নিচাজাতীয় ঔষধসহ আৰক্ষীৰ জালত মহিলা সৰবৰাহকাৰী
Drugs peddler in Nagaon: নগাঁৱত ড্ৰাগছ সৰবৰাহত নামিছে মহিলা । নগাঁও আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় ঔষধসহ আৰক্ষীৰ জালত পৰিছে সৰবৰাহকাৰী । আৰক্ষী কঠোৰ হোৱাৰ পিচতো একাংশই কৌশলেৰে চলাই গৈছে ড্ৰাগছৰ বেহা ।

Published : February 12, 2024 at 7:04 PM IST
নগাঁও, ১২ ফেব্ৰুৱাৰী: বৰবিহ সদৃশ ড্ৰাগছৰ কৱলত পৰি ধ্বংসৰ দিছে গতি কৰিছে যুৱ প্ৰজন্ম । নগাঁৱকো যেন গ্ৰাস কৰিছে ড্ৰাগছৰ নিষিদ্ধ বেহাই । ইয়াৰ মাজতে ড্ৰাগছৰ বিৰুদ্ধে যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰিও ড্ৰাগছ নিৰ্মূল কৰিব পৰা নাই নগাঁও আৰক্ষীয়ে । ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ পিচতো একাংশই চলাই গৈছে ইয়াৰ নিষিদ্ধ বেহা। আনকি শেহতীয়াকৈ একাংশ মহিলা নামি পৰিছে ড্ৰাগছৰ বেহাত ।
ড্ৰাগছৰ বেহাত জড়িত পুৰুষ সকলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পিচত একাংশ মহিলা এই এই ব্যৱসায়ত নামি পৰাৰ অভিযোগ উত্থাপিত হৈছে। দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত পোহৰলৈ আহিছে ড্ৰাগছ সৰবৰাহত মহিলা জড়িত হোৱাৰ তথ্য । দেওবাৰে নিশা নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ উপ-পৰিদৰ্শকৰ নেতৃত্বত এটা অভিযানকাৰী দলে নগাঁও চহৰখনৰ সমীপৰ হেদায়ত নগৰত চলাই এই অভিযান । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় ঔষধসহ এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
গোপনে নিজৰ ঘৰৰ পৰাই ড্ৰাগছৰ বেহা চলাই থকা মহিলাগৰাকীক আৰক্ষীৰ দলটোৱে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিশা আৰক্ষীয়ে আটক কৰা মহিলাগৰাকীক সোধাপোছাৰ অন্তত সোমবাৰে পুৱা গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে । অভিযান কালত আৰক্ষীয়ে মহিলাগৰাকীৰ ঘৰৰ পৰা ৮ হাজাৰ ৬০টা নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি অধিক তথ্যৰ বাবে মৰিকলং আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী মহিলা গৰাকীক জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:পলাশবাৰী আৰক্ষী থানাৰ সন্মুখত ড্ৰাগছসহ আটক 2 সৰবৰাহকাৰী

