ETV Bharat / state

মৰাপাট কলৰ প্ৰশংসাত পঞ্চমুখ বিদেশী পৰ্যটক

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 4:49 PM IST

Assam Jute Industry
শিলঘাট অসম সমবায় মৰাপাট কল

MV Mahabahu Ship: বিলাসী জাহাজেৰে কলিয়াবৰ শিলঘাটত এদল বিদেশী পৰ্যটক । অসমৰ মৰাপাট উদ্যোগ হৈ পৰিছে বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । গংগা বিলাস, চৰাইদেউ, এম ভি মহাবাহু জাহাজৰে আহিল পৰ্যটক ।

শিলঘাট অসম সমবায় মৰাপাট কল

কলিয়াবৰ, ২৩ ফেব্ৰুৱাৰী: সাত সাগৰ তেৰ নদী পাৰ হৈ কলিয়াবৰৰ শিলঘাটত জাহাজেৰে উপস্থিত ইংলেণ্ড, জাৰ্মানৰ পৰা অহা ২৪ গৰাকী বিদেশী পৰ্যটক । কলিয়াবৰৰ শিলঘাট অসম সমবায় মৰাপাট কলত উপস্থিত হৈ এইসকল বিদেশী পৰ্যটকে কলটো দেখি অভিভূত হৈ পৰে । কলিয়াবৰৰ নৈসৰ্গিক দৃশ্য়ই বিদেশী পৰ্যটকক বিমুগ্ধ কৰা বুলি বুলি কয় দলটোৰ সদস্য়সকলে । কালি গংগা বিলাস, চৰাইদেউ, এম ভি মহাবাহু জাহাজৰে কলিয়াবৰৰ শিলঘাটত উপস্থিত হয় ২৪ জনীয়া এই বিদেশী পৰ্যটকৰ দলটো ।

মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত কামকূট শূঙ্গৰ নামনিত নৈসৰ্গিক শোভাৰ মাজত বিহু নৃত্য প্ৰত্য়ক্ষ কৰি মন্ত্ৰমুগ্ধ হয় বিদেশী পৰ্যটকৰ দলটো । চিপচিপীয়া বৰষুণ, ফাগুনৰ এজাক বতাহে সৃষ্টি কৰা এক ৰোমাঞ্চকৰ পৰিৱেশত শিলঘাটত এটা দিন পাৰ কৰিলে বিদেশী পৰ্যটক সকলে । শিলঘাট অসম সমবায় মৰাপাট কলত উপস্থিত হৈ ২৪ জনীয়া ইংলেণ্ড, জামাৰ্নৰ পৰা অহা পৰ্যটকৰ দলটোৱে মৰাপাটৰ গুণাগুণ, আধুনিক যন্ত্ৰাংশ আদিৰ বিষয়ে কৰ্মচাৰী সকলৰ সৈতে মতবিনিময় কৰে । তেওঁলোকে মৰাপাট কলটো পৰিদৰ্শন কৰাৰ লগতে মৰাপাটৰ উৎপাদন কাৰ্যৰো বুজ লয় ।

কলটোৰ কৰ্মচাৰীসকলে মৰাপাটৰে প্ৰস্তুত কৰা হেণ্ডবেগ উপহাৰ দিয়ে বিদেশী পৰ্যটক সকলক । উদ্যোগ পৰ্যটন ক্ষেত্ৰলৈ পৰ্যবেক্ষিত কলিয়াবৰৰ শিলঘাট অসম সমবায় মৰাপাট কল । সাত সাগৰ তেৰ নদীৰ পাৰ হৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰে এম ভি মহাবাহু জাহাজৰে কলিয়াবৰৰ শিলঘাটত উপস্থিত হোৱা দলটোৱে কলিয়াবৰৰ শিলঘাট পৰ্যটনক্ষেত্ৰ পৰিদৰ্শন কৰি আনন্দত আত্মহাৰা হৈ পৰে । এতিয়া অসমৰ নৈসৰ্গিক শোভাৰ প্ৰেমত পৰিছে বিদেশী পৰ্যটক । শিলঘাট জাহাজঘাটত একেলগে তিনিখনকৈ প্ৰকাণ্ড জাহাজ গংগা বিলাস, এম ভি মহাবাহু, চৰাইদেউ দেখি আপ্লুত হৈ পৰে স্থানীয় লোকসকলো ।

লগতে পঢ়ক:পদিনা খেতিৰেই মাহিলী লাখ টকা উপাৰ্জন মৰ্মে কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.