ৰদান কৰে এক স্মাৰক পত্ৰ ।

উল্লেখ্য যে, যোৱা 18 মাৰ্চত ছাত্ৰ সংগঠনটোৱে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰিছিল এক অনুষ্ঠান ৷ এই অনুষ্ঠানত বাধা আৰোপ কৰিছিল অন্য ছাত্ৰ সংগঠনৰ সদস্যই ৷ এই অপ্ৰীতিকৰ ঘটনাৰ গৰিহণা জনাই অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যলৈ জিলা আয়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে এবিভিপিৰ গোলাঘাট জিলা সমিতিয়ে ।

অনুষ্ঠানত আছু আৰু এন এছ ইউ আইৰ কৰ্ম-কৰ্তাই এবিভিপিৰ পতাকা জ্বলাই দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গোলাঘাট জিলাৰ এবিভিপিৰ কৰ্মকৰ্তাই । লগতে শক্তিপীঠ কামাখ্যা আৰু জাতীয় বীৰ লাচিত বৰফুকনৰ ফটো সম্বলিত বেনাৰ জ্বলাই দিয়া সন্দৰ্ভতো সৰৱ হৈ পৰিছে গোলাঘাট এবিভিপিৰ কাৰ্যকৰ্তা ।

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আছুৰ কাৰ্যালয়ৰ অনুমতি প্ৰদানৰ বিৰুদ্ধেও বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে সোচ্চাৰ দলটোৰ কৰ্মকৰ্তাসকল । সমান্তৰালভাৱে, ঘটনা সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পঞ্জীয়কৰ ভূমিকাক কঠোৰ সমালোচনা গোলাঘাট জিলা এবিভিপিৰ ৷

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যসূচী চলি থকাৰ সময়ত কি কাৰণে বিশ্ববিদ্যালয়ৰ চৌহদত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ বাবে অনুমতি প্ৰদান কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে গোলাঘাট জিলা সমিতিয়ে । 18 মাৰ্চত সংঘটিত হোৱা ঘটনাত ভালে সংখ্যক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মী আহত হৈছিল আৰু এই সম্পৰ্কে ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে বুলি সংবাদ মাধ্যমক জনায় এবিভিপিৰ কাৰ্যকৰ্তাসকলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উক্ত ঘটনাৰ সৈতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে জড়িত থকাৰ অভিযোগ তুলি সেয়ে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে গোলাঘাট জিলা সমিতিয়ে । এই সন্দৰ্ভত কাৰণ দৰ্শায় গোলাঘাট জিলা সমিতিয়ে কয়, "সেই সময়ত বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত আৰক্ষী বাহিনীৰ দল নিয়োজিত হৈ আছিল যদিও ভিতৰত সোমাবলৈ অনুমতি প্ৰদান নকৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই’’ ।

লগতে পঢ়ক: এবিভিপি-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজত সংঘাত হোৱাই নাছিল ! - ABVP Protest against AASU NSUI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.