ETV Bharat / state

কেইবাটাও স্থানত ইভিএম বিকল, মৰিগাঁৱত ভোটাৰৰ মাজত মাৰপিট - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 12:21 PM IST

Updated : Apr 26, 2024, 2:25 PM IST

Lok Sabha Election 2024
কেইবাটাও স্থানত ইভিএম বিকল, মৰিগাঁৱত ভোটাৰৰ মাজত মাৰপিট

Lok Sabha Election 2024: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে মৰিগাঁৱৰ লাহৰীঘাটৰ এটা ভোটকেন্দ্ৰত ভোটাৰৰ মাজত মাৰপিট । শাৰী পতাক কেন্দ্ৰ কৰি এই উত্তেজনাময় পৰিৱেশ । শিলচৰ লোকসভা সমষ্টি আৰু দৰং-ওদালগুৰি সমষ্টিৰ কেইবাটাও ভোটকেন্দ্ৰত ইভিএম বিকল ।

কেইবাটাও স্থানত ইভিএম বিকল, মৰিগাঁৱত ভোটাৰৰ মাজত মাৰপিট

নিউজ ডেস্ক,২৬ এপ্ৰিল : আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । পুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণভাৱে ভোটকেন্দ্ৰবোৰত ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে । অৱশ্যে তাৰ মাজতে কেইটাবাটাও ভোটেকেন্দ্ৰত ইভিএম বিকল হোৱাৰ খবৰ আহিছে । যাৰ বাবে ভোটকেন্দ্ৰৰ বাহিৰত কেইবাঘণ্টা ধৰি অপেক্ষাও কৰিছে ভোটাৰে । ইফালে ভোটাৰৰ মাজত মাৰপিটৰ ঘটনাও পোহৰলৈ আহিছে ।

মৰিগাঁও:

মৰিগাঁও জিলাৰ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত এটা ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ভোটাৰৰ মাজত শাৰী পতাক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট হোৱা দেখা যায় । লাহৰীঘাটৰ ২৭৯ নং ভোটকেন্দ্ৰত এই উত্তপ্ত পৰিস্থিতি । জানিব পৰা ভূৰাগাঁও থানাৰ অন্তৰ্গত দুৰাবান্ধী ছেকেণ্ডাৰী স্কুলৰ ভোটকেন্দ্রত এই ঘটনা সংঘটিত হয় । অৱশ্যে নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

শিলচৰ:

শিলচৰ লোকসভা সমষ্টিৰ সোনাই নগদীৰগ্ৰাম এল.পি স্কুলৰ ভোটকেন্দ্ৰত ইভিএম বিকল হোৱাৰ কথা জানিব পৰা গৈছে । যাৰ বাবে প্ৰায় ১ ঘণ্টা পলমকৈ ভোটদান আৰম্ভ হয় ৩৬১ নং নগদীৰগ্ৰাম এল.পি স্কুলৰ ভোটকেন্দ্ৰৰ ২ নম্বৰ কোঠাত ।

একেদৰে শিলচৰ চহৰৰ তাৰাপুৰ নৃত্যময়ী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰতো ইভিএম বিকলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰায় ১ ঘণ্টা পলমকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাত উত্তেজিত হৈ পৰে ভোটৰসকল ।

কাটিগড়াৰ তাৰিণীপুৰত ২২৯ নম্বৰ ভোটকেন্দ্ৰতো একেই পৰিৱেশ । ইভিএম বিকল হোৱাৰ বাবে প্ৰায় ১ ঘণ্টা পলমকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয় । কাটিগড়া ধুমকৰৰ ১৫০ নম্বৰ কেন্দ্ৰতো ইভিএম বিকল হোৱাৰ বাবে আধা ঘণ্টা পলম হয় ভোটদান প্ৰক্ৰিয়া ।

দৰং-ওদালগুৰি সমষ্টি:

একেদৰে দৰং-ওদালগুৰি সমষ্টিৰ বিভিন্ন স্থানৰ পৰাও ইভিএম বিকলৰ খবৰ পোৱা গৈছে । ৰঙিয়াৰ সমীপৰ মাদৈকাটাৰ ভোটকেন্দ্ৰত পুৱা ৮ বজালৈ ভোটগ্ৰহণ আৰম্ভ কৰিব নোৱাৰাক লৈ ভোটাৰসকলৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা যায় । গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত মাদৈকাটা বালিকা এম.ই মাদ্ৰাছাৰ 'ক' শাখাত পুৱা ৮ বজালৈ ভোটগ্ৰহণ আৰম্ভ নোহোৱাত একাংশ লোকে ভোটদান নকৰাকৈয়ে উভতি যায় ।

মঙলদৈ বামুণপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰৰ এটা খণ্ডতো ইভিএম বিকল হোৱাৰ বাবে ৪৫ মিনিট পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

ছিপাঝাৰতো এটা ভোটকেন্দ্ৰত ইভিএম বিকল হোৱাৰ খবৰ পোৱা গৈছে । যাৰ বাবে ভোট দিবলৈ আহি বহুলোক উভতি যাবলগীয়া হয় । বহু সময় ধৰি অপেক্ষা কৰি অসন্তুষ্টি মনে কছাৰীপাৰা গাঁৱৰ একাংশ লোক ভোট নিদিয়াকৈয়ে উভতি গ'ল । কছাৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ ৮৮ নং ভোটকেন্দ্ৰত পুৱা ৯:৩০ বজাৰ পৰাই ইভিএম বিকল হৈ থকা বুলি জানিব পৰা গৈছে । মাতৃৰ বিয়োগৰ চতুর্থ দিনা ভোটদান কৰিবলৈ আহিছিল যদিও ইভিএম বিকল হোৱাৰ বাবে উদ্বিগ্ন হৈ ঘৰলৈ উভতি গ'ল পুত্ৰ ।

লগতে পঢ়ক :ৰাজ্যত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন; ভোটকেন্দ্ৰত ভোটাৰৰ ভিৰ - Lok Sabha Election 2024

Last Updated :Apr 26, 2024, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.