২২ বছৰীয়া এগৰাকী কণ্ঠশিল্পীয়ে অস্কাৰ 2024 ত ৰচিলে ইতিহাস
Billie Eilish: ২০২৪ চনৰ অস্কাৰত ‘বাৰ্বি’ৰ ‘ৱাট ৱাজ আই মেড ফৰ’ৰ বাবে শ্ৰেষ্ঠ মৌলিক গীতৰ বঁটা লাভ কৰিছে বিলি আইলিশে । ইয়াৰ লগে লগে ২২ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে অস্কাৰত ৮৭ বছৰীয়া অভিলেখ ভংগ কৰি এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় ।

Published : March 11, 2024 at 1:57 PM IST
চিটাৰা ডেস্ক, ১১ মাৰ্চ: অস্কাৰ ২০২৪ত জনপ্ৰিয় গায়িকা বিলি আইলিশে ‘বাৰ্বি’ৰ ‘ৱাট ৱাজ আই মেড ফৰ’ৰ বাবে মৌলিক গীতৰ শাখাত বঁটা লাভ কৰিছে । ২২ বছৰীয়া বিলি আইলিশে অস্কাৰত দ্বিতীয়বাৰৰ বাবে অস্কাৰ বঁটা লাভ কৰি এক নতুন ইতিহাসৰ ৰচিবলৈ সক্ষম হয় ৷
ইয়াৰ লগে লগে আটাইতকৈ কম বয়সত দুটাকৈ অস্কাৰ বঁটা লাভ কৰি একাডেমী বঁটাৰ ৮৭ বছৰীয়া অভিলেখ ভংগ কৰে বিলিয়ে । বিলিৰ লগতে গায়ক ফিনিছে ‘বাৰ্বি’ৰ ‘ৱাট ৱাজ আই মেড ফৰ’ৰ বাবে মৌলিক গীতৰ বঁটা লাভ কৰিছে । ‘ৱাট ৱাজ আই মেড ফৰ’ আছিল ব্লকবাষ্টাৰ ছবি ‘বাৰ্বি’ৰ মূল চাউণ্ডট্ৰেক ।
বিলি আইলিশে দুটাকৈ অস্কাৰ লাভ কৰি ৰচিলে ইতিহাস
২০২৪ চনৰ অস্কাৰত ২২ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে অস্কাৰ বঁটা লাভ কৰি ৮৭ বছৰীয়া অভিলেখ ভংগ কৰিছে বিলি আইলিশে । এনে পৰিস্থিতিত যেতিয়া বিলি আইলিশে বঁটা গ্ৰহণ কৰিবলৈ মঞ্চলৈ আহে, তেতিয়া তেওঁ আৱেগিক হৈ পৰে । মঞ্চত মাইকটো হাতত লৈ বিলিয়ে আৱেগিক হৈ কয়, ‘‘মই অতি ভাগ্যৱান আৰু মোৰ কঠোৰ পৰিশ্ৰমৰ ইমান ভাল ফলাফল পাই মই অতি সুখী ।’’
বিলি আইলিশে লগতে কয়, ‘‘মোক ইমান মৰম দিয়াৰ বাবে আৰু ‘বাৰ্বি’ চিনেমাৰ ‘ৱাট ৱাজ আই মেড ফৰ’ গীতটো ইমান ভাল পোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ ।’’ অস্কাৰ ২০২৪ৰ বহু ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত বিলি আইলিশে তেওঁৰ সম্পৰ্কীয় ভাতৃ ফিনিছৰ সৈতে ‘বাৰ্বিৰ ‘ৱাট ৱাজ আই মেড ফৰ’ৰ মূল গীতটোৰ বাবে এই বঁটা লাভ কৰা দেখা গৈছে ।
উল্লেখ্য যে, বিলি আইলিছে ইয়াৰ পূৰ্বে ডেনিয়েল ক্ৰেগ অভিনীত ‘জেমছ বণ্ড’ ছবিত ‘নো টাইম টু ডাই’ৰ বাবে ২০২১ চনত শ্ৰেষ্ঠ মৌলিক গীতৰ অস্কাৰ লাভ কৰিছিল ।
২২ বছৰীয়া বিলি আইলিছে ৮৭ বছৰীয়া অভিলেখ ভংগ কৰি এইবাৰ দ্বিতীয়টো অস্কাৰ লাভ কৰে । বিলিয়ে ২২ বছৰ বয়সত দুবাৰৰ আটাইতকৈ কম বয়সীয়া অস্কাৰ বিজয়ী হৈ ইতিহাস ৰচনা কৰে ৷ ইয়াৰ লগে লগে ২৮ বছৰ বয়সত দ্বিতীয়টো অস্কাৰ বিজয়ী লুইছ ৰেইনাৰৰ অভিলেখ ভংগ কৰে । ইতিমধ্যে আইলিশে গ্ৰেমী আৰু গোল্ডেন গ্ল’বছ লাভ কৰিছে ।
ইয়াৰ উপৰিও তেওঁ ‘ৱাট ৱাজ আই মেড ফৰ’ৰ বাবে ছ’চাইটি অৱ কম্পোজাৰ্ছ এণ্ড লিৰিছিষ্টৰ বঁটা লাভ কৰে । এই গীতটিৰ ভিউজ হৈছে ৬৩৩ মিলিয়নতকৈও অধিক ।
লগতে পঢ়ক : অস্কাৰ ২০২৪ ত কোনে সৰ্বাধিক বঁটা লাভ কৰিছে ? বিজয়ীৰ সম্পূৰ্ণ তালিকা চাওক

