ETV Bharat / state

চৰকাৰে গুৱাহাটীৰ মাটিৰ মূল্য‌ বহু গুণ বৃদ্ধি কৰিছে: জিতুল ডেকা

Jitul Deka slams CM: মিছন বসুন্ধৰা সন্দৰ্ভত আপৰ উপ-সভাপতি জিতুল ডেকাৰ বিস্ফোৰক মন্তব্য । মিছন বসুন্ধৰাৰ জৰিয়তে পুজিপতি, বনিয়াক মাটি দিয়াৰ অভিসন্ধি কৰিছে বুলি অভিযোগ উত্থাপন কৰে আপৰ উপ-সভাপতিগৰাকীয়ে । গুৱাহাটীৰ মাটিৰ মূল্য‌ বহু গুণ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰে জিতুল ডেকাই ।

Jitul Deka slams Himanta Biswa Sarmah
মিছন বসুন্ধৰা সন্দৰ্ভত সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : February 27, 2024 at 9:16 PM IST

2 Min Read
Choose ETV Bharat
মিছন বসুন্ধৰা সন্দৰ্ভত সংবাদমেল

গুৱাহাটী,২৭ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আপৰ উপ-সভাপতি জিতুল ডেকাৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে মিছন বসুন্ধৰাৰ জৰিয়তে পুজিপতি, বনিয়াক মাটি দিয়াৰ অভিসন্ধি কৰিছে বুলি আপৰ উপ-সভাপতি জিতুল ডেকাই অভিযোগ উত্থাপন কৰে । গুৱাহাটীত মঙলবাৰে অনুষ্ঠিত এখন সংবাদমেলত আপৰ উপ-সভাপতি জিতুল ডেকাই কয় যে মিছন বসুন্ধৰাৰৰ উদ্দেশ্যে হ'ল ভূমিহীন খিলঞ্জীয়া মানুহক মাটিৰ অধিকাৰ দিয়া ।

  • " class="align-text-top noRightClick twitterSection" data="">

কিন্তু চৰকাৰে এই উদ্দেশ্যৰে কাম কৰা নাই । তেওঁ কয় যে চৰকাৰে গুৱাহাটীৰ মাটিৰ মূল্য‌ বহু গুণ বৃদ্ধি কৰিছে ।‌ গতিকে ভূমিৰ খাজনা পৰিমাণ বৃদ্ধি পাইছে । যাৰ বাবে এতিয়া গুৱাহাটীত একচনীয়া‌ মাটি থকা খিলঞ্জীয়া মানুহে মিছন বসুন্ধৰাৰৰ জৰিয়তে ভূমিৰ পট্টা লোৱাৰ বাবে কিছুমানে ৩০ লাখ টকা, কিছুমানে ১ কোটি টকা পৰ্যন্ত খাজনা আদায় দিবলগীয়া হৈছে ।

গতিকে টকাৰ অভাৱৰ বাবে ৯০ শতাংশ গুৱাহাটীত একচনীয়া‌ মাটি থকা খিলঞ্জীয়া মানুহে ভূমিৰ পট্টা পোৱা নাই । তেওঁ লগতে কয় যে, গুৱাহাটীত একচনীয়া‌ মাটি থকা একাংশ‌ খিলঞ্জীয়া মানুহে ভূমিৰ পট্টা লাভ কৰিবৰ বাবে নিজৰ অলপ মাটি বনিয়াক বিক্ৰী কৰি উচ্চ হাৰৰ খাজনা আদায় দি মাটিৰ পট্টা ল'বলৈ বাধ্য হৈছে ।

তেওঁ উল্লেখ কৰে যে, মিছন বসুন্ধৰাৰ জৰিয়তে প্ৰকৃতাৰ্থত চৰকাৰে খিলঞ্জীয়াক মাটি বিক্ৰী কৰিব বিচাৰিছে নে নাই তাৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে । একপ্ৰকাৰে মিছন বসুন্ধৰাৰ জৰিয়তে বনিয়াক মাটি দিয়াৰহে মুখ্যমন্ত্ৰীয়ে অভিসন্ধি ৰচনা কৰিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে । মিছন বসুন্ধৰাৰ জৰিয়তে চৰকাৰে খিলঞ্জীয়াক বিনামূলীয়া মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰাৰ বাবে তেওঁ দাবী কৰে ।

লগতে পঢ়ক: জাকিৰ হুছেইন শিকদাৰলৈ CID ৰ চমন