ETV Bharat / state

খেল মহাৰণত অনুৰ্দ্ধ ১৯ বছৰৰ ছোৱালী ফুটবল দলৰ খেলুৱৈৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 9:48 PM IST

Updated : Mar 3, 2024, 10:08 PM IST

Assam Khel Maharan : ফুটবল দলৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ ৷ অনুৰ্দ্ধ ১৯ বছৰৰ ছোৱালী ফুটবল দলৰ খেলুৱৈক লৈ এই অভিযোগ ৷

Assam Khel Maharan
খেল মহাৰণত বিতৰ্ক

ফুটবল দলৰ খেলুৱৈৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ

কলিয়াবৰ, 3 মাৰ্চ : চলি আছে অসম খেল মহাৰণৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ ৷ ইয়াৰ মাজতে খেল মহাৰণৰ ফুটবল প্ৰতিযোগিতাত বয়স ফাঁকি দিয়াৰ অভিযোগ উঠিছে ৷ অনুৰ্দ্ধ 19 বছৰৰ ছোৱালী ফুটবল দলৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷

জানিব পৰা মতে অনুৰ্দ্ধ 19 বছৰ ছোৱালী ফুটবল শাখাত কলিয়াবৰ ফুটবল দলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ চূড়ান্ত খেলত খেলত বিপক্ষ দলৰ তিনিগৰাকী খেলুৱৈৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ অনিছিল ৷ নগাঁৱত অনুষ্ঠিত খেলত সেই সময়ত জিলা ক্ৰীড়া বিভাগে কলিয়াবৰ দলক জনাইছিল যে ৰাজ্যিক পৰ্যায়ৰ খেলৰ সময়ত তেওঁলোকৰ বয়সৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰি তেওঁলোকক জিলা দলত স্থান দিয়া নহ’ব ৷ কিন্তু সেই সময়ৰ প্ৰতিশ্ৰুতি ক্ৰীড়া বিভাগে গুৰুত্ব নিদি বয়স ফাঁকিৰ অভিযুক্ত খেলুৱৈক নগাঁও দলত অন্তৰ্ভূক্ত কৰিছে বুলি অভিযোগ তুলিছে কলিয়াবৰৰ ক্ৰীড়া সংগঠক গৌতম খাউন্দে ৷

ক্ৰীড়া সংগঠকগৰাকীয়ে লগতে কয় যে, অসম চৰকাৰে যি উদ্দেশ্যৰে খেল মহাৰণৰ আয়োজন কৰিছিল, সেই উদ্দেশ্য এনে কাৰ্যই বিঘিনি ঘটাইছে ৷ এনে কাৰ্যৰ ফলত প্ৰতিভাশালী খেলুৱৈসকল বঞ্চিত হ’বলগা হোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে তেওঁ ৷ লগতে অভিযুক্ত খেলুৱৈৰ আধাৰ কাৰ্ড বা জন্মৰ প্ৰমাণ পত্ৰৰ কোনো পৰীক্ষা নকৰাকৈয়ে খেলুৱৈক অন্তৰ্ভূক্ত কৰাত ক্ষোভ প্ৰকাশ তেওঁ ৷

উল্লেখযোগ্য যে, খেল মহাৰণৰ ৰাজ্যিক পৰ্যায়ৰ এথলেটিক্‌ছ প্ৰতিযোগিতাৰ সামৰণি পৰিছে ৷ ইয়াৰ পিচতে দলীয় খেলসমূহ যেনে- ভলীবল, ফুটবল, খো-খো প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব ৷ বয়সৰ ভিত্তিত তিনিটা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে খেল মহাৰণত ৷ কিন্তু কিছু কিছু ঠাইত এই প্ৰতিযোগিতাত বয়সৰ খেলি মেলি হোৱা বুলি এতিয়া অভিযোগ উঠিছে ৷


লগতে পঢ়ক : শিৱসাগৰত শিক্ষা বিভাগৰ আজৱকাণ্ড: এদিনতে সম্পন্ন কৰিব লাগিব ১২০০ বিদ্যালয়ৰ হিচাপ

Last Updated : Mar 3, 2024, 10:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.