ETV Bharat / state

বিধায়কক সাংসদ বনাই ৰাইজে আৰু উপ-নিৰ্বাচন নিবিচাৰে: দুলু আহমেদ - LOK SABHA ELECTIONS

Lok Sabha Election 2024: তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । বৰপেটা লোকসভা সমষ্টিত স্ব-ঘোষিত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দুলু আহমেদেও অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ । বৰপেটাত উপস্থিত হৈ আহমেদে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

Dulu Ahmed campaigns in Barpeta Lok Sabha constituency
বৰপেটাত দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ
author img

By ETV Bharat Assamese Team

Published : March 22, 2024 at 8:07 PM IST

2 Min Read
Choose ETV Bharat
বৰপেটাত দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ

বৰপেটা,২২ মাৰ্চ: বৰপেটাত দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ অভিযান । শুকুৰবাৰে বৰপেটাত উপস্থিত হৈ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুলু আহমেদ সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ কথা ব্যক্ত কৰে । বৰপেটা লোকসভা সমষ্টিত চাৰিদিনীয়া প্ৰচাৰ অভিযানত ভাগ ল'বলৈ আহি তেওঁ কয় এইবাৰ বৰপেটা লোকসভা নিৰ্বাচনত দুলু আহমেদ আৰু অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভুষন চৌধুৰীৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব আৰু এই প্ৰতিদ্বন্দ্বিতাত দুলু আহমেদ জয়ী হ'ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

কাৰণ ফণীভুষন চৌধুৰীয়ে নিজেই দিল্লীলৈ গৈ সাংসদ হ'ব বিচৰা নাই । গতিকে বৰপেটাবাসী ৰাইজে তেওঁৰ মনৰ আশা পূৰণ কৰিব লাগে । তেওঁৰ মনৰ আশা পূৰণ কৰিলে দুলু আহমেদ বৰপেটা লোকসভা সমষ্টিৰ পৰা জয়ী হ'ব । ইয়াত চিপিএমৰ মনোৰঞ্জন তালুকদাৰ আৰু কংগ্ৰেছৰ দীপ বায়ন কোনো প্ৰভাৱ পেলাব নোৱাৰে ।

আনহাতে দুলু আহমেদে প্ৰতিদ্বন্দ্বিতা কৰিলে অগপৰ প্ৰাৰ্থী ফণীভুষন চৌধুৰীৰ লাভ হ'ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্ন সন্দৰ্ভত তেওঁ কয়, তেওঁৰ উদেশ্য বৰপেটাৰ আসনখনত জয়লাভ কৰা । ইয়াত কাৰ লাভ হ'ব, কাৰ লোকচান হ'ব সেয়া দুলু আহমেদে বৰ্তমানেও ভবা নাই । মনোৰঞ্জন তালুকদাৰ এতিয়াও বিধায়ক হৈয়ে আছে আৰু বিধায়কক সাংসদ বনাই উপ-নিৰ্বাচন আৰু ৰাইজে নিবিচাৰে ।

এ আই ইউ দি এফ ৰ সমৰ্থন লাভ কৰিব নেকি সোধা প্ৰশ্নৰ উত্তৰত দুলু আহমেদে কয় যে, তেওঁক সকলোৰে ভোট লাগিব । ৰাইজক বিভ্ৰান্তি কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বদৰুদ্দিন আজমলে তেওঁক সমৰ্থন জনোৱা বুলিও প্ৰচাৰ কৰিব পাৰে । কিন্তু ৰাইজক তেনে কথাত গুৰুত্ব নিদিবলৈ আহ্বান জনাই আহমেদে । ইফালে দীপ বায়নে বৰপেটা লোকসভা সমষ্টিত এক লাখৰ তলত ভোট লাভ কৰিব বুলি উল্লেখ কৰে দুলু আহমেদে ।

লগতে পঢ়ক: অজাপ ত্যাগ দুলু আহমেদৰ: চাটুকাৰিতাৰ ৰাজনীতি কৰাৰ অভিযোগ লুৰীণৰ বিৰুদ্ধে