ETV Bharat / state

এবিভিপি-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজত সংঘাত হোৱাই নাছিল ! - ABVP Protest against AASU NSUI

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 5:56 PM IST

Nalbari ABVP Protest against aasu nsui regarding gauhati university incident
এবিভিপিৰ প্ৰতিবাদ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঘটনাক লৈ নলবাৰীত এবিভিপিৰ প্ৰতিবাদ । আৰক্ষীয়ে চোঁচৰাই নি আটক কৰে প্ৰতিবাদকাৰীক ।

প্ৰতিবাদকাৰীৰ ভাষ্য

নলবাৰী, ২১ মাৰ্চ : নলবাৰীত বৃহস্পতিবাৰে প্ৰতিবাদকাৰী এবিভিপি নেতাক আটক কৰে আৰক্ষীয়ে । প্ৰতিবাদত উত্তাল হৈ পৰে নলবাৰী চহৰৰ লগতে আৰক্ষী থানা চৌহদ । প্ৰসংগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু এবিভিপিৰ সংঘাত ।

সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মজিয়াত দুটা ফৈদৰ মাজত সংঘাত সৃষ্টি হৈছিল ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু এবিভিপিৰ মাজত সংঘাত লাগে ৷ দৰাচলতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এক অনুষ্ঠানৰ সময়তে তীব্ৰ প্ৰতিবাদ হৈছিল ৷ আদৰণি গেটৰ সন্মুখতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই প্ৰতিবাদ সাব্যস্ত কৰিছিল । কা ৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল’গান দি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰসকলে ৷ কিন্তু এই সংঘাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু এবিভিপিৰ মাজত নাছিল বুলি আজি দাবী কৰিছে এবিভিপিয়ে ৷

এফালে কা বিৰোধী শ্ল'গান আৰু আনফালে জয় শ্ৰীৰাম ধ্বনিৰে বিশ্ববিদ্যালয়ৰ আকাশ-বতাহ গৰম হৈ পৰিছিল । অনুষ্ঠানৰ সময়ত প্ৰতিবাদ কৰা সকলে এবিভিপিৰ বেনাৰো জ্বলাই দিয়ে । বিশ্ববিদ্যালয় চৌহদত এবিভিপিৰ বেনাৰ পোষ্টাৰ ফলাৰ পিচত আজি নলবাৰীত এবিভিপিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব লওঁ‌তেই আৰক্ষীয়ে দিলে বাধা । আৰক্ষীয়ে চোঁচৰাই নিলে এবিভিপিৰ প্ৰতিবাদকাৰীক ।

এবিভিপিৰ প্ৰতিবাদকাৰীৰ অভিযোগ মতে, সেইদিনা বিশ্ববিদ্যালয়ৰ চৌহদত অকল এবিভিপিৰ বেনাৰ পোষ্টাৰেই নহয় মা কামাখ্যা সম্বলিত পোষ্টাৰ আৰু বীৰ লাচিত বৰফুকনৰ ফটো সম্বলিত পোষ্টাৰো ফালিছিল । আজি এই সংক্ৰান্তত এবিভিপিৰ এটা প্ৰতিবাদকাৰী দলে নলবাৰী চহৰত প্ৰতিবাদ কৰিব লওঁতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে । লগে লগে উত্তাল হৈ পৰে নলবাৰী চহৰ ।

আনকি প্ৰতিবাদকাৰীসকলে নলবাৰী সদৰ আৰক্ষী থানাৰ সন্মুখতে দিলে আৰক্ষী বিৰোধী শ্ল’গান । অসম আৰক্ষী হায় হায়, ভাৰত মাতা শ্ল’গান বিৰোধী আৰক্ষী প্ৰশাসন হায় হায় আদি ভিন্ন শ্ল’গানেৰে নলবাৰী থানা চৌহদতো কৰে প্ৰতিবাদ । আনহাতে প্ৰতিবাদকাৰীয়ে এই ঘটনাৰ আৰত ছাত্ৰ সন্থা আৰু এন এছ ইউ আই জড়িত বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে । আছু আৰু এন এছ ইউ আইক ভণ্ড জাতীয়তাবাদী আখ্যা প্ৰদান কৰে আজিৰ প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : আছু-এন এছ ইউ আইৰ বিৰুদ্ধে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ - ABVP Protest In Barpeta

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.