ETV Bharat / state

দীপাংক নাথক বিজেপিৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব - Dipank Nath as BJP state secretary

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 9:04 PM IST

Updated : Mar 23, 2024, 9:14 PM IST

Dipank Nath as BJP state secretary : বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই শনিবাৰে দীপাংক নাথক দলৰ ৰাজ্যিক সম্পাদক হিচাপে নিযুক্তি দিয়ে ৷

Dipank Nath appointed as BJP state secretary
ৰাজ্যিক সম্পাদকৰ দায়িত্ব দীপাংক নাথলৈ

গুৱাহাটী, ২৩ মাৰ্চ : সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহি গেৰুৱা বসন পৰিধান কৰা দীপাংক নাথক বিজেপিৰ ৰাজ্যিক সম্পাদক হিচাপে নিযুক্তি দিয়া হয় । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই শনিবাৰে দীপাংক নাথক দলৰ ৰাজ্যিক সম্পাদক হিচাপে নিযুক্তি দিয়ে । উল্লেখ্য যে ২৮ জানুৱাৰীত আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছিল ।

Dipank Nath appointed as BJP state secretary
ৰাজ্যিক সম্পাদকৰ দায়িত্ব দীপাংক নাথলৈ

ছাত্ৰ ৰাজনীতিৰ যোগেদি সক্ৰিয় ৰাজনীতিলৈ অহা দীপাংক নাথে ২০১৫ চনত আছুৰ সভাপতিৰ দায়িত্ব বহন কৰিছিল । ইয়াৰ পিচত ২০২০ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে আছুৰ সভাপতি হিচাপে দায়িত্ব বহন কৰে । সেই সময়ত কা আন্দোলনেৰে সমগ্ৰ ৰাজ্য উত্তাল হৈ আছিল । আনহাতে সেই সময়ত আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা লুৰীণজ্যোতি গগৈয়ে আছু ত্যাগ কৰি কা ৰ বিৰুদ্ধে ৰাজনৈতিক সংগ্ৰাম গঢ়ি তোলাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদ দল গঠন কৰিছিল । কিন্তু দীপাংক নাথে দ্বিতীয়বাৰৰ আছুৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে । অৱশ্যে আছুৰ সভাপতিৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বেই তেওঁ ২০২২ চনত পদত্যাগ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত আছুৰ জৰুৰী কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাত আছুৰ পৰা অব্যাহতি লয় দীপাংক নাথে । সেই সময়ত দীপাংক নাথৰ আকস্মিক পদত্যাগ সন্দৰ্ভত বহু বিষয় চৰ্চা হৈছিল । ৰাজনীতিলৈ যোৱাৰ কথাও চৰ্চালৈ আহিছিল । অৱশেষত দীপাংক নাথে সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই বিগত ২৮ জানুৱাৰীত বিজেপিত যোগদান কৰিছিল আৰু আজি তেওঁক ৰাজ্যিক সম্পাদক হিচাপে নিযুক্তি দিয়া হয় । লক্ষণীয় বিষয় যে কা ৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰা দীপাংক নাথে বিজেপিত যোগদানৰ কৰাৰ পাচতে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল ।

লগতে পঢ়ক : ছয়গাঁৱৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰত প্ৰাক্তন আছু নেতাৰ ফটো

Last Updated : Mar 23, 2024, 9:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.