ETV Bharat / state

অসম চৰকাৰৰ বিনামূলীয়া হিন্দী পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

Assam Rashtrabhasha Prachar Samiti : ৰাজ্যৰ ১৪৯ শিক্ষাখণ্ডলৈ যোগান ধৰা হ'ব ২২,৩৯,০০০ খন হিন্দী পাঠ্যপুথি । এই তথ্য় সদৰী কৰিছে অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ মন্ত্ৰী ড৹ ক্ষীৰদা কুমাৰ শ‍ইকীয়াই ।

Assam State Textbook Publishing Corporation
অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতি
author img

By ETV Bharat Assamese Team

Published : February 28, 2024 at 8:54 PM IST

2 Min Read
Choose ETV Bharat
অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতি

গুৱাহাটী, ২৮ফেব্ৰুৱাৰী : অসম চৰকাৰৰ বিনামূলীয়া হিন্দী পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয় । এই উপলক্ষে বুধবাৰে মহানগৰীৰ অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ ৰূপনগৰস্থিত কাৰ্যালয়ত অযোজিত এক অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰিচালন সঞ্চালক স্বানৱাজ চৌধুৰীয়ে ফ্লেগ অফ কৰি পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য় যে এই যে অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিয়ে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে 'ক' শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ হিন্দী পাঠ্যপুথিসমূহ যথাসময়ত প্ৰকাশ কৰি ২০ মাৰ্চৰ ভিতৰত ৰাজ্যৰ প্ৰত্যেক শিক্ষা খণ্ড কার্যালয়লৈ যোগান ধৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । সেই অনুসৰি ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে মুঠ ২২,৩৯,০০০ খন হিন্দী পাঠ্যপুথি প্ৰকাশ কৰি ৩৩ খন জিলাৰ ১৪৯ খন শিক্ষাখণ্ডলৈ যোগান ধৰিব । এই পাঠ্যপুথি সমূহ অসমৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ হাতত ১ এপ্রিলত তুলি দিয়াৰ স্বাৰ্থত অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিয়ে পাঠ্যপুথি বিতৰণৰ সকলো প্রস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে বুলি মন্তব্য় কৰিছে অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ মন্ত্ৰী ড৹ ক্ষীৰদা কুমাৰ শ‍ইকীয়াই ।

পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ বাণিজ্যিক প্ৰবন্ধক ৰমেশ শৰ্মাই কয় যে দুধনৈ, লক্ষীপুৰ, হাজো, কমলপুৰ,চমৰীয়া,বৰক্ষেত্ৰী,বৰভাগ, তামোলপুৰ আদিকে ধৰি আজি ১৪ টা শিক্ষা খণ্ডলৈ হিন্দী পাঠ্যপুথি যোগান ধৰি পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হৈছে । প্ৰথম পর্যয়ত ৮ খন বাহন যোগে ১,১০,২৫৭ খন হিন্দী পাঠ্যপুথি ৬ খন জিলালৈ প্ৰেৰণ কৰা হয় । আজিৰ এই পাঠ্যপুথি বিতৰণ কাৰ্যসূচীত অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ মন্ত্ৰী ড৹ ক্ষীৰদা কুমাৰ শ‍ইকীয়া,পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ বাণিজ্যিক প্ৰবন্ধক ৰমেশ শৰ্মা,বিত্ত আৰু গাননিক বিষয়া ভাস্কৰ ৰঞ্জন বৰুৱা উপস্থিত থাকে ।

লগতে পঢ়ক:চৰকাৰে গুৱাহাটীৰ মাটিৰ মূল্য‌ বহু গুণ বৃদ্ধি কৰিছে: জিতুল ডেকা