ETV Bharat / state

সকলো খাকী পোছাকধাৰীকেই পুলিচ বুলি ভৱাৰ আগত এই কাহিনীটো শুনক...

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 11:26 AM IST

মহানগৰীৰ মেগজিনত খাকী পোছাকত ডকাইতৰ দলৰ সন্ত্ৰাস
মহানগৰীৰ মেগজিনত খাকী পোছাকত ডকাইতৰ দলৰ সন্ত্ৰাস

Guwahati Fake Cop: সাৱধান মহানগৰবাসী ! এইবাৰ গুৱাহাটী মহানগৰীত আৰক্ষীৰ বেশত পিটপিটাই ফুৰিছে ডকাইতৰ দল । খাকী পোছাকধাৰী এনে ডকাইতৰ দলে নিজকে আপোনাৰ নিকটতম থানাৰ আৰক্ষী বুলি পৰিচয় দি আপোনাৰ ঘৰত প্ৰবেশ কৰি ভয়-ভাবুকিৰে লুটি নিব পাৰে আপোনাৰ সাঁচতীয়া ধন-সম্পত্তি । তেনে এক ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে নুনমাটি অঞ্চলৰ পৰা ।

মহানগৰীৰ মেগজিনত খাকী পোছাকত ডকাইতৰ দলৰ সন্ত্ৰাস

গুৱাহাটী, ১৪ মাৰ্চ : গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত মেগজিন, শিৱ মন্দিৰ পথত অলপতে এজন লোকৰ ঘৰত সংঘটিত হয় এক ৰহস্যজনক ঘটনা । আৰক্ষীৰ পৰা জানিব পৰা মতে, যোৱা ১০ মাৰ্চৰ দিনৰ ভাগত আৰক্ষীৰ পোছাক পৰিধান কৰি অহা তিনিজন লোকে প্ৰৱেশ কৰে মেগজিন নিবাসী অটোচালক দেৱজিৎ শৰ্মাৰ ঘৰত ।

তাৰ পিছত আৰক্ষীৰ পোছাক পৰিহিত লোককেইজনে প্ৰথমে নিজকে নুনমাটি থানাৰ আৰক্ষী বুলি পৰিচয় দি দেৱজিৎ শৰ্মাৰ নামত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি হোৱা বুলি অৱগত কৰে । আদালতৰ নিৰ্দেশৰ ভিত্তিত তিনি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অহা বুলি অৱগত কৰাত স্বাভাৱিকতে হতচকিত হৈ পৰে ভুক্তভোগী দেৱজিৎ শৰ্মা । তাৰ পিছত তেওঁলোকৰ পৰা তেওঁৰ নামত অহা জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানাখন চাব বিচাৰে ।

কিন্তু নানা অজুহাত দেখুৱাই আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰী পৰোৱানাখন দেখুৱাবলৈ অমান্তি হয় । দেৱজিৎ শৰ্মাই বিনা কাৰণত কিয় আটক কৰা হ'ব বুলি আৰক্ষীৰ দলটোক প্ৰশ্ন কৰাত আৰক্ষীৰ বেশত অহা ডকাইতৰ দলটোৱে গাড়ী ক্ৰয় কৰাৰ বাবদ পাবলগীয়া ধন পৰিশোধ নকৰা বাবে মহিন্দ্ৰ ফাইনেন্স কোম্পানীয়ে তেওঁৰ নিৰুদ্ধে আদালতত তৰা গোচৰৰ ভিত্তিত দিয়া ৰায়দানতহে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অহা বুলি ব্যক্ত কৰে । লগতে শৰ্মাক আদালতৰ নিৰ্দেশ মানি তেওঁলোকৰ লগত যাবই লাগিব বুলি জোৰ কৰে । কিন্তু দেৱজিৎ শৰ্মাই অলপতে এক দুৰ্ঘটনাত পতিত হৈ ঘৰতে শয্যাশায়ী হৈ থকা বুলি আৰক্ষীৰ দলটোক জানিবলৈ দিয়ে ।

এই কথা জানিব পাৰি ভুৱা আৰক্ষীৰ দলটোৱে গোচৰটো স্থগিত ৰখাৰ বাবে দেৱজিৎ শৰ্মাৰ পৰা ধনদাবী কৰে । কিন্তু চিকিৎসাৰ নামত বহু টকা খৰচ হোৱা বাবে তেওঁৰ হাতত টকা নাই বুলি কোৱাৰ পিছতো সেই কথাত অমান্তি হোৱাত উপায়ন্তৰ হৈ আৰক্ষীৰ দলটোক সামান্য পৰিমাণৰ হ'লেও ধন আদায় দিবলৈ বাধ্য হয় । ভুৱা আৰক্ষীৰ দলটোৱে সেই ধন লৈ দেৱজিৎ শৰ্মাৰ চিকিৎসালয়ত ভৰ্তি হোৱা কাগজ,মোকৰ্দমাৰ কাগজ-পত্ৰৰ ফটো লৈ ঘৰৰ পৰা ওলাই যায় ।

কিন্তু আৰক্ষীৰ পোছাক পৰিহিত লোককেইজনৰ চলন-ফুৰণ, পোছাক, জোতা, বেল্ট আদি পৰ্যবেক্ষণ কৰি দেৱজিৎ শৰ্মাৰ সন্দেহ ওপজে । পিছত দেৱজিৎ শৰ্মাই সেই কথা স্থানীয় কেইজনমান লোকক অৱগত কৰে । স্থানীয় লোকৰ পৰামৰ্শ মতে ভুক্তভোগী দেৱজিৎ শৰ্মাই ভুৱা আৰক্ষীৰ দলটোৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰ দাখিল কৰিবলৈ তেওঁৰ পত্নীক পঠিয়াই দিয়ে ।

ঘটনাৰ দুদিন পিছত অৰ্থাৎ যোৱা ১২ মাৰ্চত দেৱজিতৰ পত্নীয়ে থানাত উপস্থিত হৈ আৰক্ষীক সকলো কথা বিৱৰি কোৱাতহে ওলাই পৰে উৰহি গছৰ ওৰ । মহিলাগৰাকীৰ কথা শুনি নুনমাটি আৰক্ষীও স্বাভাৱিকতে হৈ পৰে হতভম্ব । নুনমাটি আৰক্ষীয়ে দেৱজিৎ শৰ্মাৰ ঘৰত থানাৰ তৰফৰ পৰা কোনো ধৰণৰ আৰক্ষী প্ৰেৰণ কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে । ইফালে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি আৰক্ষীৰ বেশত অহা লোকক বিচাৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :তেজপুৰত পৃথক পথ দুৰ্ঘটনাত আৰক্ষী বিষয়াসহ দুজন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.