ETV Bharat / state

চিকিৎসা সেৱাৰ নামত হ’ব পাৰে সৰ্বস্বান্ত : স্বাস্থ্য় সেৱা কাৰ্ড বনোৱাৰ নামত মাজুলীত সংগ্ৰহ লক্ষাধিক ধন - Fake health company in Majuli

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 7:00 PM IST

Majuli life health care pvt ltd : মাজুলী লাইফ হেলথ কেয়াৰ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ৷ কোম্পানীটোৱে চাকৰি দিয়াৰ লগতে স্বাস্থ্য সেৱা কাৰ্ডত সুবিধা দিয়াৰ নামত মাজুলীবাসীৰ পৰা ধন সংগ্ৰহ কৰা বুলি উত্থাপিত হৈছে অভিযোগ ৷ কোম্পানীটোৱে কেনেদৰে সাধাৰণ ৰাইজৰ পৰা ধন লুটিছিল, চাওক এই প্ৰতিবেদনত ৷

FAKE HEALTH COMPANY IN MAJULI
ভুৱা কোম্পানীৰ পয়োভৰ (Etv Bharat Assam)

মাজুলী, 11 জুন : ঠগ-প্ৰৱঞ্চনাৰে যেন ভৰি পৰিছে অসমৰ চৌদিশ ৷ বিশেষকৈ অসমৰ গ্ৰাম্য অঞ্চলত সাধাৰণ ৰাইজৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি এচামে প্ৰৱঞ্চনাৰে ধন লুটি-পুতি নিয়াৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ শেহতীয়াকৈ মাজুলীত এনে প্ৰৱঞ্চনাৰ জাল ৰচি বহু লোকৰ কষ্টোপাৰ্জিত ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে মাজুলী লাইফ হেলথ কেয়াৰ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে ৷

মাজুলীত প্ৰৱঞ্চনাৰ জাল (Etv Bharat Assam)

কোম্পানীটোৱে চিকিৎসা সোৱাৰ নামত ঘৰে ঘৰে গৈ কাৰ্ড বনোৱাৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে ৷ একোগৰাকী লোকৰ পৰা প্ৰায় 5000 টকাকৈ কোম্পানীটোৱে ধন সংগ্ৰহ কৰে ৷ এনেদৰে পশু মিত্ৰৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি দীৰ্ঘদিনে পলাই আছিল কোম্পানীটোৰ সঞ্চালক পলাশজ্যোতি বৰা ৷ এই অভিযোগ মাজুলীবাসীৰ ৷

লগতে পঢ়ক: চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত আটাছুৰ পৰা বহিষ্কাৰ মনোজ গগৈক - Manoj Gogoi Expelled From ATASU

সমান্তৰালকৈ একেটা কোম্পানীয়ে চৰকাৰী চাকৰি দিয়াৰ নামতো প্ৰায় 5-6 লাখ টকাকৈ সাধাৰণ ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল ধন ৷ এই কোম্পানীৰ মুখ্য আহ্বায়ক হিচাপে দায়িত্বত আছিল শ্ৰীৰাম পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰমেশ বৰুৱা ৷ কেৱল এয়াই নহয়, এই ভুৱা কোম্পানীটো চলাবলৈ বৰুৱাই পঞ্চায়তৰ এটা কোঠা প্ৰদান কৰিছে ৷

পিছে দিন আছিল বেয়া ৷ মঙলবাৰে চাকৰি দিয়াৰ নামত সপত্নীক ঢকুৱাখনাৰ পৰা ধন সংগ্ৰহ কৰিবলৈ মাজুলীলৈ অহা পলাশজ্যোতি বৰাক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৱদ্ধ কৰি ৰাখে ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, গুৱাহাটী মহানগৰীৰ এপ’ল’ হাস্পতালত কোম্পানীটোৱে চিকিৎসা সেৱা প্ৰদান কৰা হ’ব বুলি দীৰ্ঘদিনে মাজুলীৰ ভিন্ন প্ৰান্তৰ ৰাইজক ঠগি প্ৰদান কৰি আহিছিল ভুৱা স্বাস্থ্য সেৱা কাৰ্ড ৷

লগতে পঢ়ক: "চৰকাৰী চাকৰি" লৈ ঋণত ডুবিল বহু যুৱক ! লখিমপুৰত অভূতপূৰ্ব প্ৰৱঞ্চনা - Job Cheating in Lakhimpur

আচৰিত হ’বলগীয়া কথা এয়ে যে, এই কোম্পানীটোৰ বেৱছাইটত উল্লেখ কৰা অনুসৰি উজনি মাজুলীৰ এগৰাকী বিজেপি নেত্ৰী এই কোম্পানীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ৷ তদুপৰি প্ৰশান্ত বৰা নামৰ এগৰাকী মাজুলীৰে বাসিন্দা কোম্পানীটোৰ সঞ্চালকৰ দৰে গুৰু দায়িত্বত ন্যস্ত আছে ৷

ইয়াৰোপৰি ঔটেঙা গুৰি, মানিমুনি, ভেদাইলতা, অৰ্জুন ছালৰ গুৰিৰ বাবে কেঁচামাল সংগ্ৰহৰ কামত নিয়োজিত বহুলোকক কোম্পানীটোৱে প্ৰাপ্য ধন আদায় নিদিয়াৰো অভিযোগ উত্থাপন হৈছে ৷ স্থানীয় ৰাইজে আৱদ্ধ কৰি ৰখা পলাশজ্যোতি বৰা নামৰ যুৱকগৰাকীৰ ঘৰ যোৰহাটত যদিও যুৱকগৰাকীৰ আধাৰকাৰ্ডত লিপিবদ্ধ তথ্য অনুসৰি মাজুলীৰ শ্ৰীৰাম গাঁৱতহে তেওঁৰ ঘৰ বুলি দেখুওৱা হৈছে ৷ একেজন ব্যক্তিৰে দুটাকৈ ঠিকনা থকাত বিমোৰত পৰিছে মাজুলীৰ স্থানীয় ৰাইজ ৷

লগতে পঢ়ক: সোণৰ গহণা, কাঁহ-পিতলৰ সামগ্ৰী চাফা কৰোতে সাৱধান, আপুনিও বলি হ'ব পাৰে প্ৰৱঞ্চনাৰ - Fraud case in Dibrugarh

দেখা গৈছে যে, বিগত কিছুদিনত মাজুলীত এনে ঠগ-প্ৰৱঞ্চনাৰ ঘটনা অত্যধিক পৰিমাণে সংঘটিত হৈ আহিছে ৷ এই কোম্পানীটোৰ বিৰুদ্ধে এতিয়া স্থানীয় প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবনে নাই, সেয়া হ’ব লক্ষণীয় ৷ কাৰণ ইতিপূৰ্বে এই ভুৱা কোম্পানীটোৰ সৈতে বিজেপি নেত্ৰী তথা পঞ্চায়তৰ এগৰাকী প্ৰাক্তন সভাপতি জড়িত থকাৰ কথা পোহৰলৈ আহিছে ৷

লগতে পঢ়ক: চি ডি এমত জমা নকৰি আত্মসাৎ কোটি কোটি টকা : গুৱাহাটীত জালত পৰিল প্ৰৱন্ধক - Manager Arrested In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.