ETV Bharat / state

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰাক্তন বিদ্ৰোহীয়ে - PC of the rebel groups

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 5:12 PM IST

Rebels express anger against government in Diphu
চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰাক্তন বিদ্ৰোহীয়ে

চৰকাৰৰ বিৰুদ্ধে খং-ক্ষোভ উজাৰিলে ডিফুৰ প্ৰাক্তন বিদ্ৰোহীসকলে । বিজেপি চৰকাৰে আমাক ঠগিছে বুলি উল্লেখ কৰি টীম কাৰ্বি আংলঙে তেওঁলোকৰ টকা খাইছে বুলি অভিযোগ উত্থাপন কৰে ।

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰাক্তন বিদ্ৰোহীয়ে

ডিফু,৩০ মাৰ্চ: কাৰ্বি আংলং জিলাৰ KLNLF, KPLT, UKDAকে ধৰি ছটা বিদ্ৰোহী সংগঠনে ২০২১ চনত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত শান্তি চুক্তি কৰিছিল ৷ যি চুক্তিৰ সাক্ষী আছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙো ৷ তেওঁৰ প্ৰচেষ্টাতে সংবিজিৎ ইংতি কাথাৰৰ দৰে নেতাও বহু আশাৰে মুলসুঁতিলৈ আহিছিল ৷ চৰকাৰৰ লগত হোৱা চুক্তিত চৰকাৰে বিদ্ৰোহী সংগঠনৰ নেতা-কেডাৰ সকলক সংস্থাপন, আৰ্থিক সাহায্য আৰু জিলাখনৰ উন্নয়নৰ বাবে পুঁজি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷

চৰকাৰে বহু লাখ টকীয়া অনুষ্ঠান পাতি বিদ্ৰোহীসকলৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠান অনুষ্ঠিত কৰিছিল । চাৰি লাখ টকাকৈ আৰ্থিক সাহায্য মুখ্যমন্ত্ৰী উপস্থিত হৈ উক্ত সভাতে প্ৰদান কৰিছিল ৷ মুখ্যমন্ত্ৰী আৰু মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে বিদ্ৰোহী সংগঠনৰ নেতাসকলক ৰাজনৈতিক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ সেই প্ৰতিশ্ৰুতি অনুসৰি সকলোৱে গেৰুৱা বসন পিন্ধিলে ৷ কিন্তু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ কাকোৱে দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে ৷

শুকুৰবাৰে তাৰালাংচ'ত প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ নেতা তথা কেডাৰসকলে এখন সংবাদমেলৰ আয়োজন কৰি চৰকাৰৰ বিৰুদ্ধে নিজৰ খং-ক্ষোভ প্ৰকাশ কৰে ৷ চৰকাৰে বেটেলিয়ন খুলি সংস্থাপন দিয়াৰ কথা কৈছিল যদিও আজি পৰ্যন্ত সেয়া হৈ নুঠিলে বুলি সংবাদমেলত উত্থাপন কৰে ৷ ৰাজ্য চৰকাৰে দুই লাখকৈ টকা দিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে নহ'ল ৷ মাহে ৬ হাজাৰ টকাকৈ দিয়াৰ কথা দিছিল যদিও নিদিলে ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কেডাৰসকলৰ বাবে ৩০ কোটি টকা দিয়া বুলি কৈছিল কিন্তু সেই টকা পৰিষদে কি কৰিলে কোনেও নাজানে বুলি উল্লেখ ক্ষোভ উজাৰে ৷

চুক্তিৰ হাজাৰ কোটিটকীয়া পেকেজৰ দুশ কোটি টকা দিলে ৷ পিছে সেই টকাৰে টীম কাৰ্বি আংলং ধনী হ'ল বুলি পৰিষদৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ৷ তেওঁলোকক বিজেপিত যোগদান কৰাই বিজেপি দলৰ চৰকাৰে তেওঁলোকক ঠগি আছে বুলি ক্ষোভ উজাৰে ছটাকৈ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ একাংশ কেডাৰে ৷ এইদৰে চলি থাকিলে তেওঁলোকৰ ১২ শ কেডাৰে দিছপুৰ, দিল্লীত ধৰ্ণা দিব বুলি মুকলিকৈ ঘোষণা কৰে ৷

লগতে পঢ়ক: কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী: তেজপুৰ কাৰাগাৰৰ পৰা এটা মাহত পাঁচ কয়দী পলায়ন - Prisoner Escaped From Tezpur Jail

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.