ETV Bharat / state

লখিমপুৰত হ্ৰাস ধানৰ উৎপাদন, বৃদ্ধি ছন পৰা ভূমিৰ পৰিমাণ

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 3:10 PM IST

Paddy production decrease
লখিমপুৰত হ্ৰাস ধানৰ উৎপাদন

Paddy production decrease: লখিমীৰে ভৰপূৰ বাবেই লখিমপুৰ নাম হ'ল বুলি প্ৰবাদ আছে । কিন্তু সেই লখিমপুৰ জিলাতে এতিয়া বছৰি উদ্বেগজনকভাৱে হ্ৰাস পাইছে ধানৰ উৎপাদন । আনহাতে জিলাখনত বৃদ্ধি পাইছে ছন পৰা ভূমিৰ পৰিমাণ ।

লখিমপুৰত হ্ৰাস ধানৰ উৎপাদন

লখিমপুৰ,২৫ ফেব্ৰুৱাৰী: লখিমপুৰ জিলাত লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছে ধানৰ উৎপাদন ৷ ইয়াৰ বিপৰীতে ছন পৰা ভূমিৰ পৰিমাণো বৃদ্ধি হৈছে । এইবাৰো ছন পৰি ৰ'ল প্ৰায় ১৫ হাজাৰ হেক্টৰ ভূমি । জিলা কৃষি বিভাগৰ তথ্যত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য ৷ লখিমপুৰ জিলাত প্ৰায় ১৫ হাজাৰ পৰিয়াল কৃষিকৰ্মৰ পৰা বিৰত থকাৰ বাবে এনে উৎপাদন হ্ৰাস হোৱা বুলি ধাৰণা কৰা হৈছে ৷

উল্লেখ্য যে লখিমপুৰত ১,৪৮,৮৫০ টা কৃষক পৰিয়াল আছে ৷ তথ্য মতে দুবছৰ মানৰ পৰা ইয়াৰে প্ৰায় ১৫ হাজাৰ পৰিয়ালে কৃষিকৰ্ম বাদ দিছে ৷ আনহাতে লখিমপুৰ জিলাৰ মুঠ ২,২৭,৭০০ হেক্টৰ ভূমিৰ ভিতৰত কৃষি ভূমি আছে ১,৪৭,১৬২ হেক্টৰ ৷ কিন্তু বৰ্তমান জিলাখনত ১,৩২,৭১১,১৫ হেক্টৰ ভূমিত হে কৃষি কৰ্ম কৰা হৈছে ৷ বাকী প্ৰায় ১৫,০০০ হেক্টৰ কৃষি ভূমি ছন পৰি ৰৈছে ৷

ইফালে লখিমপুৰত দিনক দিনে কৃষকৰ সংখ্যা হ্ৰাস পাইছে ৷ কৃষি কৰ্ম কৰা লোকৰ সংখ্যা কমিছে যদিও জিলাখনত সম্ভাব্য কৃষি কৰ্মৰ গুৰুত্ব আছে ৷ জিলাখনৰ এনে উদ্বেগজনক পৰিস্থিতিৰ কাৰণ হিচাপে চৰকাৰে প্ৰৱৰ্তন কৰা হিতাধিকাৰী আঁচনি বুলি ধাৰণা কৰা হৈছে ৷ একাংশ কৃষকে পি এম কৃষাণ বা কৃষক সমৃদ্ধি যোজনাত লাভ কৰা ধন হিতাধিকাৰীয়ে প্ৰকৃতাৰ্থত খৰছ নকৰে ৷

আনহাতে চৰকাৰৰ বিনামূলীয়া চাউলৰ ফলত কৃষি কৰ্মৰ প্ৰতি পৰিয়ালবোৰৰ ধাউতি কমিছে । আনহাতে বহি:ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গঢ় লৈ উঠা মানসিকতাই এই ক্ষেত্ৰত প্ৰভাৱ পেলাইছে বুলি অনুমান কৰা হৈছে । ফলত চলিত বৰ্ষত লখিমপুৰত ধানৰ উৎপাদন হ্ৰাস হৈছে ৷ ২০২২-২৩ বৰ্ষৰ তুলনাত এইবাৰ লখিমপুৰত প্ৰায় ৪ হাজাৰ মেট্ৰিকটন ধানৰ উৎপাদন হ্ৰাস হৈছে ৷

২০২২-২৩ বৰ্ষত লখিমপুৰত ধানৰ উৎপাদন হৈছিল ২,৪৪,১৪৮ মেট্ৰিকটন ৷ পিছে ২০২৩-২৪ বৰ্ষত এই পৰিসংখ্যা ২,৪১,৪৯৫ মেট্ৰিকটনলৈ হ্ৰাস হ'ল ৷ কেৱল লখিমপুৰ কৃষি সংমণ্ডলতে ১,২১০ হেক্টৰ কৃষি ভূমি ছন পৰি ৰ'ল । নৱ প্ৰজন্মক কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ শ্ল'গানবোৰ জনপ্ৰতিনিধিসকলে দি থাকে যদিও বাস্তৱসন্মতভাৱে তেওঁলোকক সঠিক পথ নিৰ্দেশনা নিদিয়াৰ ফলতে কৃষি ক্ষেত্রখনত এনে উদ্বেগজনক ছবি প্ৰকাশ পাইছে । এই ক্ষেত্ৰত সঠিক পৰিকল্পনাৰ অভাৱ হ'লে কৃষি ক্ষেত্ৰৰ নিয়োগ সম্ভাৱনা মৰহি যোৱাৰ সম্ভাৱনাই অধিক ।

এনে পৰিস্থিতিত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাক তীব্ৰ সমালোচনা কৰিছে লখিমপুৰৰ বিভিন্ন সংগঠনে । বিফলতাৰ কথা স্বীকাৰ কৰি অতুল বৰাক বিভাগটোৰ পৰা অপসাৰণ কৰাৰ দাবী জনাইছে অসমীয়া যুৱ মঞ্চই । মঞ্চৰ নেতৃত্বই হিতাধিকাৰী সৃষ্টি কৰাৰ সমানে কৃষি ক্ষেত্রত নৱপ্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ আঁচনি ল'বলৈও মুখ্যমন্ত্রীক আহ্বান জনাইছে ।

লগতে পঢ়ক :খহনীয়া প্ৰতিৰোধ, ডিব্ৰুগড়ত ৭৫ কোটি টকীয়া প্ৰকল্পৰ শুভাৰম্ভ প্ৰশান্ত ফুকনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.