ETV Bharat / state

কীটনাশক দ্ৰব্য প্ৰস্তুতকাৰী কোম্পানী প্ৰথমতে বন্ধ কৰাৰ দাবী বিভিন্ন সংগঠনৰ - Small Tea Planters

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:33 PM IST

টাই আহোম যুৱ সন্মিলনৰ সভাপতি বিকাশ কোঁৱৰে
টাই আহোম যুৱ সন্মিলনৰ সভাপতি বিকাশ কোঁৱৰ

Small Tea Planters: ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত বটলিফ ফেক্টৰীসমূহে নোলোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে গোলাঘাটত সৰৱ কেইবাটাও সংগঠন ৷ ৰাজ্যৰ দুই লাখ ক্ষুদ্ৰ চাহ খেতিয়কক যোৰহাট চাহ গবেষণা কেন্দ্ৰই প্ৰমাণপত্ৰ দিব পাৰিবনে বুলি প্ৰশ্ন আটাছুৰ ৷ কীটনাশক দ্ৰব্য প্ৰস্তুতকাৰী কোম্পানীসমূহ প্ৰথমতে বন্ধ কৰাৰ দাবী সংগঠনটোৰ ৷

টাই আহোম যুৱ সন্মিলনৰ সভাপতি বিকাশ কোঁৱৰ

গোলাঘাট, ২ এপ্ৰিল: উজনি অসমৰ বটলিফ ফেক্টৰীসমূহে চাহপাত ক্ৰয় কৰিবলৈ অপাৰগতা প্ৰকাশ কৰাত চিন্তিত হৈ পৰিছে দুই লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়ক । বৃহৎ চাহ গোষ্ঠী আৰু বটলিফ ফেক্টৰীসমূহৰ কৃষক বিৰোধী এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গোলাঘাটত সোঁচ্চাৰ হৈ পৰিছে কেইবাটাও সংগঠন । গোলাঘাট আটাছু কাৰ্যালয়ত আটাছু, টাইপা, চুতীয়া ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে এক যৌথ সংবাদমেলত চৰকাৰে এইক্ষেত্ৰত হস্তক্ষেপ কৰাৰ দাবী জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

সংবাদমেলত সংগঠনকেইটাৰ নেতৃত্বই কয় যে, কেঁচা চাহপাতত কীটনাশক ঔষধ প্ৰয়োগ নকৰাৰ প্ৰমাণপত্ৰ থাকিলেহে চাহপাত ক্ৰয় কৰিব । কিন্তু বৃহৎ চাহ গোষ্ঠীয়ে হঠাৎ এই সিদ্ধান্ত লোৱাত ক্ষুদ্ৰ চাহ খেতিয়কসকল সমস্যাত পৰিছে । এইক্ষেত্ৰত ৰাজ্য চৰকাৰে শীঘ্ৰে বিষয়টো গুৰুত্ব প্ৰদান কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কেঁচা চাহপাতৰ এক মূল্য নিৰ্ধাৰণ কৰাৰ দাবী জনায় ।

টাই আহোম যুৱ সন্মিলনৰ সভাপতি বিকাশ কোঁৱৰে কয় যে অসমৰ বটলিফ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কক চাহপাতত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা কৰা নাই বুলি প্ৰমাণপত্ৰ দিবলৈ কৈছে ৷ কিন্তু এই প্ৰমাণ পত্ৰ ক'ত পাব । বিশেষকৈ অসমত দুই লাখৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে আৰু এই দুই লাখ ক্ষুদ্ৰ চাহ খেতিয়কক যোৰহাট চাহ গবেষণা কেন্দ্ৰই এই প্ৰমাণপত্ৰ দিব পাৰিবনে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । নিবনুৱা সমস্যা দূৰ কৰাৰ লগতে অসমৰ অৰ্থনীতি ব্যৱস্থা টনকিয়াল কৰি ৰখা এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি সমস্যা চৰকাৰক সমাধান কৰি দিবলৈ আহ্বান জনায় টাই আহোম যুৱ সন্মিলনৰ সভাপতি বিকাশ কোঁৱৰে ।

আনফালে কীটনাশক দ্ৰব্য প্ৰস্তুতকাৰী যি কোম্পানী আছে সেই কোম্পানীসমূহ প্ৰথমতে বন্ধ কৰিব লাগে বুলি নেতাগৰাকীয়ে বক্তব্য আগবঢ়ায় । তদুপৰি কোম্পানীসমূহ বন্ধ নকৰি যদি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত এনেদৰে হাৰাশাস্তি কৰি থাকিলে কেনেকৈ হ'ব । লগতে অসমৰ বটলিফ ফেক্টৰী সমূহে চক্ৰান্ত কৰি ক্ষুদ্ৰ চাহ খেতিয়ক সকলক পেটে ভাতে মাৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰক এই পদক্ষেপ গ্ৰহণ কৰি অসমৰ দুই লাখ ক্ষুদ্ৰ চাহ খেতিয়ক উদ্ধাৰ কৰিবলৈ আহ্বান জনায় সংগঠনকেইটাৰ নেতৃত্বই ৷

লগতে পঢ়ক: ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত পহিলা এপ্ৰিলৰ পৰা কলঘৰত নোলোৱাৰ সিদ্ধান্তৰ বিৰোধিতা - Protest Of Small Tea Planters

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.