ETV Bharat / state

পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আছুৰ

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 11:05 AM IST

CAA Protests In Assam : ডিব্ৰুগড়ৰ কেইবাটাও স্থানত কা আন্দোলনৰ পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি আছুৰ লগতে ৩০ টা জাতীয় দল- সংগঠনৰ ৷ পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে আছুৱে ৷

পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আছুৰ
পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আছুৰ

পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আছুৰ

ডিব্ৰুগড়, ৯ মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি পুনৰ নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাৰ্চ মাহৰ পৰা সমগ্ৰ দেশত কা বলৱৎ হ'ব বুলি ঘোষণা কৰাৰ পিচত ৰাজ্যত মূৰ দাঙি উঠিছে কা বিৰোধী প্ৰতিবাদ ।

নাগৰিকত্ব সংশোধনী আইন কেতিয়াও মানি লোৱা নহ'ব বুলি ইতিমধ্যেই ঘোষণা কৰিছে বহু দল-সংগঠনে । ইয়াৰ মাজতে শুকুৰবাৰে কা আন্দোলনৰ পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি আছুৰ লগতে ৩০ টা জাতীয় দল- সংগঠনে । লাহোৱালৰ সূবৰ্ণতৰা প্ৰেক্ষাগৃহত "কা" আন্দোলনত শ্বহীদ হোৱা পাঁচজন যুৱ শ্বহীদক স্মৰণ আছুৰ লগতে ৩০ টা জাতীয় দল- সংগঠনৰ ।

ইয়াৰ সমান্তৰালভাৱে টেঙাখাত, মৰাণ, টিংখাং, নাহৰকটীয়া, দুলীয়াজানত পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ছাত্ৰ সন্থাৰ লগতে জাতীয় দল-সংগঠনে । প্ৰবল প্ৰতিবাদক আওকাণ কৰি জাতিধ্বংসী আইনখন বলৱৎ কৰিলে ইয়াৰ পৰিণাম চৰকাৰে ভুগিবই লাগিব বুলি আছুৰ লগতে ৩০ টা দল-সংগঠনৰ নেতৃবৃন্দই সকীয়াই দিয়ে ।

সদৌ অসম ছাত্ৰ সন্থাই জনোৱা আহ্বানমৰ্মে ডিব্ৰুগড়ৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই কা আন্দোলনৰ শ্বহীদৰ স্মৰণত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰে । পাঁচজনকৈ শ্বহীদ যুৱকৰ বলিদান অথলে যাব দিয়া নহ'ব বুলি হুংকাৰ দি বিজেপি চৰকাৰখনে 'কা' ক লৈ যি লেতেৰা ৰাজনীতি কৰি আছে, সেয়া শীঘ্ৰে বন্ধ হ'ব লাগিব বুলি হুংকাৰ প্ৰদান কৰে ।

কা সন্দৰ্ভত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দল সংগঠনক উচ্চতম নিয়্যালয়ৰ দ্বাৰস্থ হোৱাৰ যি পৰামৰ্শ দিছে তাক নস্যাৎ কৰি আছু নেতাসকলে কয় যে ৰাজপথৰ আন্দোলন আৰু আইনী যুঁজ সমান্তৰালকৈ আছুৱে চলাই নিব । ডিজিপি জি পি সিঙে যিমানেই ভয় ভাবুকি দাবী ধমকি নিদিয়ক কিয় আছু কৰ্মীৰ কা সন্দৰ্ভত নিজৰ স্থিতিৰ পৰা তিলমানো অলৰ অচৰ নহয় বুলি আছুৱে স্পষ্ট কৰি দিয়ে ।

লগতে পড়ক : কা আন্দোলনৰ শ্বহীদৰ আত্মাৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱালে যুঁজ দিব লাগিব : লুৰীণজ্যোতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.