ETV Bharat / state

লক্ষ্যজ্যোতি গগৈ সন্দিকৈলৈ অনুবাদ সাহিত্যৰ সাহিত্য অকাডেমী বঁ‌টা

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 5:48 PM IST

etv bharat special interview with Sahitya Akademi Award winner Lakhyajyoti Gogoi Handique for Translation Literature
লক্ষ্যজ্যোতি গগৈ সন্দিকৈ

Sahitya Akademi Award: অনুবাদ সাহিত্যৰ বাবে সাহিত্য অকাডেমী বঁ‌টা লাভ কৰা মৰাণৰ লক্ষ্যজ্যোতি গগৈ সন্দিকৈৰ সৈতে ইটিভি ভাৰত অসমৰ আছুতীয়া সাক্ষাৎকাৰ ৷ বিভিন্ন ভাষাৰ গ্ৰন্থৰ অসমীয়া অনুবাদেৰে অন্য ভাষা-সাহিত্যৰ সোৱাদ লোৱা লক্ষ্যজ্যোতি গগৈ সন্দিকৈৰ মুখেৰেই শুনক অসমীয়া অনুবাদ সম্পৰ্কে তেওঁ মতামত কি ?

লক্ষ্যজ্যোতি গগৈ সন্দিকৈৰ ভাষ্য

ডিব্ৰুগড়, 12 মাৰ্চ : ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে মৰাণৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ৷ নাম তেওঁৰ লক্ষ্যজ্যোতি গগৈ সন্দিকৈ ৷ মৰাণ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তেওঁ ৷ কিতাপৰ গোন্ধৰ মাজতে সময় পাৰ কৰা লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত কৈ গ’ল কিদৰে তেওঁ বঁটা লাভ কৰা কিতাপখনৰ অনুবাদ কৰিবলৈ মন মেলিছিল ৷ টেমচুলা আওৰ মূল ইংলিছ আত্মজীৱনী 'Once upon a life' ৰ ‘মোৰ জীৱনটো’ ৰ বাবে এই বঁটা লাভ কৰিছে লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে ।

সাহিত্য অকাডেমী বঁ‌টা লাভ কৰি আনন্দিত হৈ পৰিছে মৰাণৰ লক্ষ্যজ্যোতি গগৈ সন্দিকৈ । মৰাণৰ সমীপৰ খোৱাং দুলীয়াত জন্ম লাভ কৰা লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে স্কুলীয়া জীৱন আৰম্ভ কৰিছিল মৰাণত । ঘৰত সৰুৰে পৰাই আছিল পঢ়া-শুনাৰ পৰিৱেশ ৷ পিতৃৰ পৰা পাইছিল বহু সা-সুবিধাৰ লগতে লিখা-মেলাৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থন ৷ সেয়াই সাহস হৈ থিয় দিলে তেওঁৰ বাবে ৷ বিভিন্ন ভাষাৰ অসমীয়া ইংৰাজী অনুবাদ পঢ়িবলৈ ল’লে তেওঁ ৷ এবাৰ স-পৰিয়ালে গ্ৰন্থমেলালৈ ওলাই যাওতে তেওঁৰ কন্যাৰ চকুত পৰিছিল টেমচুলা আওৰ মূল ইংৰাজী আত্মজীৱনী Once upon a life গ্ৰন্থখন ৷ ছবি আঁকি ভালপোৱা তেওঁৰ কন্যাক আকৰ্ষণ কৰে গ্ৰন্থখনৰ বেটুপাতে ৷ কিনি ল’লে কিতাপখন তেওঁ ৷

কিতাপেই শিক্ষকৰ বাবে দৰকাৰী সজুঁলি বুলি অনুভৱ কৰা লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে একে বহাতে এই কিতাপখন পঢ়ি শেষ কৰিছিল ৷ কিতাপখন পঢ়ি থাকোতে কাহিনীটো তেওঁ এগৰাকী বান্ধৱীকো কৈছিল ৷ কিতাপখন পঢ়ি তেওঁ অনুভৱ কৰিলে যে এই কিতাপখন তেওঁৰ বন্ধু-বান্ধৱী আৰু আত্মীয়ই পঢ়ি ভাল পাব ৷ সেয়াই তেওঁক আত্মজীৱনী Once upon a life গ্ৰন্থখন অনুবাদ কৰিবলৈ প্ৰেৰণা যোগায় ৷ চাৰিবছৰ মান লাগিছিল এই কিতাপখন অনুবাদ কৰিবলৈ ৷ 2018 চনত প্ৰথম প্ৰকাশ হৈছিল কিতাপখনৰ ৷

বৰ্তমানলৈকে তেওঁ দুখনেই কিতাপ অনুবাদ কৰিছে ৷ প্ৰথমখন আছিল the prophet ৷ যাৰ অনুবাদ কৰি তেওঁ নাম দিছিল ‘দ্ৰষ্টা ’৷ তেওঁ কটন কলেজত পঢ়ি থকা সময়ত খুব ভাল কবিতা আৰু প্ৰৱন্ধ লিখিছিল ৷ পিচলৈ শিক্ষকতাৰ সমান্তৰালভাৱে নীৰৱে অনুবাদত লাগি আছিল । বৰ্তমান মৰাণ নতুন নগৰৰ বাসিন্দা লক্ষ্যজ্যোতি গগৈ সন্দিকৈ । গ্ৰন্থখন অনুবাদ কৰিবলৈ তেওঁক চাৰিবছৰ সময় লাগিছিল । এই গ্ৰন্থখনৰ এয়া দ্বিতীয় সংস্কৰণ বুলি জানিবলৈ দিছে অনুবাদকে ।

লক্ষ্যজ্যোতি গগৈ সন্দিকৈৰ এই বঁ‌টা লাভ কৰাৰ খবৰ বিয়পি পৰাৰ পিচতে তেখেতৰ মৰাণস্থ বাসগৃহলৈ গৈ অগণন লোকে শুভেচ্ছা জনাইছে । অনাগত দিনত আন এখন জনপ্ৰিয় গ্ৰন্থ অনুবাদ কৰাৰ পৰিকল্পনা তেওঁৰ আছে বুলি জানিবলৈ দিছে । অনুবাদ সাহিত্যক লৈ যথেষ্ট আশাবাদী বুলিও কয় লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে ।

লগতে পঢ়ক : ২২ বছৰীয়া এগৰাকী কণ্ঠশিল্পীয়ে অস্কাৰ 2024 ত ৰচিলে ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.