ETV Bharat / state

কার্বি পাহাৰত ১,৫৪০ কোটিৰ আঁচনি উদ্বোধন-আধাৰশিলা স্থাপন

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:16 PM IST

Bhoomi pujan in Diphu
অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন

Bhoomi pujan in Diphu: শুকুৰবাৰে ডিফুত কার্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৬১টা প্রকল্পৰ ভিতৰত ১৪ টা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । লগতে কৰা হয় ৪৭টা নতুন প্রকল্পৰ বাবে ভূমিপূজন আৰু আধাৰশিলা ।

অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন

ডিফু, ১ মার্চ: অসম চৰকাৰৰ বিকাশ যাত্রাৰ অংশ ৰূপে আজি ডিফুত কার্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ১৫শ ৪০ কোটি ১২ লাখ টকাৰ বিভিন্ন আঁচনি উদ্বোধন কৰাৰ লগতে আন বহুতো অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় । এই উপলক্ষে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং । এই সভাত ৬১টা প্রকল্পৰ ভিতৰত ১৪টা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । ইয়াৰ লগতে ৪৭টা নতুন প্রকল্পৰ বাবে ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

আজি ঘোষিত এই প্রকল্পসমূহৰ ভিতৰত গড়কাপ্তানি (বিল্ডিং) বিভাগৰ অধীনত ১৯টা, গড়কাপ্তানি (পথ) বিভাগৰ অধীনত ২৭টা, চাহ জনগোষ্ঠী আৰু উন্নয়ন বিভাগৰ অধীনত ২টা, জনজাতীয় পৰিক্ৰমা বিভাগৰ অধীনত এখন, গৃহবিভাগৰ অধীনত ২খন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ৯টা আৰু সংখ্যালঘু বিভাগৰ অধীনত এখন প্রকল্প উদ্বোধন কৰা হয় । গড়কাপ্তানি বিভাগৰ (বিল্ডিং) অধীনত গ্রহণ কৰা মুঠ ১৯টা আঁচনিৰ ভিতৰত সাধাৰণ এলেকাত ৯খন বিদ্যালয় তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৱন নির্মাণ, এখন চাহ বাগিচাত থকা বিদ্যালয় ভৱন নির্মাণ, ৯খন চাহ বাগিচাত জগন্নাথ কমিউনিটি এণ্ড স্কীল ডেভেল'পমেন্ট চেন্টাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় ।

ৰাজ্য চৰকাৰৰ চাহ জনজাতি আৰু কল্যাণ বিভাগৰ অধীনত দুখনকৈ চাহ বাগিচাৰ চিকিৎসালয়ত ৰোগী অনা-নিয়াৰ বাবে দুখন এম্বুলেন্স সেৱাৰ উদ্বোধন কৰা হয় । কেন্দ্রীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত ডিফুত ইতিমধ্যে নির্মাণকার্য সম্পূর্ণ হৈ উঠা একলব্য মডেল ৰেচিডেঞ্চিয়েল বিদ্যালয় উদ্বোধন কৰা হয় । ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ অধীনত ডিফু আৰক্ষী চকীৰ উন্নীতকৰণ তথা নতুন ভৱন নির্মাণ, হাওৰাঘাট আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰো আজি উদ্বোধন কৰা হয় । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত নির্মাণ সম্পূর্ণ হৈ উঠা ৯খনকৈ পানী যোগান আঁচনিৰো আজি উদ্বোধন কৰা হয় ।

ইপিনে,সংখ্যালঘু উন্নয়ন বিভাগৰ জৰিয়তে বোকাজানত নির্মাণ কৰা সাধাৰণ সেৱা কেন্দ্রৰো শুভ উদ্বোধন কৰা হয় । তদুপৰি গড়কাপ্তানি (পথ) বিভাগৰ অধীনত ২৭টাকৈ দুয়োখন পার্বত্য জিলাৰ গুৰুত্বপূর্ণ পথ নির্মাণ প্রকল্পৰো আজি আধাৰশিলা স্থাপন কৰা হয় । সভাখনত অংশ গ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আজি দ্রুত গতিত উন্নতিৰ পথত অগ্রসৰ হোৱা বুলি দাবী কৰি আগন্তুক লোকসভা নির্বাচনত মুকলিকৈ ভোট বিচাৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে ।

আনহাতে, মুখ্য অতিথিৰ ভাষণত তুলিৰাম ৰংহাঙে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ লগতে কার্বি আংলং জিলাই উন্নয়নৰ ক্ষেত্ৰত অভিলেখ গঢ়া বুলি দাবী কৰি আগন্তুক পাঁচটা বছৰত এই উন্নয়নৰ গতি অধিক ত্বৰান্বিত হ'ব বুলি কয় । ৰংহাঙে কয় যে পূর্বে আমি ১০-২০ কোটি টকাৰ আঁচনিৰ উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰিছিলো । এতিয়া ড০ হিমন্ত বিশ্ব শৰ্মাৰ শৰ্মাৰ নেতৃত্বত হোৱা অসম চৰকাৰৰ দিনত আমি ১৫শ কোটি, এহেজাৰ কোটি, ৮০০শ কোটি টকাৰ বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন অথবা উদ্বোধন কৰিবলৈ সক্ষম হৈছো ।

বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বোকাজানৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধায়ক দৰছিং ৰংহাং, বিধায়ক ৰূপছিং টেৰণ, দুয়োখন জিলাৰ আযুক্তদ্বয় ক্রমে মধুমিতা ভাগৱতী আৰু কৃষ্ণা বৰুৱা, পৰিষদৰ অধ্যক্ষৰাজু তিছ' ।

লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে KMSS আৰু SMSS ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.