ETV Bharat / state

ভূপেন বৰাই এবছৰ ভাৰতবৰ্ষৰ মঠ-মন্দিৰ পৰিভ্ৰমণ কৰক: ৰঞ্জিত মিশ্ৰ - Bhupen Bora controversy

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:29 PM IST

Doloi of Bilbeshwar Devalaya reacts to Bhupen Bora's controversial remarks
ভূপেন বৰাৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ক্ষোভিত দলৈ

বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক কটাক্ষ কৰিবলৈ গৈ APCC ৰ সভাপতি ভূপেন বৰাই প্ৰাৰ্থীগৰাকীক বলিৰ পঠাৰ লগত তুলনা কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মঠ-মন্দিৰৰ দলৈ-পৰিচালক । নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ৰ দলৈ তথা অসম দেৱালয় সংঘৰ উপ-সভাপতি ৰঞ্জিত মিশ্ৰই ভূপেন বৰাক মন্দিৰে মন্দিৰে ক্ষমাৰ খোজাৰ দাবী উত্থাপন কৰে ।

ভূপেন বৰাৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ক্ষোভিত দলৈ

নলবাৰী,২ এপ্ৰিল: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সুৰেশ বৰা সন্দৰ্ভত কৰা মন্তব্যক লৈ তোলপাৰ লাগিছে ৰাজ্যৰ মঠ মন্দিৰৰ পৰিচালক তথা দলৈ সমাজৰ মাজত । ভূপেন বৰাই হিন্দু সনাতন সভ্যতাক বাৰে বাৰে তুচ্ছ তাচ্ছিল্য কৰি অহাৰ অভিযোগ অসম দেৱালয় সংঘৰ উপ-সভাপতি তথা নলবাৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰৰ । অসমৰ সকলো মঠ-মন্দিৰত ক্ষমা খোজাৰ দাবী জনায় অসম দেৱালয় সংঘৰ উপ-সভাপতি তথা বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই ।

  • " class="align-text-top noRightClick twitterSection" data="">

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক এইবাৰ উভতি ধৰিলে নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ৰ দলৈ তথা অসম দেৱালয় সংঘৰ উপ-সভাপতি ৰঞ্জিত মিশ্ৰই ৷ মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই নগাঁৱৰ এখন সভাত মঠ-মন্দিৰৰ বলিশালক লৈ বিতৰ্কিত মন্তব্য কৰি বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ বিৰুদ্ধে বিৰূপ মন্তব্য আগবঢ়াইছিল ৷

ইয়াৰ পিচতে বিল্বেশ্বৰ দেৱালয়ৰ দলৈ তথা অসম দেৱালয় সংঘৰ উপ-সভাপতি ৰঞ্জিত মিশ্ৰই ভূপেন বৰাক ক্ষমা খোজাৰ দাবী জনায় ৷ লগতে দলৈ ৰঞ্জিত মিশ্ৰই ভূপেন বৰাক থলুৱা মুছলমানৰ পৰা ধৰ্ম শিকাৰ প্ৰয়োজন আছে বুলি কোৱাই নহয় হিন্দু ধৰ্মৰ পূজা-পাতলৰ নিয়ম শিকক বুলিও কয় ৷ অসমৰ প্ৰতিটো মঠ-মন্দিৰত ক্ষমা খুজিব লাগিব বুলিও কয় দলৈ ৰঞ্জিত মিশ্ৰই ৷

উল্লেখ্য যে, লাহৰীঘাট বিধানসভা সমষ্টিত বিৰোধী ঐক্যৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মাৰাথন প্ৰচাৰত অংশগ্ৰহণ কৰি এই বিতৰ্কিত মন্তব্য কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ কোনো কাৰণতে তুলনা নহয় বুলিও দাবী কৰিছিল ভূপেন বৰাই ।

লগতে পঢ়ক: বলিৰ পঠা সজোৱা হৈছে ন বিজেপি সুৰেশ বৰাক: ভূপেন বৰা - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.