ETV Bharat / state

চৰকাৰী চিকিৎসালয়ৰ মৰণোত্তৰ কোঠাত মৃতদেহক ধৰ্ষণ ! - Deceased Girl Allegedly Raped

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 10:33 PM IST

Updated : Apr 9, 2024, 1:58 PM IST

Deceased Girl Allegedly Raped: কৰিমগঞ্জৰ চৰকাৰী চিকিৎসালয়ত নৃশংস ঘটনা ৷ চিকিৎসালয়ৰ শৱগৃহত কিশোৰীৰ মৃতদেহক ধৰ্ষণৰ অভিযোগ ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতেই সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

Deceased Girl Allegedly Raped
চৰকাৰী চিকিৎসালয়ৰ মৰণোত্তৰ কোঠাত মৃতদেহক ধৰ্ষণ !

চৰকাৰী চিকিৎসালয়ৰ মৰণোত্তৰ কোঠাত মৃতদেহক ধৰ্ষণ !

কৰিমগঞ্জ, ৮ এপ্ৰিল: কৰিমগঞ্জৰ চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা । চিকিৎসালয়খনৰ শৱগৃহত এগৰাকী কিশোৰীৰ মৃতদেহক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে । চিকিৎসালয় কৰ্তৃপক্ষই এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু এজন লোকক আটক কৰে ৷

জানিব পৰা মতে, কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তৰ্গত ছাগলমোৱা গাঁৱৰ ৰাহেনা বেগম নামৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে শুকুৰবাৰে আত্মহত্যা কৰে । এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু নিশাৰ ভাগত কৰিমগঞ্জৰ অসামৰিক চিকিৎসালয়ৰ শৱগৃহলৈ প্ৰেৰণ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

পিচদিনা অৰ্থাৎ শনিবাৰে চিকিৎসকে কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে আহি তেওঁৰ শৰীৰ বিভিন্ন অংশৰ লগতে গোপন অংগত ক্ষত-বিক্ষত চিহ্ন প্ৰত্যক্ষ কৰে । লগে লগে আৰক্ষীক এই বিষয়ে অৱগত কৰা হয় ৷ ইয়াৰ পাচতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু শৱগৃহৰ দায়িত্বত থকা লোকজনৰ ভাতৃক আটক কৰি থানালৈ লৈ যায় । ইফালে কিশোৰীগৰাকীৰ মৃতদেহ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

আৰক্ষীয়ে আটক কৰা লোকজন অঞ্জু ৰবিদাস বুলি জানিব পৰা হৈছে ৷ আৰক্ষীক জেৰাত অঞ্জু ৰবিদাসে সকলো কথা স্বীকাৰ কৰে বুলি বাজাৰিছড়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিয়ে ৷ ইফালে এই জঘন্য ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক: আত্মৰক্ষা ! ধৰ্ষণকাৰীৰ গুপ্তাংগ কাটিলে ভুক্তভোগীয়ে - WOMAN CUTS OFF GENITALS OF MAN

Last Updated : Apr 9, 2024, 1:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.