ETV Bharat / state

সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি ভোটদান জনপ্ৰতিনিধিৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 2:46 PM IST

Lok Sabha Election 2024
সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি ভোটদান জনপ্ৰতিনিধিৰ

Lok Sabha Election 2024: পুৱাৰে পৰা ৰাজ্যৰ ৫ টা সমষ্টিত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে । সাধাৰণ ভোটাৰৰ লগে লগে ৰাজ্যৰ বিধায়ক, সাংসদ, মন্ত্ৰী সকলোৱে ভোটদান কৰিলে ।

সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি ভোটদান জনপ্ৰতিনিধিৰ

নিউজ ডেস্ক,১৯ এপ্ৰিল : আজি ৰাজ্যৰ ৫ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । পুৱাৰে পৰা ভোটকেন্দ্ৰবোৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে । প্ৰতিটো সমষ্টিতে ভোটাৰৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে । সাধাৰণ ভোটাৰৰ সমান্তৰালকৈ জনপ্ৰতিনিধিসকলেও ভোটাধিকাৰ সাব্যস্ত কৰা দেখা গৈছে । তেওঁলোকেও সাধাৰণ ভোটাৰৰ লগতে শাৰীত থিয় দিছে ।

কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনেও পুৱাই ভোটদান কৰে । বৰপথাৰৰ যোৰহটীয়া শিশু কল্যাণ এল.পি স্কুলত বিধায়কগৰাকীয়ে ভোটদান কৰে । ভোটদান কৰি সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে এয়া সকলোৰে গণতান্ত্ৰিক অধিকাৰ । তেওঁ দাবী কৰা মতে এইবাৰ কাজিৰঙাত ৯০ শতাংশ ভোট বিজেপিয়ে লাভ কৰিব । লগতে তেওঁ নিশ্চিত যে সৰুপথাৰৰ পৰা ১ লাখ ভোটত বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাই অগ্ৰগতি লাভ কৰিব ।

ইফালে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়েও গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত অংশগ্ৰহণ কৰে । নাওশলীয়া গাঁও এল.পি স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰে যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে । গণতন্ত্ৰ শক্তিশালী কৰাৰ স্বাৰ্থত ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ তেওঁ ভোটাৰসকলক আহ্বান জনায় । পূৰ্বতকৈ ভোটদানৰ হাৰ বৃদ্ধি হোৱাৰো আশা ব্যক্ত কৰে বিধায়কগৰাকীয়ে ।

একেদৰে বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাইও পুৱাই ভোটদান কৰে । ম'হমাইকী গাঁও পঞ্চায়তৰ অন্তৰ্গত জ্যোতি বিদ্যাপীঠত মন্ত্ৰীগৰাকীয়ে ভোটদান কৰে । সকলোকে ভোটদানৰ বাবে ওলাই আহিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

বাকী জনপ্ৰতিনিধিসকলৰ দৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তইও পুৱাই নিজৰ ভোটকেন্দ্ৰত ভোটদান কৰে । মাতৃ, পত্নী আৰু ভাতৃৰ সৈতে ৮৮ নং তেলীয়া গাঁও অংগনৱাড়ী কেন্দ্ৰত ভোটদান কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীৰ মতে এইবাৰ কাজিৰঙা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে জয়ী হ'ব । কলিয়াবৰত প্ৰাৰ্থীগৰাকী প্ৰায় ৬০ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰিব বুলিও তেওঁ দাবী কৰে ।

নৱ গঠিত ৭৯ নং চিচিবৰগাঁও সমষ্টিৰ চিলাপথাৰ ছ'চাইটি প্ৰাথমিক বিদ্যালয়ৰ ১৩৭ নং ভোটকেন্দ্ৰত সাধাৰণ ভোটাৰৰ লগত শাৰী পাতি ভোটদান কৰিলে বিধায়ক ভূৱন পেগুৱে । তেওঁৰ মতে এইবাৰ লখিমপুৰ সমষ্টিৰ ভোটদানৰ হাৰ পূৰ্বতকৈ যথেষ্ট বৃদ্ধি হ'ব ।

লগতে পঢ়ক :আৰম্ভ ভোটযুদ্ধ : কোন কোন বিধায়কে সাব্যস্ত কৰিলে ভোটাধিকাৰ ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.