ETV Bharat / state

সাহায্য দিয়াৰ নামত বিশেষভাৱে সক্ষম লোকক প্ৰৱঞ্চনা - Fraud in Chirang

Fraud in Chirang: ভূলুণ্ঠিত মানৱতা । চিৰাঙৰ বিজনীত বিশেষভাৱে সক্ষম লোককো নেৰিলে প্ৰৱঞ্চকে । পঞ্চাশ হেজাৰ টকা এককালীন সাহায্য দিয়াৰ নামত বিশেষভাৱে সক্ষম লোকৰ পৰা ২০০০ টকাকৈ সংগ্ৰহ প্ৰবঞ্চকৰ । হাহাকাৰ ভুক্তভোগীৰ ।

Fraudster Cheat specially-abled persons in the name of one-time assistance in Chirang
সাহায্য দিয়াৰ নামত বিশেষভাৱে সক্ষম লোকক প্ৰৱঞ্চনা
author img

By ETV Bharat Assamese Team

Published : April 11, 2024 at 10:24 PM IST

2 Min Read
Choose ETV Bharat
সাহায্য দিয়াৰ নামত বিশেষভাৱে সক্ষম লোকক প্ৰৱঞ্চনা

চিৰাং,১১ এপ্ৰিল: জনতাৰ অভাৱ-অভিযোগ দূৰ কৰাৰ বাবে শাসকীয় চৰকাৰখনে হাতত লৈছে বহু অভিলাসী আঁচনি । পিচে আঁচনি ৰূপায়ণৰ নামত একাংশ প্ৰৱঞ্চকে জাল পাতিছে বিভিন্ন প্ৰান্তত । PMAY, অৰুণোদয় আদিৰ দৰে আঁচনিত প্ৰৱঞ্চকে ধন সৰকোৱাৰ পাচত এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা ।

  • " class="align-text-top noRightClick twitterSection" data="">

চিৰাং জিলাৰ বিজনীত সংঘটিত হৈছে এক চৰম মানৱ সমাজক লজ্জানত কৰা ঘটনা । প্ৰৱঞ্চকে এইবাৰ নেৰিলে বিশেষভাৱে সক্ষম লোককো । বিশেষভাৱে সক্ষম লোকৰ পৰা পঞ্চাশ হেজাৰ এককালীন টকাৰ প্ৰলোভন দেখুৱাই ২০০০ টকাকৈ উপঢৌকন লোৱাৰ অভিযোগ দুই প্ৰবঞ্চকৰ বিৰুদ্ধে । এই অভিযোগ উত্থাপন কৰিছে বিজনী মহকুমাৰ অন্তৰ্গত শিলিখাগুৰী আৰু বেটবাৰীৰ কেবাগৰাকীও ভুক্তভোগী বিশেষভাৱে সক্ষম লোকে ।

অভিযোগ অনুসৰি বিজনীৰ উলুবাৰী বামুণীঝৰা নিবাসী বিশেষভাৱে সক্ষম ব্যক্তি মাধৱ সৰকাৰৰ সহযোগত স্বেচ্ছাসেৱী সংস্থা এটাৰ কৰ্মী মিমেচিউছ সেন ঈশ্বৰী নামৰ প্ৰবঞ্চকটোৱে অতি দুখীয়া ১৩ টাকৈ শাৰীৰিক বিশেষভাৱে সক্ষম পৰিয়ালৰ পৰা সংগ্ৰহ কৰে ২ হাজাৰকৈ টকা । বিগত বৰ্ষৰ আগষ্ট মাহত পঞ্চাশ হাজাৰকৈ এককালীন সাহায্য দিয়াৰ প্ৰলোভন দেখুৱাই ধন সংগ্ৰহ কৰি সম্প্ৰতি গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী বিশেষভাৱে সক্ষম লোকসকলে ।

যাৰ পৰিপ্ৰেক্ষিতত উক্ত প্ৰৱঞ্চকৰ বিৰুদ্ধে উচিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে সংবাদ মাধ্যমৰ ওচৰ চাপিছে ভুক্তভোগী বিশেষভাৱে সক্ষম লোকসকল তথা পৰিয়াল । উল্লেখ্য যে যিসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰৱঞ্চকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে সেইসময়ত বিশেষভাৱে সক্ষম লোক প্ৰৱঞ্চকৰ জালত পৰা কাৰ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক ।

লগতে পঢ়ক: আজিকোপতি চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰা আশীৰোৰ্ধৰ এগৰাকী বৃদ্ধা - Deprived Of Govt Schemes