ETV Bharat / state

গুৰু দুজনাক অৱহেলা কৰা চৰকাৰ এখন লাভ কৰাটো দুর্ভাগ্যজনক : কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 8:08 PM IST

Congress demand reintroduction of Sankardeva Award : ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ কুইক ৰেচপন্স টিমে সংবাদমেল সম্বোধন কৰি বীৰ চিলাৰায় দিৱসৰ দিনা বন্ধ হৈ থকা বঁটা প্ৰৱৰ্তনৰ দাবী জনায় । দাবী জনোৱা হৈছে শংকৰদেৱ আৰু মাধৱদেৱ বঁটা পুনৰ প্ৰৱৰ্তনৰ । জাতি, মাটি, ভেটিৰ কথা কোৱা বিজেপি চৰকাৰখনৰ জাতিপ্ৰেমৰ ফোপোলা স্বৰূপ গোপন কথা হৈ থকা নাই । মহাপুৰুষ দুজনাৰ নামত প্ৰদান কৰি অহা বঁটা নিয়মীয়াকৈ দি অহাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে দেখুওৱা অনীহা বিজেপি চৰকাৰৰ ।

Pradesh Congress press conference
প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী: বন্ধ হৈ থকা বীৰ চিলাৰায় বঁটা পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে চৰকাৰক দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে । আজি বীৰ চিলাৰায় দিৱসৰ দিনা গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ কুইক ৰেচপন্স টিম তথা দ্ৰুত সঁহাৰি দলে এই দাবী উত্থাপন কৰে । লগতে গুৰু দুজনাৰ নামত থকা বঁটা পুনৰ প্ৰৱৰ্তন কৰাৰো দাবী জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই সংবাদমেলখনত দ্ৰুত সঁহাৰি দলৰ হৈ বিধায়ক ভৰত নৰহে কয় যে বীৰ চিলাৰায়ে অসমীয়া জাতিৰ গুৰু শংকৰদেৱক অসমৰ সাহিত্য, কলা-সংস্কৃতি আৰু ধৰ্ম প্ৰচাৰৰ কাৰণে এক অনবদ্য সহযোগ আগবঢ়াছিল । যাৰ ফলত আজি লুইতৰ দুয়ো পাৰে লগতে বৰাক উপত্যকাকো সামৰি অসমীয়া সংস্কৃতিৰ বিৰাজমান হৈ আছে । সেয়েহে প্রদেশ কংগ্ৰেছৰ প্ৰতিজন সদস্যই আজি এই বীৰ চিলাৰায় দিৱসৰ পৱিত্ৰ ক্ষণত বন্ধ হৈ থকা বীৰ চিলাৰায় বঁটা পুনৰ প্ৰদান কৰিবৰ বাবে দাবী জনোৱা বুলি তেওঁ কয় । তেওঁ লগতে বিগত কেইবা বছৰ ধৰি বন্ধ হৈ থকা শংকৰদেৱ আৰু মাধৱদেৱ বঁটা প্ৰদান কৰিবৰ বাবেও চৰকাৰক দাবী জনায় ।

জাতি, মাটি, ভেটিৰ কথা কোৱা বিজেপি চৰকাৰখনৰ জাতিপ্ৰেমৰ ফোপোলা স্বৰূপ আজি আৰু কোনো গোপন কথা হৈ থকা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে অসমীয়া জাতীয় জীৱনৰ নমস্য মহাপুৰুষ দুজনাৰ নামত প্ৰদান কৰি অহা বঁটা নিয়মীয়াকৈ প্ৰদান কৰি অহাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে দেখুওৱা অনীহাই এয়া স্পষ্ট কৰি তুলিছে । তেওঁ কয় যে ১৯৮৬ চনত তদানীন্তন প্রফুল্ল কুমাৰ মহন্ত চৰকাৰে শংকৰদেৱ বঁটা প্ৰৱৰ্তন কৰিছিল । তেতিয়াৰে পৰা জাতি, মাটি, ভেটিৰ কথা কোৱা চৰকাৰখন অহালৈকে প্ৰতি বছৰেই এই বঁটা নিয়মীয়াকৈ দি অহা হৈছিল । অগপ চৰকাৰৰ পাছত কংগ্ৰেছ চৰকাৰেও গুৰুজনাৰ নামত প্ৰৱৰ্তন কৰা বঁটা প্ৰদানত হীনদেড়ি কৰাৰ কথা ভাবিবই পৰা নাছিল । পিছে জাতিপ্ৰেমীৰ বচন আওৰাই থকা বিজেপি চৰকাৰ শাসনলৈ আহিয়েই উক্ত বঁটা বছৰি দিয়াৰ পৰিৱৰ্তে তিনি বছৰৰ মূৰে মূৰে দিবলৈ সিদ্ধান্ত লয় ।

বিধায়ক ভৰত নৰহে পুনৰ কয় যে শেষবাৰৰ বাবে এই বঁটা ২০২০ চনত ভৱপ্ৰসাদ চলিহাক প্ৰদান কৰা হৈছিল । তাৰ পিছত ২০২০ চনৰ পৰা আজিৰ তাৰিখলৈ তিনি বছৰ উকলি যোৱাৰ পিছতো শংকৰদেৱ বঁটা প্ৰদানৰ কোনো লক্ষণ দেখিবলৈ পোৱা হোৱা নাই । আনহাতে, মাধৱদেৱ বঁটাৰ ক্ষেত্ৰতো চৰকাৰে একেই অমনোযোগ স্পষ্ট হৈ পৰিছে । ২০০৫ চনৰ পৰা মাধৱদেৱ বঁটা সদিচ্ছা নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা প্ৰদান কৰি অহা হৈছিল । পৰৱৰ্তী সময়ত ২০১০ চনত এই বঁটা চৰকাৰীভাৱে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিল । তৰুণ গগৈ চৰকাৰে নিয়মীয়াকৈ এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছিল । কিন্তু মহাপুৰুষ শংকৰদেৱক 'বাবা শংকৰদেউজী' বুলিবলৈ সংকোচ নকৰা বিজেপি চৰকাৰখনে মহাপুৰুষ দুজনাৰ নামত উৎসর্গিত বঁটা প্ৰদান কৰিবলৈকো পাহৰি থাকিল বুলি তেওঁ কয় ।

বিধায়ক ভৰত নৰহে ক্ষোভেৰে কয় যে গুৰু দুজনাৰ নামত প্ৰৱৰ্তিত বঁটা নিয়মীয়াকৈ প্ৰদানৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে এতিয়াৰ চৰকাৰখনে নতুন নামেৰে বঁটা দিয়াত গুৰুত্ব দিবলৈ লৈছে । এয়া হৈছে গুৰু দুজনাৰ প্ৰতি কৰা চৰম অপমান বুলি সদৰি কৰি তেওঁ কয় যে মহাপুৰুষ দুজনাক দেখদেখকৈ অৱহেলা কৰি অহা চৰকাৰ এখন লাভ কৰাতো আচলতে অসমীয়া জাতিটোৰ বাবেই দুর্ভাগ্যজনক। সংবাদমেলত বিধায়িকা শিৱামণি বৰা, প্ৰাক্তন মন্ত্রী প্ৰণতি ফুকনকে ধৰি প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:তিনিটা লোকসভা সমষ্টিত এতিয়াও আঁকোৰগোজ আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.