ETV Bharat / state

নুমলীগড়ত দুই গজৰাজৰ তয়াময়া ৰণ

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 6:00 PM IST

Numaligarh elephant fight: বোকাখাতৰ নুমলীগড়ত এক শ্বাসৰুদ্ধকাৰী যুদ্ধ ৷ উদ্দেশ্য- অস্তিত্ব জাহিৰ অথবা প্ৰভূত্ব বিস্তাৰ ৷ দুই হাতীৰ মাজত তয়াময়া ৰণ নুমলীগড়ত ৷ ই টিভি ভাৰতৰ কেমেৰাত বন্দী দুই গজৰাজৰ যুঁজ ৷

elephant-fight-in-numaligarh
গজৰাজৰ তয়াময়া ৰণ

গজৰাজৰ তয়াময়া ৰণ

কাজিৰঙা, 28 ফেব্ৰুৱাৰী : সভ্য সমাজত যুদ্ধও যেন এক সভ্যতাৰ পৰিচয় ৷ পৃথিৱীৰ আদিৰে পৰা চলি আহিছে যুদ্ধ ৷ হাজাৰজনৰ মাজত পৰাক্ৰমী হোৱাৰ মানসৰ আঁৰতে এই যুদ্ধৰ আৰম্ভণি ৷ অতীতৰ কাহিনীবোৰৰ পৰা এনেকুৱা অনুমান হয় যেন যুদ্ধৰ মাজেৰেই আমি আজি এই পৰ্যায় পাইছোহি ৷ ইতিহাসৰ পাত খুচৰিলে আমি দেখা পাওঁ যুদ্ধৰ আঁৰৰ ভিন্ন কাৰণ ৷ সাম্ৰাজ্য বিস্তাৰ কৰা, পছন্দৰ নাৰী নিজৰ কৰি লোৱাৰ পৰা আৰম্ভ কৰি নিজৰ ধৰ্মীয় উপাসনাস্থলী নিৰ্মাণ কৰালৈকে বিভিন্ন কাৰণত ৰজা-মহাৰজাসকলে যুদ্ধ ঘোষণা কৰিছিল ৷ শেহতীয়াকৈ যুদ্ধৰ এটা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ই টিভি ভাৰতৰ কেমেৰাত বন্দী হৈছে এই যুদ্ধৰ দৃশ্য ৷

এয়া যুদ্ধৰ সময় ৷ পৃথিৱীত সময়ে সময়ে চলি থাকে যুদ্ধ ৷ বাজি থাকে ৰণশিঙা ৷ কেতিয়াবা যদি হতাহতি কেতিয়াবা আকৌ আততায়ীৰ আক্ৰমণ ৷ কেতিয়াবা অস্ত্ৰৰ যুঁজ কেতিয়াবা অৰ্থনৈতিক যুঁজ ৷ নিজৰ প্ৰভূত্বৰ বাবে সভ্যতাই ঢুকি নোপোৱা সময়ৰ পৰাই চলি আহিছে এনে যুঁজ । পৃথিৱীৰ জীৱশ্ৰেষ্ঠ বুলি অভিহিত মানুহেই শীৰ্ষত আছে এনে যুঁজ-বাগৰত । মানুহৰ ক্ষমতা দখলৰ অভিসন্ধিত কৌটিকালৰ পৰা চলা এই যুঁজসমূহেৰে কালক্ৰমত ভৰে ইতিহাসৰ পৃষ্ঠা ৷ আধুনিক সময়ত এই যুঁজবোৰে দখল কৰে সংবাদ মাধ্যমৰ শিৰোনাম । যুদ্ধৰ বাবেই সমাজত অৰাজকতা চলে ৷ অৰণ্যৰ সমাজতো সময়ে সময়ে চলে শক্তিৰ যুঁজ ৷ আজিৰ এই সংবাদৰ মুখ্য বিষয় অৰণ্যৰ যুঁজ ৷

বন্যহস্তীৰ এক যুঁজে এতিয়া দখল কৰিছে সংবাদ শিৰোনাম । ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নুমলীগড়ত চলিছে দুই মখনা হাতীৰ তয়াময়া ৰণ । গগণ ফলা চিঞৰত বিদীৰ্ণ কৰিছে চৌদিশ । এবাৰ যদি এশ গজ পিছুৱাই গৈছে দুই মাতঙ্গ, তাৰ পাচতেই তীব্ৰ বেগেৰে আহি আক্ৰমণ কৰিছে ইটোৱে সিটোক । এইদৰে এই যুঁজ চলি থাকে প্ৰায় দুঘন্টা ধৰি ৷

লগতে পঢ়ক : মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হস্তী গণনা প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.